শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জৰায়ুৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? মহিলাসকলে মাথোঁ এইবোৰ নকৰিব ভুল!

জৰায়ুৰ সংক্ৰমণ হ’লে কেফেইন (চাহ, কফি, চ’ডা), মদ, টেঙা খাদ্য, টেঙাজাতীয় ফল আৰু অত্যধিক মিঠা বা নিমখীয়া খাদ্য পৰিহাৰ কৰিব লাগে, কিয়নো এই সকলোবোৰে মূত্ৰাশয়ত বিৰক্তিকৰ কৰি সংক্ৰমণ আৰু বেয়া কৰি তুলিব পাৰে।

জৰায়ুৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব? মহিলাসকলে মাথোঁ এইবোৰ নকৰিব ভুল!
barasha-misra
Barasha Misra | Published: 12 Nov 2025 16:16 PM

আজিকালি মহিলাৰ জৰায়ুৰ সংক্ৰমণ সাধাৰণ সমস্যা যদিও ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ আমি জনা উচিত। কাৰণ এই ৰোগ যদি সময়মতে চিনাক্ত নহয়, তেন্তে এই ৰোগে গুৰুতৰ ৰূপ ল’ব পাৰে। ইয়াৰ ফলত এগৰাকী নাৰীৰ মাতৃ হোৱাৰ সপোনো ভাঙিব পাৰে! জৰায়ুত সংক্ৰমণ হ’লে জৰায়ুত আন বহুতো সমস্যাই দেখা দিব পাৰে।

জৰায়ুৰ সংক্ৰমণ হ’লে কেফেইন (চাহ, কফি, চ’ডা), মদ, টেঙা খাদ্য, টেঙাজাতীয় ফল আৰু অত্যধিক মিঠা বা নিমখীয়া খাদ্য পৰিহাৰ কৰিব লাগে, কিয়নো এই সকলোবোৰে মূত্ৰাশয়ত বিৰক্তিকৰ কৰি সংক্ৰমণ আৰু বেয়া কৰি তুলিব পাৰে।

জৰায়ু বা গৰ্ভাশয় (uterus) হৈছে স্ত্ৰীলিঙ্গৰ মানুহকে ধৰি স্তন্যপায়ী জন্তুৰ তলপেটত থকা এক ফোঁপোলা মাংসযুক্ত অংগ, যি বাঢ়ি অহা ভ্ৰূণ ধাৰণ কৰে। ডাঃ চঞ্চলে কয় যে, শৰীৰত বহু প্ৰকাৰৰ বিপদজনক বেক্টেৰিয়া থাকে। কোনো বেক্টেৰিয়া যদি মহিলাৰ ব্যক্তিগত অংগৰ যোগেদি জৰায়ুত প্ৰৱেশ কৰে, তেতিয়া জৰায়ুত সংক্ৰমণ হয়। এই সংক্ৰমণৰ ফলত বন্ধ্যাত্বৰ সৃষ্টি হ’ব পাৰে। গতিকে আপুনি এই বেমাৰক সহজভাৱে ল’ব নালাগে আৰু যদি এই লক্ষণসমূহে দেখা দিয়ে তেন্তে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লওক।

লক্ষণ

  • যদি আপোনাৰ পেটৰ তলৰ অংশ ফুলি উঠা যেন লাগে আৰু প্ৰায়ে এনেকৈ থাকে তেন্তে পৰীক্ষা কৰক।
  • প্ৰস্ৰাৱ কৰাৰ সময়ত বিষ বা জ্বলা-পোৰা অনুভৱ কৰিলেও সাৱধান হওক।
  • ঋতুস্ৰাৱৰ সময়ত অসহ্যকৰ বিষ হ’লে সহজভাৱে নল’ব। ই জৰায়ুৰ সংক্ৰমণৰ লক্ষণো হ’ব পাৰে।
  • জৰায়ুৰ সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব জানক
  • সুৰক্ষিত যৌন সম্পৰ্ক কৰা
  • পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়া
  • সুষম খাদ্য খোৱা

প্ৰচুৰ পৰিমাণে পানী খোৱাটোৱেই হৈছে সৰ্বোত্তম চিকিৎসা। ক্ৰেনবেৰীৰ ৰসে প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা উপশম ঘটাব পাৰে। দৈত প্ৰ’বায়’টিক থাকে, যিয়ে শৰীৰক বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। নাৰিকল পানীয়ে শৰীৰত ইলেক্ট্ৰ’লাইট কমি যাবলৈ নিদিয়ে, যাৰ বাবে সমস্যাবোৰ লক্ষণ কমি যায়।