শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Alzheimers: সৰু সৰু কথা পাহৰি যোৱাটো স্বাভাৱিক নে এলঝেইমাৰৰ লক্ষণ? সবিশেষ জানক…

আপুনি হয়তো কেতিয়াবা এনেকুৱাৰ সন্মুখীন হৈছে, আপুনি বস্তু এটা ক’ত থৈ গৈছিল বা আপুনি কিয় ফোন কৰিছে মনত নপৰে। কিন্তু এইটো স্বাভাৱিক পাহৰণি নে এলঝেইমাৰৰ লক্ষণ? কেনেকৈ চিনাক্ত কৰিব পাৰি? ই যথেষ্ট সহজ, আৰু মাত্ৰ কেইটামান লক্ষণত মনোযোগ দিব লাগিব।

Alzheimers: সৰু সৰু কথা পাহৰি যোৱাটো স্বাভাৱিক নে এলঝেইমাৰৰ লক্ষণ? সবিশেষ জানক…
এলঝেইমাৰৰ লক্ষণImage Credit source: Getty images
trishna-kalita
Trishna Kalita | Published: 12 Nov 2025 11:48 AM

কেতিয়াবা নিজৰ কোঠালৈ গৈ পাহৰি যায় নেকি আপুনি কি ল’বলৈ গৈছিল? নে চিনাকি মানুহ নাম, ক’ৰবাত চাবি পাহৰি যায়? এনে সৰু সৰু কথা পাহৰি যোৱা সমস্যা আমাৰ সকলোৰে লগত হয়। কিন্তু এই পাহৰি যোৱাটো যেতিয়া পুনৰাবৃত্তিমূলক পৰিঘটনাত পৰিণত হয়, তেতিয়া ভাবিবলৈ বাধ্য কৰে যে, ই এলঝেইমাৰৰ দৰে গুৰুতৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

আচলতে কথাবোৰ পাহৰি যোৱা আৰু এলঝেইমাৰ ৰোগৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। কিন্তু ই কেতিয়াবা পলমকৈ ৰোগ চিনি পোৱাৰ কাৰণ হ’ব পাৰে। এতিয়া আমি কেনেকৈ চিনাক্ত কৰিম যে সৰু সৰু কথা পাহৰি যোৱাটো স্বাভাৱিক নে এলঝেইমাৰৰ লক্ষণ? ডাঃ অতুল প্ৰসাদৰ (ভাইচ চেয়াৰমেন আৰু HOD Neurology, BLK-Max Super Specialty Hospital)ৰ পৰা ইয়াৰ উত্তৰ জানো আহক।

আমি কিয় সৰু সৰু কথা পাহৰি যাওঁ?

আমাৰ মগজুৱে ছুপাৰ কম্পিউটাৰৰ দৰে কাম কৰে যদিও কেতিয়াবা ই অভাৰলোড হৈ পৰে। মানসিক চাপ, ভাগৰ, টোপনিৰ অভাৱ বা মাল্টিটাস্কিঙৰ ফলত স্মৃতিশক্তি প্ৰভাৱিত হোৱাটো স্বাভাৱিক। সাধাৰণ পাহৰি যোৱাটো বৈশিষ্ট্য হ’ব পাৰে:

  • নাম বা শব্দ মনত নাথাকে, কিন্তু কিছু সময়ৰ পিছত আকৌ মনত পৰে
  • মাজে মাজে চাবি বা চশমা ভুল ঠাইত থোৱা।
  • সৰু সৰু কামবোৰ পাহৰি যোৱা, যেনে ফোনত কথা পতা।
  • এই পাহৰণিবোৰে দৈনন্দিন জীৱনত কোনো প্ৰভাৱ নেপেলায়।

এলঝেইমাৰ কেনেকৈ বেলেগ?

এলঝেইমাৰ কেৱল “পাহৰি যোৱা” নহয়, বৰঞ্চ মগজুৰ এক প্ৰগতিশীল ৰোগ যিয়ে ক্ৰমান্বয়ে স্মৃতি আৰু চিন্তা ক্ষমতা ধ্বংস কৰে। এলঝেইমাৰ ৰোগত পাহৰি যোৱাৰ কিছুমান বৈশিষ্ট্য হ’ল-

পুনৰাবৃত্তিমূলক প্ৰশ্ন – একেটা প্ৰশ্ন বাৰে বাৰে সোধা, আৰু উত্তৰ পোৱাৰ পিছতো একেটা প্ৰশ্নকে কিছু সময়ৰ পিছত পুনৰ পুনৰাবৃত্তি কৰা।

দৈনন্দিন কামত অসুবিধা – ৰন্ধা-বঢ়া, বিল পৰিশোধ, গা ধোৱা আদিত সমস্যা।

সময় আৰু স্থানৰ বিষয়ে বিভ্ৰান্তি – নিজৰ চুবুৰীত হেৰাই যোৱা, দিন, তাৰিখ বা বতৰৰ খবৰ হেৰুৱাই পেলোৱা।

বস্তুবোৰ ভুলকৈ ৰখা – বিচনাৰ তলত ফ্ৰীজত বা পাৰ্চত চাবি থৈ দিয়া, আৰু তাৰ পিছত মনত নপৰা।

কথা কোৱাত অসুবিধা – কথা-বতৰাৰ সময়ত সঠিক শব্দ বিচাৰিবলৈ সংগ্ৰাম কৰা, বাক্যবোৰ অসম্পূৰ্ণ কৰি ৰখা।

মেজাজ আৰু আচৰণৰ পৰিৱৰ্তন – খিংখিঙীয়া, সন্দেহজনক, হতাশ হোৱা, বা সামাজিক যোগাযোগৰ পৰা আঁতৰি যোৱা।

দুয়োটাৰ মাজত কি কি মূল পাৰ্থক্য আছে?

স্বাভাৱিক পৰিস্থিতিত এজন ব্যক্তিয়ে কিবা ইংগিত পোৱাৰ পিছত কথাবোৰ মনত পৰে। কিন্তু এলঝেইমাৰ ৰোগত পাহৰি যোৱা বস্তুটো পাহৰি যায়, যেন স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে মচি পেলোৱা হৈছে।

কেতিয়া সজাগ হ’ব লাগে?

  • যদি আপুনি বা পৰিয়ালৰ কোনো সদস্যই তলত দিয়া লক্ষণসমূহ দেখুৱায় তেন্তে সজাগ হওক:
  • শেহতীয়াকৈ হোৱা কোনো কথা-বতৰা বা পৰিঘটনা সম্পূৰ্ণৰূপে পাহৰি যায়।
  • চিনাকি মানুহ বা ঠাই চিনি পোৱাত অসুবিধা হয়।
  • সিদ্ধান্ত লোৱাৰ ক্ষমতা হ্ৰাস কৰে, যেনে শীতকালত পাতল কাপোৰ পিন্ধা।
  • বেংকৰ কাম বা সংখ্যা মনত ৰখাৰ দৰে কামৰ সৈতে অহৰহ সংগ্ৰাম কৰে।

যদি এনে লক্ষণ দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটোৱেই প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ। সময়মতে আৰু উপযুক্ত চিকিৎসাৰ দ্বাৰা এলঝেইমাৰৰ প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস পাব পাৰে।