শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

IND W vs SA W World Cup Final 2025 LIVE Score: বিশ্বকাপ জয়ৰ লক্ষ্যত ভাৰতৰ ২৯৮ ৰানৰ দেৱাল, ৰুধিব পাৰিব নে প্ৰটিয়াছ বাহিনীক?

India Women vs South Africa Women, ICC ODI World Cup 2025 Final Live Score: এইবাৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলিব ভাৰতে। তৃতীয় চেষ্টাত আজি প্ৰথমবাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব ভাৰতীয় দলে। আনহাতে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলিব দক্ষিণ আফ্ৰিকাই। অৰ্থাৎ এবাৰ মহিলা বিশ্বকাপত দেখা যাব এক নতুন চেম্পিয়ন দল। এতিয়া এইক্ষেত্ৰত কোনটো দলে সফলতাৰ মুখ দেখিব, সেয়া হ’ব লক্ষণীয়।

monjit-dutta
Monjit Dutta | Updated On: 02 Nov 2025 21:18 PM
IND W vs SA W World Cup Final 2025 LIVE Score: বিশ্বকাপ জয়ৰ লক্ষ্যত ভাৰতৰ ২৯৮ ৰানৰ দেৱাল, ৰুধিব পাৰিব নে প্ৰটিয়াছ বাহিনীক?
মহিলা বিশ্বকাপৰ ফাইনেল লাইভ

LIVE NEWS & UPDATES

  • 02 Nov 2025 09:18 PM (IST)

    ৫ অভাৰত ১৮ ৰান

    নিয়ন্ত্ৰিত বলিঙেৰে ভাৰতে ঘটাইছে সুন্দৰ আৰম্ভণি। এনে পৰিস্থিতিতে পাৱাৰ প্লে’ চলি থাকিলেও  প্ৰথম ৫ অভাৰত দক্ষিণ আফ্ৰিকাই সংগ্ৰহ কৰিছে ১৮ ৰান।

  • 02 Nov 2025 08:55 PM (IST)

    আৰম্ভ হৈছে দ্বিতীয় ইনিংছ

    ২৯৯ ৰানৰ লক্ষ্য ৰক্ষাৰ আশাৰে খেলপথাৰত প্ৰৱেশ কৰিছে ভাৰতীয় দল। এই উদ্দেশ্য পূৰণত দলৰ বলিং লাইন আপৰ প্ৰদৰ্শন হ’ব লক্ষণীয়। দক্ষিণ আফ্ৰিকাৰ হৈ ইনিংছ মুকলি কৰিছে অ’লভাৰ্ড আৰু ব্ৰিটছে। আনহাতে ভাৰতৰ হৈ বলিং মুকলি কৰিছে ৰেণুকাই।

  • 02 Nov 2025 08:27 PM (IST)

    ভাৰতৰ সংগ্ৰহ ২৯৮ ৰান

    ইনিংছৰ সমাপ্তিলৈ ভাৰতীয় দলে ৭ উইকেটত সংগ্ৰহ কৰিছে ২৯৮ ৰান। ব্যক্তিগত ৫৮ ৰানৰ ইনিংছেৰে ভাৰতক এই শক্তিশালী স্ক’ৰ থিয় কৰোৱাত সহায় কৰে দীপ্তি শৰ্মাই। এতিয়া প্ৰথমটো বিশ্বকাপ খিতাপ জয়ত ভাৰতীয় বলিং আক্ৰমণে এই অতিক্ৰমৰ ক্ষেত্ৰত প্ৰটিয়াছ বাহিনীক ৰোধ কৰিব লাগিব।

  • 02 Nov 2025 08:20 PM (IST)

    ৰিছাৰ বিদায়

    ৪৯ তম অভাৰৰ অন্তিমটো বলত বিদায় লৈছে ৰিছাই। ইনিংছৰ শেষলৈ ক্ৰীজত বৰ্তিব নোৱাৰিলেও ৰিছাই মাত্ৰ ২৪টা বলত ৩৪ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

  • 02 Nov 2025 08:13 PM (IST)

