IND W vs SA W Women’s World Cup Final: কাৰ মুখত বিৰিঙিব বিশ্বজয়ৰ হাঁহি! বিশ্বকাপৰ খিতাপ যুঁজত আজি ভাৰত-দক্ষিণ আফ্ৰিকা
দুয়োটা দলে আজি প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপ দখলৰ লক্ষ্যৰে ফাইনেলত অৱতীৰ্ণ হ’ব। এনে পৰিস্থিতিত আজিৰ মেচখন নিশ্চিতভাৱে ৰোমাঞ্চকৰ হৈ উঠাৰ সম্ভাৱনা আছে। এতিয়া কোনটো দলে আজি আকাংক্ষিত স্বপ্ন পূৰ কৰি দেশবাসীক গৌৰৱময় ক্ষণৰ সাক্ষী কৰি তোলে, সেয়া হ’ব লক্ষণীয়।
আজি চুপাৰ চানডে’। সমগ্ৰ দেশবাসীৰ আজি দৃষ্টি নিবদ্ধ হ’ব টেলিভিচনৰ পৰ্দাত। আনহাতে নৱী মুম্বাইৰ ষ্টেডিয়ামৰ গেলাৰীত উঠিব অনুৰাগীৰ গৰ্জন। সকলোৰে আশা, আকাংক্ষিত বিশ্বকাপ ট্ৰফীত আজি চুম্বন দিব ভাৰতীয় মহিলা ক্ৰিকেট দলে; গৌৰৱত পুনৰ উৰিব বিজয় ধ্বজা! অপেক্ষা এতিয়া মাত্ৰ কেইঘণ্টামানৰ। প্ৰথমটো বিশ্বকাপ খিতাপ দখলৰ লক্ষ্যৰে আজি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰত। খিতাপ যুঁজৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৰমনপ্ৰীত বাহিনী।
প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত চতুৰ্থ স্থানৰ দল হিচাপে ছেমি ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দলে ছেমি ফাইনেলত শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল। জেমিমা ৰড্ৰিগুৱেজ আৰু অধিনায়ওক হৰমনপ্ৰীতৰ দৰ্শনীয় বেটিং প্ৰদৰ্শনৰ জৰিয়তে ৭বাৰৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে খিতাপ যুঁজত প্ৰৱেশ কৰিছে।
ইফালে প্ৰতিযোগিতাৰ প্ৰথম ছেমিত ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰিছিল দক্ষিণ আফ্ৰিকাই। মহিলা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ যুঁজত অৱতীৰ্ণ হ’ব প্ৰটিয়াছ বাহিনী। অৰ্থাৎ এইবাৰ মহিলা এদিনীয়া বিশ্বকাপৰ ইতিহাসত দেখা যাব এক নতুন চেম্পিয়ন দল।
ইতিপূৰ্বে ভাৰতীয় দলে ২০০৫ আৰু ২০১৭ চনৰ সংস্কৰণত ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ৰাণাৰ্ছ আপতে সন্তুষ্ট থাকিবলগা হৈছিল। এতিয়া ভাৰতে তৃতীয়বাৰৰ বাবে মহিলা বিশ্বকাপৰ ফাইনেল খেলিব আৰু পূৰ্বৰ দুবাৰৰ ব্যৰ্থতাৰ অৱসান ঘটাই বিশ্বকাপ খিতাপ দখলৰ চেষ্টা চলাব। এইক্ষেত্ৰত দলৰ প্ৰতিগৰাকী সদস্যৰ প্ৰদৰ্শন হ’ব লক্ষণীয়।
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমিত ভাৰতীয় দলে জয়লাভ কৰিলেও বলিং প্ৰদৰ্শন বিশেষ সন্তোষজনক নাছিল। ইফালে অপেনিঙত প্ৰতিকাৰ স্থানত সুযোগ পোৱা শ্বেফালীয়ে আক্ৰমণাত্মক আৰম্ভণিৰ চেষ্টা কৰিছিল যদিও ক্ৰীজত টিকিব পৰা নাছিল। এতিয়া ফাইনেলত শ্বেফালীৰ পৰা দীঘলীয়া ইনিংছ আশা কৰিব দলে।
লগতে দলৰ সহ-অধিনায়ক স্মৃতিৰ উন্নত প্ৰদৰ্শনো হ’ব প্ৰয়োজনীয়। আনহাতে হৰমন-জেমিমাৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দেখুওৱা প্ৰদৰ্শন দলে পুনৰ আশা কৰিব। দীপ্তি, ৰিছা আৰু অমনজোতৰ প্ৰদৰ্শনো হ’ব লক্ষণীয়। সামূহিক প্ৰচেষ্টাৰে এইবাৰ ইতিহাস সৃষ্টিৰ আশাত নৱী মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ ষ্টেডিয়ামত নামিব হৰমন বাহিনী।
ইফালে ইংলেণ্ডৰ বিপক্ষে সহজ জয়েৰে মনোবল অন্ত্যন্ত বৃদ্ধি পাইছে দক্ষিণ আফ্ৰিকাৰ। তাতে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ সূত্ৰে দলটোৱে সৰ্বস্ব উজাৰি খেলিবলৈ সাজু। অধিনায়ক ল’ৰা অ’লভাৰ্ড আৰু অভিজ্ঞ অলৰাউণ্ডাৰ মাৰিজেন কেপ হ’ব দলটোৰ প্ৰধান শক্তি। ছেমিত অ’লভাৰ্ডে ১৬৯ ৰান আৰু কেপে ৫টা উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা লৈছিল।
দুয়োটা দলে আজি প্ৰথমবাৰৰ বাবে বিশ্বকাপ খিতাপ দখলৰ লক্ষ্যৰে ফাইনেলত অৱতীৰ্ণ হ’ব। এনে পৰিস্থিতিত আজিৰ মেচখন নিশ্চিতভাৱে ৰোমাঞ্চকৰ হৈ উঠাৰ সম্ভাৱনা আছে। এতিয়া কোনটো দলে আজি আকাংক্ষিত স্বপ্ন পূৰ কৰি দেশবাসীক গৌৰৱময় ক্ষণৰ সাক্ষী কৰি তোলে, সেয়া হ’ব লক্ষণীয়।