প্লাষ্টিকৰ পাত্ৰত খাদ্য খালে কৰ্কট ৰোগ হয় নেকি? জানক চিকিৎসকৰ পৰা সকলো…
Plastic Use: আজিকালি প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ সাধাৰণ হৈ পৰিছে। খাদ্য ৰখা পাত্ৰটোৰ পৰা আৰম্ভ কৰি খাদ্য খোৱা প্লেটখনলৈ সকলোতে প্লাষ্টিক ব্যৱহাৰ কৰা হয়। কিন্তু প্ৰশ্ন হয়, প্লাষ্টিক প্লেট ব্যৱহাৰ কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে নেকি?

পাষ্টিক ব্যৱহাৰ
বৰ্তমান সময়ত প্লাষ্টিক ব্যৱহাৰ সাধাৰণ হৈ পৰিছে। খাদ্য থোৱা পাত্ৰটোৰ পৰা আৰম্ভ কৰি চাহ খোৱা কাপ, খাদ্য গ্ৰহণ কৰা প্লেটখনলৈ সকলোতে প্লাষ্টিক ব্যৱহাৰ কৰা হয়। অনলাইন ডেলিভাৰীত প্লাষ্টিকৰ ব্যৱহাৰ অধিক। কিন্তু এইদৰে খাদ্য গ্ৰহণ কৰিলে বিপদ হ’ব পাৰে। বহুতে দাবী কৰে যে, বেছিকৈ প্লাষ্টিক ব্যৱহাৰ কৰিলে কৰ্কট ৰোগ হ’ব পাৰে। এয়া কিমান সঁচা? এই সন্দৰ্ভত সবিশেষ জনাইছে বিশেষজ্ঞই।
দেশত কৰ্কট ৰোগীৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০২৪ চনত ভাৰতত ১৪ লাখ নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। অস্বাস্থ্যকৰ খাদ্যভাস হৈছে বেছিভাগ কৰ্কট ৰোগৰ মূল কাৰণ। কিয়নো আজিৰ সময়ত ফাষ্ট ফুডৰ ব্যৱহাৰ অধিক হৈ পৰিছে। এনে খাদ্যত ৰাসায়নিক পদাৰ্থ মিহলি কৰা হয়, যাৰ ফলত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। বহুতে প্লাষ্টিকত খাদ্য পেক কৰে কিয়নো বহু সময় গৰম হৈ থাকে। পিছে প্লাষ্টিকত খাদ্য খালে কৰ্কট ৰোগ হ’ব পাৰে।
প্লাষ্টিকত খাদ্য খালে কেন্সাৰ হয় নেকি?
এই সন্দৰ্ভত সবিশেষ জনাইছে , মেক্স হস্পিতালৰ অংক’লজিষ্ট ডাঃ ৰোহিত কাপুৰে। এন চি বি আইত প্ৰকাশিত এক অধ্যয়নৰ উদ্ধৃতি দি তেওঁ কয় যে, যি প্লাষ্টিকত আপুনি খাদ্য গ্ৰহণ কৰে সেই প্লাষ্টিক যদি সামান্য গৰমো হয় তেন্তে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গৰম খাদ্য খালে প্লাষ্টিকৰ পৰা বিপিএ (BPA (Bisphenol A)) আৰু ফ্থালেটছ (Phthalates)ৰ দৰে ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। তেনে অৱস্থাত খাদ্যৰ জৰিয়তে ৰাসায়নিক পদাৰ্থ আমাৰ শৰীৰত প্ৰৱেশ কৰে। দীৰ্ঘদিন ধৰি প্লাষ্টিকৰ প্লেট বা যিকোনো পাত্ৰত গৰম খাদ্য খালে হৰম’নৰ ভাৰসাম্যহীনতা হয়। লগতে কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।
প্লাষ্টিকৰ পাত্ৰত খাদ্য খাব নালাগে
ডাঃ কাপুৰে কয় যে যিকোনো প্লাষ্টিকৰ পাত্ৰত গৰম খাদ্য খাব নালাগে। ইয়াৰ সলনি কাঁচ, কাঁহ বা মাটিৰ বাচন ব্যৱহাৰ কৰিব পাৰে। ইয়াৰোপৰি মাইক্ৰৱেভত খাদ্য গৰম কৰি খাব নালাগে। তেওঁ আৰু কয় যে, অৱশ্যে প্লাষ্টিকত খাদ্য খালেই কেন্সাৰ হ’ব বুলি কব নোৱাৰি, কিন্তু ই সম্ভৱনা বহু বৃদ্ধি কৰে। যিসকলে দীৰ্ঘদিন ধৰি প্লাষ্টিকৰ পাত্ৰত গৰম খাদ্য খাই আহিছে সেইসকলৰ বাবে বিপদৰ সম্ভাৱনা বহু বেছি।
অন্য খবৰ পঢ়কঃ খাওক এই ঘৰুৱা পানীয়! ৫ মিনিটতে হ্ৰাস পাব পেট ফুলাৰ সমস্যা…