    দীপ্তিৰ অৰ্ধশতক

    ভাৰতীয় ইনিংছক গতি প্ৰদান কৰি অৰ্ধশতক সম্পূৰ্ণ কৰিছে দীপ্তি শৰ্মাই। ৫৩টা বলত দীপ্তিয়ে চলিত বিশ্বকাপত নিজৰ তৃতীয়টো অৰ্ধশতক অৰ্জন কৰে।

  • 02 Nov 2025 07:56 PM (IST)

    অমনজোতেও ল’লে বিদায়

    এক সফল আৰম্ভণিৰ পিছত হঠাতে ছন্দপতন ঘটিছে ভাৰতীয় ইনিংছত। দলে হেৰুৱাইছে পঞ্চমটো উইকেট। অমনজোৎ কৌৰক ব্যক্তিগত ১২ ৰানৰ স্ক’ৰত বিদায় দিছে ডি ক্লাৰ্কে।

  • 02 Nov 2025 07:39 PM (IST)

    ভাৰতে হেৰুৱালে চতুৰ্থটো উইকেট

    ভাৰতে হেৰুৱালে চতুৰ্থটো উইকেট। হৰমপ্ৰীত কৌৰে ২৯ টা বলত ২০ ৰান কৰি আউট হয়। বৰ্তমান বেটিং কৰি আছে দিপ্তী শৰ্মা আৰু অমানজোত কৌৰে। দলটোৱে ৪ উইকেটৰ বিনিময়ত ২২৭ ৰান কৰে। অভাৰ সম্পূৰ্ণ হৈছে ৩৯.৪।

  • 02 Nov 2025 07:21 PM (IST)

    ভাৰতৰ ২০০ ৰান সম্পূৰ্ণ

    ভাৰতীয় দলটোৱে ৩৫ অভাৰত ২০০ ৰান সম্পূৰ্ণ কৰে। এই সময়চোৱাত দলটোৱে ৩টা উইকেট হেৰুৱাইছে। হৰপ্ৰীত কৌৰে ২০ টা বলত ১৪ ৰান আৰু দিপ্তী শৰ্মাই ২১ টা বলত ১৮ ৰান কৰি বৰ্তমান বেটিং কৰি আছে।

  • 02 Nov 2025 07:12 PM (IST)

    ভাৰতৰ ৩৩ অভাৰ সম্পূৰ্ণ

    ভাৰতীয় ক্ৰিকেট দলটোৰ ৩৩ অভাৰ সম্পূৰ্ণ হৈছে। এতিয়ালৈকে দলটোৱে ৩ টা উইকেট হেৰুৱাই ১৮৫ ৰান কৰে। বৰ্তমান বেটিং কৰি আছে হৰমপ্ৰীত কৌৰ আৰু দিপ্তী শৰ্মাই।

  • 02 Nov 2025 06:55 PM (IST)

    বিদায় ল’লে জেমিমাই

    অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমিত জয়ৰ নায়িকা জেমিমা ৰড্ৰিগুৱেজে ল’লে বিদায়। ব্যক্তিগত ২৪ ৰানৰ স্ক’ৰত জেমিমাক বিদায় দিছে খাকাই। এইদৰে ভাৰতে হেৰুৱাইছে তৃতীয়টো উইকেট।

  • 02 Nov 2025 06:47 PM (IST)

    শতক বঞ্চিত শ্বেফালী

    দলক এক শক্তিশালী স্থিতিত উপনীত কৰি বিদায় লৈছে অপেনাৰ শ্বেফালী বাৰ্মাই। আক্ৰমণাত্মক বেটিঙেৰে প্ৰটিয়াছ বলিং লাইন আপক বান্ধি ৰখা শ্বেফালীয়ে ৭৮টা বলত ৮৭ ৰান কৰি বিদায় লয়। শ্বেফালীক শতক বঞ্চিত কৰি বিদায় দিয়ে খাকাই।

  • 02 Nov 2025 06:35 PM (IST)

    ইনিংছত ১৫০ ৰান

    ভাৰতীয় ইনিংছে অতিক্ৰম কৰিছে ১৫০ ৰানৰ সীমা। শ্বেফালী বাৰ্মাই এটা ছয় কোবাই ২৪.৫ অভাৰত দলৰ স্ক’ৰ ১৫০ ৰান পূৰ কৰে।

  • 02 Nov 2025 06:19 PM (IST)

