এনে হ’ব নেকি iPhone 16ৰ ডিজাইন! সামাজিক মাধ্যমত ভাইৰেল ছবিক লৈ চলিছে চৰ্চা
চলিত বৰ্ষৰে ছেপ্টেম্বৰ মাহত বজাৰত মুকলি হ’ব Apple iPhone 16 মোবাইল। এই নতুন মোবাইলটোৰ প্ৰতি একাংশ লোকৰ মাজত থকা আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। এনে উৎকণ্ঠাৰ মাজতে মোবাইলটোৰ মুকলিৰ এমাহ পূৰ্বেই শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে iPhone 16ৰ এখন ছবি।
বিশ্বৰ অন্যতম ব্যয়বহুল মোবাইল নিৰ্মাতা কোম্পানী এপ’ল (Apple)ৰ বিশ্বজুৰি আছে বিশেষ খ্যাতি। Appleৰ মোবাইল ছিৰিজ iPhoneৰ জনপ্ৰিয়তা স্বাভাৱিকতেই সকলোৰে জ্ঞাত। এই মোবাইলৰ দৰ অধিক হ’লেও অধিকাংশ লোকৰে থাকে Apple iPhoneৰ প্ৰতি থাকে এক বিশেষ টান। ইতিপূৰ্বে কোম্পানীটোৱে বজাৰত iPhone 15 মুকলি কৰিছিল আৰু এই মোবাইলটোৱে আশা কৰা দৰেই গ্ৰাহকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল। iPhone 15ৰ বাণিজ্যিক সফলতাৰ পিছত এইবাৰ এপ’লে এই ছিৰিজৰ নতুন সংস্কৰণ iPhone 16 বজাৰত মুকলি কৰিবলৈ সাজু হৈছে।
প্ৰকাশিত খবৰ অনুসৰি চলিত বৰ্ষৰে ছেপ্টেম্বৰ মাহত বজাৰত মুকলি হ’ব Apple iPhone 16 মোবাইল। এই নতুন মোবাইলটোৰ প্ৰতি একাংশ লোকৰ মাজত থকা আকৰ্ষণ দেখিবলৈ পোৱা গৈছে। এনে উৎকণ্ঠাৰ মাজতে মোবাইলটোৰ মুকলিৰ এমাহ পূৰ্বেই শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে iPhone 16ৰ এখন ছবি।
Reddit যোগে এজন ব্যক্তিয়ে iPhone 16ৰ এখন ছবি প্ৰকাশ কৰিছে। এই ছবিখনত নতুন স্মাৰ্টফোনটোৰ ডিজাইন স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। Reddit ত kaxeno5 নামৰ এটা একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে এই ফটোখন। একাউণ্টোৰ পৰা এই ছবিখনক এপলৰ আগন্তুক স্মাৰ্টফোনৰ ছবি বুলি দাবী কৰা কৰা হৈছে।
শ্বেয়াৰ কৰা এই পোষ্টটোত মোবাইলটো দুটা পৃথক ৰঙত দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও কেমেৰাৰ বাবে বিশেষভাৱে জনপ্ৰিয় iPhone মোবাইলৰ এই নতুন সংস্কৰণটোৰ কেমেৰাৰ ডিজাইনৰো এক আভাস পোৱা গৈছে ছবিখনত। ভাইৰেল ছবিখনৰ মতে iPhone 16 ক’লা আৰু বগা ৰঙত উপলব্ধ হ’ব। ছবিখনত ফোনটোৰ পিছফালে উলম্বভাৱে ডুৱেল কেমেৰা ইউনিট দেখা গৈছে।
ইয়াৰ উপৰিও ছবিখনত থকাৰ দৰেই যদি হয়, তেতিয়া iPhone 16 মূল কেমেৰা মডিউলৰ পৰা ফ্লেছ লাইট আঁতৰোৱা হৈছে। ক’লা আৰু বগা ৰঙৰ উপৰিও iPhone 16 নীলা, সেউজীয়া আৰু গুলপীয়া ৰঙতো উপলব্ধ হ’ব বুলি চৰ্চা চলিছে। প্ৰকাশিত খবৰ অনুসৰি ফোনটোত ৬.১ ইঞ্চিৰ OLED ডিছপ্লে থাকিব পাৰে।