কিয় ভাগ্যশ্ৰীয়ে আঁতৰি গৈছিল ছবি জগতৰ পৰা, নিজেই ক’লে সকলো…

| Edited By: Barasha Misra

Oct 31, 2025 | 9:14 PM

বলীউডত মুহূৰ্ততে যদি কোনো হিৰো হয়, কোনোৱে আকৌ মুহূৰ্ততে জিৰো হৈ পৰে। বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিল ভাগ্যশ্ৰী। কিন্তু দীৰ্ঘ সময়ৰ বাবে তেওঁ ছবি জগতৰ পৰা আঁতৰি ফুৰিছিল।

বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী ভাগ্যশ্ৰী। এটা সময়ত তেওঁ লাখ লাখ অনুৰাগীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু হঠাতে তেওঁ বলীউডৰ পৰা আঁতৰি গৈছিল। বলীউডৰ পৰা আঁতৰি যোৱাটো সাধাৰণ কথা। কিয়নো বলীউডত আজি যদি কোনো হিৰো হয় তেন্তে কাইলৈ জিৰো। কাৰ ভাগ্য কেতিয়া সলনি হয় কোনোৱে ক’ব নোৱাৰে।

পিছ ভাগ্যশ্ৰীয়ে কিয় ত্যাগ কৰিছিল বলীউড? এবাৰ এই সন্দৰ্ভত তেওঁ মত প্ৰকাশ কৰি কৈছিল যে এক বিশেষ কাৰণৰ বাবে তেওঁ বলীউড ত্যাগ কৰিছিল। সেই সময়ত তেওঁৰ স্বাস্থ্য অতি বেয়া আছিল।

অৱশ্যে কিছুবছৰ পূৰ্বে পুনৰ এবাৰ ভাগ্যশ্ৰীক স্ক্ৰীণত দেখা গৈছিল। প্ৰভাসৰ ৰাধে শ্যাম নামৰ ছবিখনত অভিনয় কৰিছিল তেওঁ। প্ৰভাসৰ মাতৃ হৈছিল ভাগ্যশ্ৰী। উল্লেখ্য যে, ভাগ্যশ্ৰীৰ পুত্ৰও প্ৰৱেশ কৰিছে বলীউডত।