    জীৱনদান পালে শ্বেফালীয়ে

    ব্যক্তিগত ৫৬ ৰানত জীৱনদান পাইছে শ্বেফালী বাৰ্মাই। লুছৰ বলত শ্বেফালীয়ে তুলি দিয়া এটা সহজ কেচ আয়ত্ব কৰাত বিফল হৈছে বচ। এইদৰে ভাৰতে দ্বিতীয়টো উইকেট হেৰুৱাৰ পৰা ৰক্ষা পৰিছে।

  • 02 Nov 2025 06:13 PM (IST)

    শ্বেফালীৰ অৰ্ধশতক

    স্মৃতিৰ বিদায়ৰ পিছতে অৰ্ধশতক সম্পূৰ্ণ কৰিছে আনগৰাকী অপেনাৰ শ্বেফালী বাৰ্মাই। ৪৯টা বলত নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰিছে শ্বেফালীয়ে।

  • 02 Nov 2025 06:12 PM (IST)

    বিদায় ল’লে স্মৃতিয়ে

    শতকীয় অপেনিং যুটীৰ পিছত ভাৰতীয় ইনিংছত লাগিছে প্ৰথমটো আঘাত। বিদায় লৈছে স্মৃতি মান্ধানাই। ৫৮টা বলত ৪৫ ৰান সংগ্ৰহ কৰি বিদায় লৈছে স্মৃতিয়ে। ট্ৰায়নৰ বলত জাফটাৰ হাতত কেচ দি স্মৃতিয়ে বিদায় লয়।

  • 02 Nov 2025 05:42 PM (IST)

    পাৱাৰ প্লে’ত ৬৪ ৰান

    অন্ত পৰিছে প্ৰথম পাৱাৰ প্লে’ অৰ্থাৎ ইনিংছৰ প্ৰথম ১০ অভাৰ। কোনো হানি নঘটাকৈ ভাৰতে পাৱাৰ প্লে’ত ৬৪ ৰান সংগ্ৰহ কৰিছে।

  • 02 Nov 2025 05:30 PM (IST)

    ইনিংছত ৫০ ৰান

    অপেনাৰদ্বয় স্মৃতি আৰু শ্বেফালীয়ে শক্তিশালী আৰম্ভণই দিছে দলক। আক্ৰমণাত্মক আৰম্ভণি ঘটাই দুয়ো ৬.৩ অভাৰত দলৰ স্ক’ৰ ৫০ৰ পাৰ কৰাইছে।

  • 02 Nov 2025 05:07 PM (IST)

    প্ৰথমটো বাউণ্ডেৰী

    শ্বেফালী বাৰ্মাৰ বেটৰ পৰা আহিছে মেচৰ প্ৰথমটো বাউণ্ডেৰী। খাকাৰ অভাৰৰ প্ৰথমটো বলতে অফ চাইডত শ্বেফালীয়ে কোবাইছে এটা চাৰি।

  • 02 Nov 2025 05:06 PM (IST)

    প্ৰথম অভাৰ মেইডেন

    মেচৰ প্ৰথমটো অভাৰ ড্ৰ ৰূপে সামৰণি পৰিছে। কেপৰ অভাৰটোত মান্ধানাই ধৈৰ্যশীলভাৱে খেলি সতৰ্ক আৰম্ভণি কৰিছে।

  • 02 Nov 2025 05:03 PM (IST)

    আৰম্ভ হ’ল মেচ

    দক্ষিণ আফ্ৰিকাৰ হৈ অভিজ্ঞ মাৰিজেন কেপে আৰম্ভ কৰিছে বলিং। স্মৃতি মান্ধানাই বেটিং মুকলি কৰি প্ৰথম দুটা বল ধৈৰ্যশীলতাৰে ব্লক কৰিছে।

  • 02 Nov 2025 05:00 PM (IST)

    ক্ৰীজত স্মৃতি-শ্বেফালী

    ক্ৰীজত প্ৰৱেশ কৰিছে ভাৰতীয় অপেনাৰদ্বয় স্মৃতি মান্ধানা আৰু শ্বেফালী বাৰ্মা। দলক এক শক্তিশালী আৰম্ভণই প্ৰদান কৰাত দুয়োৰে ভূমিকা হ’ব লক্ষণীয়।

