সুস্থ হৈছেনে শ্ৰেয়স আয়াৰ? ছিডনীৰ পৰা ভাৰতীয় ক্ৰিকেট অনুৰাগীলৈ আহিল এনে খবৰ

আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে আয়াৰক ভৰ্তি কৰা হৈছিল আই চি ইউত। এনে খবৰে স্বাভাৱিকতেই উদ্বিগ্ন কৰি তুলিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীক। সেয়ে প্ৰতি মুহূৰ্তত আয়াৰৰ স্বাস্থ্যৰ আপডেট লাভৰ বাবে উদগ্ৰীৱ হৈ আছে অনুৰাগীসকল। এতিয়া আয়াৰৰ স্বাস্থ্য সন্দৰ্ভত প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ খবৰ।

সুস্থ হৈছেনে শ্ৰেয়স আয়াৰ? ছিডনীৰ পৰা ভাৰতীয় ক্ৰিকেট অনুৰাগীলৈ আহিল এনে খবৰ

শ্ৰেয়স আয়াৰ

Updated On: 

01 Nov 2025 12:11 PM

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ সময়ত গুৰুতৰভাৱে আহত হৈছিল তাৰকা ভাৰতীয় ক্ৰিকেটাৰ শ্ৰেয়স আয়াৰ। পেট আৰু বুকুৰ ওচৰত আঘাতপ্ৰাপ্ত আয়াৰক খেলপথাৰৰ পৰাই লৈ যোৱা হৈছিল ছিডনীৰ এখন চিকিৎসালয়লৈ। ইয়াৰ পিছতে পোহৰলৈ আহিছিল এক চিন্তনীয় খবৰ। আভ্যন্তৰীণ ৰক্তক্ষৰণৰ বাবে আয়াৰক ভৰ্তি কৰা হৈছিল আই চি ইউত। এনে খবৰে স্বাভাৱিকতেই উদ্বিগ্ন কৰি তুলিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীক। সেয়ে প্ৰতি মুহূৰ্তত আয়াৰৰ স্বাস্থ্যৰ আপডেট লাভৰ বাবে উদগ্ৰীৱ হৈ আছে অনুৰাগীসকল।

শেহতীয়াকৈ ভাৰতীয় টি-২০ দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে আয়াৰৰ স্বাস্থ্য সন্দৰ্ভত তথ্য দাঙি ধৰিছিল। আয়াৰ লাহে লাহে সুস্থ হৈ উঠিছে বুলি সূৰ্যই প্ৰকাশ কৰিছিল। এতিয়া আয়াৰৰ স্বাস্থ্য সন্দৰ্ভত প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ খবৰ। এনে খবৰে নিশ্চিতভাৱে চিন্তামুক্ত কৰিব ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলক।

চিকিৎসালয়ৰ পৰা ৰিলিজ

যোৱা ২৫ অক্টোবৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল শ্ৰেয়স আয়াৰ। এতিয়া তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হৈছে বুলি জানিবলৈ দিছে বিচিচিআইয়ে। এক বিবৃতি যোগে বিচিচিআইয়ে উল্লেখ কৰা মতে আয়াৰৰ স্বাস্থ্যৰ অৱস্থা এতিয়া সুস্থিৰ আৰু তেওঁ ভালদৰে সুস্থ হৈ উঠিছে।

ভাৰতলৈ কেতিয়া ঘূৰিব আয়াৰ?

বিচিচিআইয়ে লগতে বিবৃতিটোত আয়াৰৰ আঘাতৰ ক্ষেত্ৰত সম্ভৱপৰ উত্তম চিকিৎসা লাভ নিশ্চিত কৰাৰ বাবে ছিডনীত থকা চিকিৎসক ডাঃ কৌৰৌছ হাঘিঘী আৰু তেওঁৰ দলৰ লগতে ভাৰতৰ ডাঃ দিনশ্ব’ পাৰ্দিৱালাক আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে। স্বাস্থ্য সংক্ৰান্তীয় অধিক পৰামৰ্শৰ বাবে আয়াৰ এতিয়া ছিডনীতে থাকিব আৰু উভতাৰ বাবে ফিট হৈ উঠিলে ভাৰতলৈ উভতিব বুলিও উল্লেখ কৰে বিচিচিআইয়ে।

অৰ্থাৎ সম্পূৰ্ণ ফিট হোৱাৰ পিছতহে স্বদেশলৈ ঘূৰিব শ্ৰেয়স আয়াৰ। উল্লেখ্য যে এটা কেচ আয়ত্ব কৰাৰ চেষ্টাত আঘাত পোৱা আয়াৰক প্ৰথমে চিকিৎসালয়ৰ আই চি ইউত ৰখা হৈছিল। ছিডনী আৰু ভাৰতৰ বিশেষজ্ঞৰ সহযোগত শ্ৰেয়স আয়াৰৰ চিকিৎসা চলোৱা হয়। এই সময়ত বিচিচিআইৰ চিকিৎসা দলটোৱে আয়াৰৰ চিকিৎসাৰ ওপৰত নজৰ ৰাখিছিল।

কণী খালে ওজন বৃদ্ধি হয় নেকি? জানক চিকিৎসকৰ পৰা
দ্ৰুত গতিত ওজন হ্ৰাস কৰিবলৈ কি কি খাদ্য খাব লাগে ? জানক
ডায়েবেটিছ ৰোগীয়ে পিঁয়াজ খালে কি হয়? জানক...
ভিটামিন D ৰ অভাৱ হ'লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে, জানক...