ভাৰতীয় দলৰ সৈতে যাত্ৰা অন্ত পৰিল ষ্টিমাকৰঃ অপসাৰণ কৰিলে ফেডাৰেচনে
বিশ্বকাপ কোৱালিফায়াৰত অভিযান অন্ত পৰিল ভাৰতীয় ফুটবল দলৰ যাত্ৰা। পুনৰ এবাৰ স্থবিৰ হৈ পৰিল ভাৰতৰ ফিফা বিশ্বকাপত প্ৰৱেশৰ আশা। প্ৰশিক্ষক ইগ’ৰ ষ্টিমাকে ভাৰতীয় ফুটবল দলৰ সৈতে ইটোৰ পিছত সিটোকৈ পৰীক্ষামূলক পৰিকল্পনা চলাইছিল যদিও অৱশেষত এই সকলো পৰিকল্পনা পুনৰ এবাৰ ব্যৰ্থ হয়। ইয়াৰ পিছতে ভাৰতীয় দলৰ সৈতে যাত্ৰা অন্ত পৰিছে ক্ৰ’ৱেচিয়ান প্ৰশিক্ষকগৰাকীৰ। বিশ্বকাপৰ কোৱালিফায়াৰত ধাৰাবাহিকভাৱে দুৰ্বল প্ৰদৰ্শনৰ বাবে ষ্টিমাকৰ অপসাৰণৰ দাবী উত্থাপন হৈ আহিছিল আৰু অৱশেষত ভাৰতীয় ফুটবল ফেডাৰেচনে অপসাৰণ কৰে ষ্টিমাকক।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5