  • 02 Nov 2025 04:39 PM (IST)

    দক্ষিণ আফ্ৰিকাৰ মূল একাদশ

    ভাৰতৰ দৰে দক্ষিণ আফ্ৰিকাৰ মূল একাদশো হ’ব অপৰিৱৰ্তিত। দলৰ মূল একাদশ হ’ব এইধৰণৰ- ল’ৰা অলভাৰ্ড (অধিনায়ক), টাজমিন ব্ৰিটছ, এনেকে বছ, ছুনে লুছ, মাৰিজেন কাপ, চিনালো জাফটা, এনেৰী ডেৰ্কচেন, ক্ল’ ট্ৰায়ন, নাডিন ডি ক্লাৰ্ক, আয়াবংগা খাকা, ননকুলুলেকো মলাবা।

  • 02 Nov 2025 04:36 PM (IST)

    ভাৰতৰ মূল অধিনায়ক

    অধিনায়ক হৰমনপ্ৰীতৰ নেতৃত্বত ছেমিৰ দৰেই অপৰিৱৰ্তিত একাদশেৰে ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। দলৰ মূল একাদশ হ’ব এনেধৰণৰ- হৰমনপ্ৰীত কৌৰ, স্মৃতি মান্ধানা, শ্বেফালী বাৰ্মা, জেমিমা ৰড্ৰিগুৱেজ, দীপ্তি শৰ্মা, ৰিচা ঘোষ, অমনজোত কৌৰ, ৰাধা যাদৱ, ক্ৰান্তি গৌড়, শ্ৰী চৰণী আৰু ৰেণুকা সিং ঠাকুৰ।

  • 02 Nov 2025 04:33 PM (IST)

    দক্ষিণ আফ্ৰিকাৰ বলিঙৰ সিদ্ধান্ত

    ইতিমধ্যে দুয়ো দলৰ অধিনায়কদ্বয়ৰ মাজত টছ হৈ গৈছে। টছত জয়ী হৈ দক্ষিণ আফ্ৰিকাৰ অধিনায়ক ল’ৰা ৱ’লভাৰ্ডে  প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

  • 02 Nov 2025 04:10 PM (IST)

    নতুন সময় নিৰ্ধাৰণ

    বৰষুণ কমাৰ পিছত এতিয়া নিৰ্ধাৰণ কৰা হৈছে টছ তথা মেচৰ নতুন সময়। এতিয়া ৪.৩২ বজাত টছৰ সময় নিৰ্ধাৰণ কৰা হৈছে। আনহাতে ৫ বজাৰ পৰা আৰম্ভ হ’ব মেচ।

  • 02 Nov 2025 04:00 PM (IST)

    এৰিছে বৰষুণ

    বৰষুণৰ প্ৰভাৱত বহু সময় অপেক্ষাৰ পিছত নৱী মুম্বাইত এৰিছে বৰষুণ। সম্প্ৰতি দেখা গৈছে কিছু ৰ’দৰ জিলিকণি। ইফালে খেলপথাৰৰ পৰা লাহে লাহে কভাৰ আঁতৰোৱা দেখিবলৈ পোৱা গৈছে।

  • 02 Nov 2025 03:06 PM (IST)

    পুনৰ বৰষুণ

    নৱী মুম্বাইত পুনৰ আহিছে বৰষুণ। এনে পৰিস্থিতিত টছত পুনৰ বিলম্ব ঘটিছে। অৰ্থাৎ মেচ উপভোগৰ বাবে এতিয়া কিছু সময় অপেক্ষা কৰিব লাগিব।

  • 02 Nov 2025 02:57 PM (IST)

    ক্ষন্তেক পিছতে টছ

    কিছু সময়ৰ পিছতে দুয়ো দলৰ অধিনায়কদ্বয়ৰ মাজত টছ হ’ব। বতৰৰ পৰিপ্ৰেক্ষিতত টছেও মেচৰ ফলাফলত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।

  • 02 Nov 2025 02:47 PM (IST)

