Daily Horoscope: কেনে যাব আজি আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
আজি ২ নৱেম্বৰ, জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি কিছুমান ৰাশিৰ লোকৰ ধন লাভৰ যোগ আছে। ইয়াৰোপৰি কিছুমানে আজি বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে। জ্যোতিষশাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ?
আজি দেওবাৰ, আপোনাৰ দিনটো কেনেকোৱা হ’ব? কেৰিয়াৰৰ পৰা ব্যৱসায়লৈ, বিবাহিত জীৱনত কেনেকৈ সুখেৰে জীয়াই থাকিব। এই সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…
মেষ ৰাশিঃ আজি আপোনালোকৰ বাবে মিশ্ৰিত দিন হ’ব। কাৰো প্ৰতি মনত ঈৰ্ষা ভাব নাৰাখিব। যদি আপুনি আপোনাৰ কোনো শাৰীৰিক সমস্যাক আওকান কৰে, তেন্তে পিছত ই আপোনাৰ বাবে এক নতুন সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে আপোনাৰ ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ পাব। আপোনাৰ পত্নীৰ সৈতে চলি থকা কাজিয়াৰ সমাধান হ’ব, যাৰ বাবে দুয়োজনে একেলগে ক’ৰবাত ওলাই যাব পাৰিব।
বৃষ ৰাশি: ব্যৱসায়িক অংশীদাৰে আপোনাক প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। বহিঃৰাজ্যলৈ গৈ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে এটা ভাল সুযোগ পাব। আপোনাৰ পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিব লাগিব। অতিৰিক্ত শক্তি থকাৰ বাবে আনৰ কথাত বেছিকৈ নক’ব।
মিথুন ৰাশি: কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি থাকিব। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। আপোনাৰ আৰ্থিক লাভ হব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰিব। আজিৰ প্ৰেমত অশুভ। খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।
কৰ্কট ৰাশি: আপোনাৰ অৰ্থ লাভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহ’লে আপোনাৰ বদনাম হ’ব পাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ’ব।
সিংহ ৰাশি: মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ চিকিৎসা। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি আহিব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। আজি প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। বৈবাহিক জীৱনত কঠিন সময় গুছি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব ।
কন্যা ৰাশি: আজি গুৰুত্বপুৰ্ণ নিৰ্ণয় ল’ব লগা হ’ব পাৰে, যাৰ ফলত আপুনি হতাশগ্ৰস্থ আৰু চিন্তিত হ’ব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ’ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ’ব পাৰে।ব্যক্তিগত ভাৱে সমাধান হ’ব। এই সমস্যা সমূহ অন্যৰ সন্মুখত দাঙি নধৰিব ,নহ’লে আপোনাৰ বদনাম কৰিব পাৰে। আজি প্ৰেমত মধ্যমীয়া।
তুলা ৰাশি: আপোনাৰ দ্ৰুতভাৱে কৰা কামৰ প্ৰতিভাই আপোনাক প্ৰেৰিত কৰিব। সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক। আজি ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ’ব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাৱি আছে তেন্তে প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভাল কৈ চাই লওক। প্ৰেমত শুভ।
বৃশ্চিক ৰাশি: যিবোৰ সমস্যা আপোনাক চিন্তিত কৰি তুলিছে সেইবোৰ সমাধান কৰাৰ চেষ্টা কৰক। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ’ব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি সময় দিব নোৱাৰাৰ বাবে হতাশ হৈ পৰিব।
ধনু ৰাশি: যিসকল লোকে আজি পৰ্যন্ত পইচা বিনা কাৰণত খৰচ কৰিছিল, তেওঁলোকে আজি পইচাৰ মূল্য বুজি পাব। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজন সমূহৰ সন্মুখত মূৰ নত নকৰিব। আপুনি সোনকালে জীৱনৰ চলি থকা সেই সমস্যা সমাধান কৰিব পাৰিব। আজি আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হ’ব পাৰে।
মকৰ ৰাশি: বহুত বেছি আনন্দ আৰু ৰোমাঞ্চে আপোনাৰ ক্ষতি কৰিব পাৰে। যদি আজি আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ’ব পাৰে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয় ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ’ব পাৰে। ব্যৱসায়ীৰ বাবে ভাল দিন। আজি শৈশৱৰ কোনো বন্ধুক লগ পাব পাৰে। প্ৰেমত শুভ।
কুম্ভ ৰাশি: ব্যৱসায়ৰ ক্ষেত্ৰত আজি এটা ভাল দিন হ’ব। হঠাৎ আৰ্থিক লাভৰ বাবে আপুনি বহুত সুখী হ’ব। আপুনি আপোনাৰ কলা আৰু দক্ষতাৰে মানুহক আচৰিত কৰি তুলিব। চাকৰিত কৰা লোকসকলে কামৰ সন্দৰ্ভত সহকৰ্মীৰ পৰা পৰামৰ্শ ল’ব পাৰে। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱা উচিত। প্ৰেমত নিজৰ সংগীৰ লগত নিজৰ ভৱিষ্যতৰ বিষয়ে কথা পাতিব পাৰে।
মীন ৰাশি: জীৱন সংগীৰ স্বাস্থ্যৰ ওপৰত ভাল ভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যক আছে। ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে, তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱাৰ বাবে বহুত সময় পাব, কিন্তু আপোনাৰ স্বাস্থ্য আজি বেয়া হ’ব পাৰে।