ৰিয়েলৰ জাৰ্চি পিন্ধিবলৈ সাজু এমবাপেঃ লাভ কৰিব বিপুল ৰাশিৰ ধন
ফুটবল বিশ্বত ভৱিষ্যতৰ মহাতাৰকা হিচাপে সকলোৰে মুখত চৰ্চিত হৈছে ফ্ৰান্সৰ তাৰকা ফুটবলাৰ কিলিয়ান এমবাপেৰ নাম। দুৰন্ত গতি, স্কিল আৰু ফিনিছিঙৰ দক্ষতাৰ বাবে এমবাপেই ইতিমধ্যেই লাভ কৰিছে অনেক সফলতা। ফ্ৰান্সৰ হৈ তাৰকাগৰাকীয়ে জয় কৰিছে বিশ্বকাপো। অৱশ্যে ক্লাৱ ফুটবলত ফৰাচী লীগ ‘লীগ ১’ জয় কৰাৰ বাদে তেনে কোনো বিশেষ সাফল্য লাভ কৰা নাই তাৰকাগৰাকীয়ে। যোৱা প্ৰায় ৭ বছৰ ফৰাচী ক্লাৱ পেৰিছ ছেইণ্ট জাৰ্মেইনত কটোৱাৰ পিছত এতিয়া ক্লাৱটো এৰিবলৈ সাজু হৈছে এমবাপে। স্পেনিছ ক্লাব ৰিয়েল মাদ্রিদত এমবাপেৰ যোগদান প্ৰায় নিশ্চিত হৈ পৰিছে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5