    হেড টু হেড ৰেকৰ্ড

    ভাৰত আৰু দক্ষিণ আফ্ৰিকা এতিয়ালৈকে ৩৪খন এদিনীয়াত পৰস্পৰৰ বিৰুদ্ধে মুখামুখি হৈছে। ইয়াৰে ২০খন খেলত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১৩খন খেলত জয়লাভ কৰিছে। আনহাতে এখন মেচ ড্ৰ’ ৰূপে সমাপ্ত হৈছে।

  • 02 Nov 2025 02:32 PM (IST)

    টছত বিলম্ব

    নৱী মুম্বাইত এতিয়া বৰষুণ বন্ধ হৈছে যদিও টছৰ সময় আৰু মেচৰ আৰম্ভণিৰ সময় পিছুৱাই দিয়া হৈছে। এতিয়া ৩ বজাত টছ কৰা হ’ব আৰু ৩:৩০ বজাৰ পৰা খেল আৰম্ভ হ’ব।

  • 02 Nov 2025 02:25 PM (IST)

    নৱী মুম্বাইত বৰষুণ

    বহু প্ৰত্যাশিত এই মেচখনৰ প্ৰাকক্ষণত পিছে অনুৰাগীৰ বাবে দুখবৰ ক্ৰিকেট অনুৰাগীৰ মনত চেঁচাপানী ঢালি নৱী মুম্বাইত পৰিছে বৰষুণ বৰষুণৰ ফলত এতিয়া মেচৰ টছৰ লগতে খেল আৰম্ভণিতো পলম হোৱাৰ সম্ভাৱনাই দেখা দিছে

  • 02 Nov 2025 02:18 PM (IST)

    বিশ্বকাপত পৰস্পৰৰ বিৰুদ্ধে প্ৰদৰ্শন

    বিশ্বকাপত এই পৰ্যন্ত দুয়োটা দল ছয়বাৰ মুখামুখি হৈছে এই ছয়বাৰৰ মুখামুখিত দুয়োটা দলে তিনিবাৰকৈ জয়লাভ কৰিছে। লক্ষণীয়ভাৱে ভাৰতে ২০০৫ চনত মহিলা এদিনীয়া বিশ্বকাপতে দক্ষিণ আফ্ৰিকাক অন্তিমবাৰৰ বাবে পৰাস্ত কৰিছিল। তেতিয়াৰ পৰা দক্ষিণ আফ্ৰিকা প্ৰতিবাৰৰ মুখামুখিতা জয়ী হৈছে

  • 02 Nov 2025 02:08 PM (IST)

    প্ৰতিযোগিতাত প্ৰদৰ্শন

    প্ৰথম মেচত পৰাজয়েৰে বিশ্বকাপ অভিযান আৰম্ভ কৰিছিল দক্ষিণ আফ্ৰিকাইল। ইয়াৰ পিছত শক্তিশালী প্ৰত্যাৱৰ্তন ঘটাই দলটোৱে খিতাপ যুঁজত প্ৰৱেশ কৰিছে। আনহাতে আৰম্ভণি শক্তিশালী হ’লেও মাজভাগত ছন্দপতন আৰু তাৰ পিছত পুনৰ প্ৰত্যাৱৰ্তন ঘটাই ফইনেলৰ পথ প্ৰশস্ত কৰিছে ভাৰতে।

আজি অনুষ্ঠিত হ’ব বহু প্ৰত্যাশিত মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ফাইনেল। বিশ্বকাপৰ খিতাপ যুঁজত আজি মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা। ইতিপূৰ্বে ভাৰতীয় দলে দুবাৰ বিশ্বকাপৰ ফাইনেল খেলিছে যদিও দুয়োবাৰ পৰাজয়ৰ সন্মুখীন হৈছে। এইবাৰ তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলিব ভাৰতে। তৃতীয় চেষ্টাত আজি প্ৰথমবাৰৰ বাবে খিতাপ জয়ৰ চেষ্টা চলাব ভাৰতীয় দলে। আনহাতে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেল খেলিব দক্ষিণ আফ্ৰিকাই। অৰ্থাৎ এবাৰ মহিলা বিশ্বকাপত দেখা যাব এক নতুন চেম্পিয়ন দল। এতিয়া এইক্ষেত্ৰত কোনটো দলে সফলতাৰ মুখ দেখিব, সেয়া হ’ব লক্ষণীয়।

Published On - Nov 02,2025 2:01 PM