বিভিন্ন ধৰণৰ চিন্তাই মনটোক অস্থিৰ কৰে নেকি ? ক্ষন্তেকতে এই সমস্যাৰ পৰা উপশম পোৱা উপায়

কোৱা হয় যে, এই দুশ্চিন্তাৰ পৰা মুক্তি পোৱাটো সহজ নহয়। ধ্যান কৰিলেও এই সমস্যাৰ পৰা উপশম পোৱা নাযায়। কিন্তু দুশ্চিন্তা কেইমিনিটমানৰ ভিতৰতে দূৰ কৰিব পৰা যায়।

বিভিন্ন ধৰণৰ চিন্তাই মনটোক অস্থিৰ কৰে নেকি ? ক্ষন্তেকতে এই সমস্যাৰ পৰা উপশম পোৱা উপায়
Published: 

12 Nov 2025 09:35 AM

মাজে মাজে মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহে। বিভিন্ন ধৰণৰ ভাল-বেয়া চিন্তাই মনটোক আগুৰি ধৰে। এই সমস্যাই কেৱল টোপনি নষ্ট কৰাই নহয়, শৰীৰটোক অধিক ভাগৰুৱা কৰে। ইয়াৰ লগতে ই মনটোক অস্থিৰ কৰি মানসিক চাপ বৃদ্ধি কৰে। কোৱা হয় যে, এই দুশ্চিন্তাৰ পৰা মুক্তি পোৱাটো সহজ নহয়। ধ্যান কৰিলেও এই সমস্যাৰ পৰা উপশম পোৱা নাযায়। কিন্তু দুশ্চিন্তা কেইমিনিটমানৰ ভিতৰতে দূৰ কৰিব পৰা যায়। ইয়াৰ উপায় জানক।

উদ্বিগ্নতা আঁতৰোৱা উপায় কি?

ভাল লগা মানুহৰ লগত সময় কটাওক। আপোনাৰ মেজাজ যিমানেই বেয়া নহওক কিয়, কেতিয়াও অকলশৰীয়া হোৱাৰ অনুভৱ হ’বলৈ নিদিব। বৰঞ্চ আন পাঁচজন মানুহৰ লগত থাকক। ইয়াৰ বাবে পৰিয়ালৰ সদস্য বা বন্ধু-বান্ধৱীক ফোন কৰি কথা পাতিব।

বহুতে এই সমস্যা উপশম পাবলৈ ধ্যান কৰাৰ পৰামৰ্শ দিয়ে। কিন্তু ধ্যান কৰাৰ লগতে প্ৰকৃতিৰ মাজত থাকিবলৈ চেষ্টা কৰক। বাহিৰলৈ ওলাই গৈ খোজ কাঢ়িব। গছ-গছনি থকা ঠাইত থাকিবলৈ চেষ্টা কৰক।

ফোনত অবিৰত ৰিল চোৱা বা সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ অভ্যাসটো একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ বিপৰীতে কিছুমান অভিজ্ঞতা লিখি ৰখাৰ অভ্যাস কৰিব পাৰে। এটা বিষয়ৰ ওপৰত চিন্তা কৰক আৰু লিখি ৰাখক।

যদি কোনো বিষয়ত খং উঠে বা বিষয়টোক লৈ চিন্তা কৰি অস্থিৰ হয় বা ভাগৰুৱা অনুভৱ কৰে, তেন্তে দহ মিনিট সময় উলিয়াই বহি গভীৰভাৱে উশাহ লওক আৰু উশাহ এৰি দিয়ক। এই প্ৰক্ৰিয়াই আপোনাৰ মনটো অলপ শান্ত কৰিব।

পাৰিলে প্ৰাণায়ম অভ্যাস কৰিব পাৰে। দৈনিক প্ৰাণায়মৰ অভ্যাসে মানসিক চাপ হ্ৰাস কৰে আৰু মনটোক স্থিৰ কৰে। মানসিক অৱসাদ দূৰ কৰাৰ অন্যতম উত্তম উপায় প্ৰাণায়াম।

মনটোক সুস্থ কৰি ৰাখিবলৈ বন্ধ-বান্ধৱীৰ সৈতে ক্ৰীড়া-কলাপত অংশগ্ৰহণ কৰিব পাৰে। ই সমগ্ৰ শৰীৰৰ বাবেও অতি উপকাৰী।

তেজ গোট মাৰিলে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক...
মাইগ্ৰেইন হ'লে কি হয়? ইয়াৰ লক্ষণবোৰ জানক
স্তনৰ বিষ অনুভৱ হৈ থাকে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
ছাল আৰু চুলিৰ বাবে উপকাৰী এই পাত, গুণ জানি হ'ব আচৰিত!