Assam News Updates: নূপুৰ বৰাৰ ঘৰত অভিযানৰ পৰা ক্ৰিকেট বিতৰ্কলৈ দিনটোৰ শীৰ্ষ খবৰ

Sep 15, 2025 | 9:29 PM

আজি ১৫ ছেপ্টেম্বৰ, সোমবাৰ। আজি বহু কেইটা গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। পলকতে চাওক দেশ-বিদেশৰ ৯ টা শীৰ্ষ খবৰ।

মহানগৰীৰ মালিগাঁৱৰ গোটানগৰত চিএম ভিজিলেন্সৰ অভিযান। গৰৈমাৰীৰ ৰাজহচক্ৰ বিষয়া নুপুৰ বৰাৰ ফ্লেটত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অভিযান চলাই বহু পৰিমাণৰ নগদ ধন, লাখ লাখ টকাৰ সোণৰ আ-অলংকাৰ জব্দ কৰে। নুপুৰ বৰাৰ ঘৰৰ পৰা নগদ ৯২ লাখ ৫০ হাজাৰ টকাৰ লগতে বহু পৰিমাণৰ সোণৰ আ-অলংকাৰ জব্দ কৰা হৈছে। কাৰ্বিআংলঙত তখা সময়তে সংঘটিত হোৱা এক অনিয়ম সন্দৰ্ভত অভিযান চলায় চি এম ভিজিলেন্সে।

গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ ঘটনা। ৰূপনগৰ অঞ্চলত পাহাৰৰ পৰা শিল খহি পৰাৰ ফলত আৱদ্ধ হৈ পৰে এগৰাকী মহিলা। বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই মহিলাগৰাকীক। স্থানীয় লোকে মহিলাগৰাকীৰ মৃত্যু ঘটিব পাৰে বুলি সন্দেহ কৰিছে। মহিলাগৰাকীৰ নাম ৰীণা ডেকা। বৰ্তমানেও মহিলাগৰাকীক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান।

ইয়াৰ লগতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…