Women’s World Cup 2025 Prize Money: বিশ্বকাপ জিনিলেই ধনৰ বৰষুণ! আইচিচিৰ লগতে বিচিচিআইৰ কোষাগাৰৰ পৰাও আহিব ইমান ধন
ভাৰতীয় দলে বিশ্বকাপৰ খিতাপত চুম্বন দিলে আইচিচিৰ পুৰস্কাৰৰ লগতে বিচিচিআইৰ পৰাও বৃহৎ পৰিমাণৰ ধন উপহাৰ ৰূপে লাভ কৰিব। পিছে আইচিচিয়ে বিশ্বকাপৰ পুৰস্কাৰ হিচাপে কিমান ধন আগবঢ়াব জানেনে? বা বিচিচিআইৰ পৰা ভাৰতীয় দলে কিমান পৰিমাণৰ ধন লাভ কৰিব!
আজি অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত মহিলা বিশ্বকাপৰ ফাইনেল। খিতাপ যুঁজত আজি মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। দুয়োটা দলেই প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয়ৰ লক্ষ্যৰে আজি অৱতীৰ্ণ অৱতীৰ্ণ হ’ব। এফালে খিতাপ জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰাৰ সমান্তৰালকৈ দুয়োটা দলৰ হাতত এতিয়া বৃহৎ পৰিমাণৰ ধন পুৰস্কাৰ হিচাপে লাভ কৰাৰো সুযোগ। আইচিচিৰ পৰা এইবাৰ মহিলা বিশ্বকাপৰ বিজয়ী দলে লাভ কৰিব অভিলেখ সংখ্যক পুৰস্কাৰ।
ইফালে ভাৰতীয় দলে বিশ্বকাপৰ খিতাপত চুম্বন দিলে আইচিচিৰ পুৰস্কাৰৰ লগতে বিচিচিআইৰ পৰাও বৃহৎ পৰিমাণৰ ধন উপহাৰ ৰূপে লাভ কৰিব। পিছে আইচিচিয়ে বিশ্বকাপৰ পুৰস্কাৰ হিচাপে কিমান ধন আগবঢ়াব জানেনে? বা বিচিচিআইৰ পৰা ভাৰতীয় দলে কিমান পৰিমাণৰ ধন লাভ কৰিব!
অভিলেখ সংখ্যক পুৰস্কাৰ ধন
চলিত বিশ্বকাপত ইতিমধ্যে দেখা গৈছে বহু অভিলেখ। বেট–বলৰ এই ক্ৰিকেটীয় অভিলেখৰ সমান্তৰালকৈ এতিয়া পুৰস্কাৰৰ ক্ষেত্ৰতো এইবাৰৰ বিশ্বকাপে অভিলেখ সৃষ্টি কৰিব। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বেই আইচিচিৰ অধ্যক্ষ জয় শ্বাহে অভিলেখ পৰিমাণৰ পুৰস্কাৰৰ ধন ঘোষণা কৰিছিল। এই ধনৰাশি পুৰুষ বিশ্বকাপৰ পুৰস্কাৰতকৈও অধিক হ’ব।
প্ৰতিযোগতাৰ এই সংস্কৰণত বিজয়ী দলটোৱে লাভ কৰিব ৪.৪৮ মিলিয়ন ডলাৰ, অৰ্থাৎ প্ৰায় ৪০ কোটি টকা। ইয়াৰ বিপৰীতে ২০২৩ চনত ভাৰতত অনুষ্ঠিত হোৱা পুৰুষ বিশ্বকাপত চেম্পিয়ন দলটোৱে লাভ কৰিছিল ৪ মিলিয়ন ডলাৰ। ইফালে ৰানাৰ্ছ আপ দলে লাভ কৰিব ২.২৪ মিলিয়ন ডলাৰ, অৰ্থাৎ প্ৰায় ২০ কোটি টকা।
আইচিচিতকৈও অধিক ধন দিব বিচিচিআইয়ে!
এই ধনৰাশিৰ লগতে ভাৰতীয় দলে বিশ্বকাপ জয় কৰিলে বিচিচিআইৰ পৰা আইচিচিৰ পুৰস্কাৰতকৈ কেইবাগুণ অধিক ধন লাভ কৰিব পাৰে। এক প্ৰতিবেদন অনুসৰি ভাৰতীয় দলে বিশ্বকাপ জয় কৰিলে ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় পুৰুষ দলক ব’ৰ্ডে প্ৰদান কৰা সম পৰিমাণৰ ধন লাভ কৰিব।
উল্লেখ্য যে ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পিছত ৰোহিত শৰ্মা নেতৃত্বাধীন ভাৰতীয় পুৰুষ দলক বিচিচিআইয়ে ১২৫ কোটি টকাৰে পুৰস্কৃত কৰিছিল। এতিয়া দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি আজি ভাৰতীয় দলে খিতাপ তুলি ল’ব পাৰিলে ব’ৰ্ডৰ পৰা এই পৰিমাণৰ ধনকে লাভ কৰিব পাৰে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।