আজিৰ পৰা ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলাঃ ক’ত চাব পাৰিব লাইভ, চাওক..

টি-২০ শৃংখলাত দৰ্শনীয় প্ৰদৰ্শনৰ পিছত এইবাৰ ইংলেণ্ডৰ বিপক্ষে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। লক্ষণীয়ভাৱে এই শৃংখলাৰ পিছতে অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত এই শৃংখলাই ভাৰতীয় দলক প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰিছে।

আজিৰ পৰা ভাৰত-ইংলেণ্ডৰ এদিনীয়া শৃংখলাঃ ক’ত চাব পাৰিব লাইভ, চাওক..

আজি ভাৰত-ইংলেণ্ডৰ প্ৰথম এদিনীয়া

Published: 

06 Feb 2025 13:06 PM

টি-২০ শৃংখলাত দৰ্শনীয় প্ৰদৰ্শনৰ পিছত এইবাৰ ইংলেণ্ডৰ বিপক্ষে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাটোত সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে ৪-১ ব্যৱধানত সহজ বিজয় সাব্যস্ত কৰে। এই প্ৰদৰ্শনৰ পিছত এতিয়া ইংলেণ্ডৰ বিপক্ষে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাতো ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে জয়ৰ চেষ্টা চলাব। লক্ষণীয়ভাৱে এই শৃংখলাৰ পিছতে অহা ১৯ ফেব্ৰুৱাৰীৰ পৰা চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব। এনে পৰিস্থিতিত এই শৃংখলাই ভাৰতীয় দলক প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰিছে।

এই শৃংখলাত ফৰ্মহীনতাত ভুগি থকা ভাৰতীয় দলৰ দুই প্ৰধান তাৰকা ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ ওপৰত সকলোৰে দৃষ্টি থাকিব। দুয়োগৰাকী তাৰকা আগন্তুক চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলৰ সফলতাৰ অন্যতম আধাৰ হ’ব। সেয়ে এই শৃংখলাত দুয়োগৰাকী তাৰকাৰ ফৰ্ম ঘূৰি অহাটো অত্যন্ত প্ৰয়োজনীয়। একেদৰে আঘাতৰ বাবে দীৰ্ঘদিন দলৰ বাহিৰত থকাৰ পিছত টি-২০ শৃংখলাৰ জৰিয়তে প্ৰত্যাৱৰ্তন ঘটোৱা অভিজ্ঞ পেচাৰ মহম্মদ ছামিৰ ওপৰতো দৃষ্টি নিবদ্ধ হ’ব।

ইফালে আজি প্ৰথমখন মেচতে যুৱ তাৰকাদ্বয় যশস্বী জয়ছোৱাল আৰু হৰ্ষিত ৰাণাই জাতীয় দলৰ হৈ অভিষেক ঘটাব। আঘাতৰ বাবে আজি প্ৰথমখন মেচৰ পৰা বাহিৰ হৈছে বিৰাট কোহলী। শুভমন গিলক ভাৰতীয় দলৰ নতুন সহ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। সেয়ে ৰোহিতৰ সৈতে আজি গিলে ৰোহিতৰ সৈতে দলৰ ইনিংছ মুকলি কৰিব নে জয়ছোৱাল-গিলৰ অপেনিং যুটি দেখা যাব, সেয়া চাবলগীয়া হ’ব।

দুয়োটা দলৰ মাজৰ পাঁচখন মেচৰ টি-২০ শৃংখলা ষ্টাৰ স্প’ৰ্টছত টেলিভিছনত প্ৰচাৰ কৰা হৈছিল আৰু  ডিজনী প্লাছ হটষ্টাৰতো মেচৰ সম্প্ৰচাৰ কৰা হৈছিল। আজিও মোবাইলত এই এপ বা ৱেবচাইটতে ক্ৰিকেট অনুৰাগীসকলে মেচ উপভোগ কৰিব পাৰিব। অৱশ্যে টেলিভিচনৰ ক্ষেত্ৰত এদিনীয়া মেচৰ সম্প্ৰচাৰক পৃথক হ’ব। তিনিখন মেচৰ এই এদিনীয়া শৃংখলাটো স্প’ৰ্টছ ১৮ চেনেলত টেলিভিছনত সম্প্ৰচাৰ কৰা হ’ব।

ইতিমধ্যে প্ৰথমখন মেচৰ বাবে ইংলেণ্ডে মূল একাদশ ঘোষণা কৰিছে। জ’ছ বাটলাৰ নেতৃত্বাধীন দলটোৰ আজি মূল একাদশত থাকিব বেন ডাকেট, ফিল চল্ট, জ’ ৰুট, হেৰী ব্ৰুক, লিয়াম লিভিংষ্”ন, জেকব বেথেল, ব্ৰাইডন কাৰ্চ, জ’ফ্ৰা আৰ্চাৰ, আদিল ৰছিদ, চাকিব মেহমুদ। আনহাতে ভাৰতীয় দলৰ মূল একাদশ এইপৰ্যন্ত ঘোষণা কৰা হোৱা নাই। এই শৃংখলাৰ প্ৰথমখন মেচ আজি নাগপুৰত অনুষ্ঠিত হ’ব।

আনহাতে দ্বিতীয়খন মেচ ৯ ফেব্ৰুৱাৰীত কটকত আৰু তৃতীয়খন মেচ আহমেদাবাদত অনুষ্ঠিত হ’ব। আটাইকেইখন মেচ দূপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব।

উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ধন প্ৰাপ্তিৰ পূৰ্বে মা লক্ষ্মীয়ে দিয়ে এই ৫ টা সংকেত! কি কি জানক...
কম বিনিয়োগত লাখ টকা উপাৰ্জন, ডাকঘৰে আপোনাৰ বাবে লৈ আহিছে ডাঙৰ সুযোগ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...