সফল হ’ব মনোকামনা, শাওন মাহৰ শনিবাৰে এনেদৰে কৰক মহাদেৱ আৰু শনিদেৱক আৰাধনা

শনিবাৰে পূজা কৰিলে গুৰু আৰু শিষ্য উভয়ৰে আশীৰ্বাদ পোৱা যায় আৰু সকলো কাম সম্পূৰ্ণ হয়। এই দিনটোত মহাদেৱ আৰু শনিদেৱক কেনেকৈ পূজা কৰিব লাগে, লগতে এই দিনটোত কৰিবলগীয়া প্ৰতিকাৰসমূহো জানো আহক।

সফল হব মনোকামনা, শাওন মাহৰ শনিবাৰে এনেদৰে কৰক মহাদেৱ আৰু শনিদেৱক আৰাধনা

শাওন মাহৰ শনিবাৰে কৰক মহাদেৱ আৰু শনিদেৱৰ পূজা

Published: 

18 Jul 2025 22:19 PM

আৰম্ভ হ’ল পবিত্ৰ শাওন মাহ। এই মাহটো দেৱাদিদেৱ মহাদেৱৰ উপাসনাৰ বাবে শুভ মাহ বুলি গণ্য কৰা হয়। বিশেষকৈ শাওন মাহৰ সোমবাৰত বহুজনেই ব্ৰত ৰাখে আৰু শিৱস্থান বা শিৱ মন্দিৰত গৈ সেৱা আগবঢ়ায়। শাওন মাহত ভোলানাথক উপাসনা কৰিলে শুভফল পোৱা যায় বুলি বিশ্বাস কৰা হয়।

কিন্তু এই কথা বাৰু আপুনি জানেনে যে শাওন মাহৰ শনিবাৰে মহাদেৱৰ সৈতে শনি দেৱতাক পূজা কৰিলেও তেওঁৰ আশিস পোৱা যায়। শনিদেৱ হৈছে ভগৱান শিৱৰ শিষ্য। দুয়োৰে সম্পৰ্ক অতি গভীৰ। সেইবাবেই শাওন মাহত দুয়োকে পূজা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি অনেকেই কয়।

শনিবাৰে পূজা কৰিলে গুৰু আৰু শিষ্য উভয়ৰে আশীৰ্বাদ পোৱা যায় আৰু সকলো কাম সম্পূৰ্ণ হয়। অসমীয়া কেলেণ্ডাৰ মতে কাইলৈ শাওন মাহৰ প্ৰথমটো শনিবাৰ। আনহাতে উত্তৰ ভাৰতত প্ৰচলিত কেলেণ্ডাৰ মতে কাইলৈ শাওনৰ দ্বিতীয় শনিবাৰ। এই দিনটোত মহাদেৱ আৰু শনিদেৱক কেনেকৈ পূজা কৰিব লাগে, লগতে এই দিনটোত কৰিবলগীয়া প্ৰতিকাৰসমূহো জানো আহক।

শাওনৰ শনিবাৰৰ প্ৰতিকাৰ

শাওনৰ প্ৰতিটো শনিবাৰে দৰিদ্ৰ লোকক খাদ্য সামগ্ৰী দান কৰক। যদি আপুনি শাওনৰ প্ৰতিটো শনিবাৰে এই কাম কৰে, তেন্তে ই আপোনাৰ কৰ্মসংস্থাপন সম্পৰ্কীয় সমস্যা সমাধান কৰিব।

শনি সাঢ়েসতী, শনি ধৈয়া বা শনি দোষত ভুগি থকা লোকসকলে শাওনৰ শনিবাৰে পূজা কৰি উপকাৰ লাভ কৰিব পাৰে। এই দিনটোত আঁহত গছৰ তলত সৰিয়হ তেল, ক’লা তিল আৰু এগছি বন্তি জ্বলাব। ইয়াৰ পিছত ভগৱান শিৱৰ মন্ত্ৰ জপ কৰক আৰু তাৰ পিছত শনিদেৱৰ মন্ত্ৰ জপ কৰক।

শাওনৰ শনিবাৰক সম্পদ শনিবাৰ বোলা হয়। শাওনৰ শনিবাৰে ধন-সম্পত্তি লাভ কৰিব পাৰিব। কাৰণ ই ধন-সম্পত্তি দিয়ে, সেইবাবেই ইয়াক সম্পদ শনিবাৰ বুলি কোৱা হয়।

শাওনৰ সকলো শনিবাৰে শনিদেৱক পূজা কৰক, এনে কৰিলে আপুনি সুফল পাব পাৰে আৰু আপোনাৰ স্বাস্থ্য ভাল হ’ব, ইয়াৰ লগতে আপুনি ধন-সম্পত্তিও লাভ কৰিব পাৰিব। শনিদেৱৰ পূজা শাওন মাহত আটাইতকৈ উপকাৰী বুলি গণ্য কৰা হয়। শাওনত শনিদেৱক পূজা কৰা সকলে সুফল লাভ কৰে বুলি বিশ্বাস কৰা হয়।

শৰীৰত ভেঁকুৰৰ সংক্ৰমণৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক...
শাওনৰ শিৱৰাত্ৰিত বিৰল সংযোগ! ৩ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন...
তেজত কলেষ্টেৰল বৃদ্ধি হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
শাওন মাহত পৰিধান কৰক এইসমূহ বস্ত্ৰ, লাভ কৰিব শিৱৰ কৃপা!