কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানক চিকিৎসকৰ পৰা…

Cancer Prevent: বৰ্তমান দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। কম বয়সীয়া যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে, বহুতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। কিন্তু কিছুমান বিশেষ উপায়ে ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰে।

কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানক চিকিৎসকৰ পৰা...

কৰ্কট ৰোগ

Published: 

12 Nov 2025 18:20 PM

বিগত কেইটামান বছৰৰ পৰা দেশত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। যাৰ বাবে ই এক উদ্বেগজনক সমস্যা হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, প্ৰতিবছৰে সমগ্ৰ দেশত প্ৰায় ১ কোটি লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। যাৰ বাবে ই মৃত্যুৰ দ্বিতীয় প্ৰধান কাৰণ। ভাৰতত প্ৰতিবছৰে প্ৰায় ১৪ লাখতকৈ অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয়।

যেতিয়া শৰীৰৰ কোনো অংশত অস্বাভাৱিকভাৱে কোষ বৃদ্ধি পায় তেতিয়া কৰ্কট ৰোগ হয়। ইয়াৰ ফলত চাৰিওফালৰ কলা বা অংগসমূহৰো ক্ষতিসাধন হয়। যদি আগতীয়াকৈ এই ৰোগ ধৰা নপৰে তেন্তে আন অংশলৈও বিয়পিব পাৰে।

কাৰণ

খাদ্যভাস, জীৱনশৈলী আদি কৰ্কট ৰোগৰ মূল কাৰণ। ধূমপান, সুৰাপান, জাংক ফুড, মেদবহুলতা, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, মানসিক চাপ, পাৰিবাৰিক ইতিহাস আদিৰ বাবে এই ৰোগ হ’ব পাৰে। কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ। তাৰ ভিতৰত হাওঁফাওঁ, যকৃত, মুখ, স্তন, ছাৰ্ভাইকেল আদি কেন্সাৰ অন্যতম। ইয়াৰোপৰি জিনীয়, সংক্ৰামক বা হৰম’নৰ কাৰকৰ দ্বাৰাও কৰ্কট ৰোগ হ’ব পাৰে। অৱশ্যে সুস্থ জীৱনশৈলীৰ দ্বাৰা কেন্সাৰৰ সম্ভাৱনা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি।

প্ৰতিৰোধ কেনেকৈ কৰিব

কেন্সাৰৰ ৰোগৰ পৰা কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি সেই সন্দৰ্ভত সবিশেষ জনাইছে মেক্স হাস্পতালৰ অংক’লজী বিভাগৰ ডাঃ ৰোহিত কাপুৰে। তেওঁ কয় যে, কৰ্কট ৰোগৰ সম্ভাৱনা কম কৰাৰ বাবে কিছুমান দিশত গুৰুত্ব দিয়া অতি প্ৰয়োজন।

  • ধূমপান আৰু ধঁপাতজাতীয় সামগ্ৰী বৰ্জন কৰক। এইবোৰৰ বাবে হাওঁফাওঁ, ডিঙি, মুখ, পেটৰ কৰ্কট ৰোগ হয়।
  • সুস্থ জীৱনশৈলী গ্ৰহণ কৰক। ইয়াৰ বাবে সুষম খাদ্য খাওক, নিয়মিতভাৱে ব্যায়াম, ওজন নিয়ন্ত্ৰণ আদি কৰক। জীৱনশৈলীত সমস্যা আহিলে স্তন, হৃদযন্ত্ৰ, যকৃত আদিৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।
  • নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু টিকাকৰণ কৰা। এইচ পি ভি আৰু হেপাটাইটিছ বি ভেকচিনে কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

গুৰুত্বপূৰ্ণ

  • মানসিক চাপ কম কৰক।
  • পৰ্যাপ্ত টোপনি যাওক।
  • ফল-মূল, শাক-পাচলি খাওক।
  • সুৰাপান, ধূমপান কম  কৰক।
  • প্ৰদূষণ আৰু ৰাসায়নিক পদাৰ্থৰ অত্যধিক সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক।
  • শৰীৰৰ কোনো অস্বাভাৱিক পৰিৱৰ্তনক আওকাণ নকৰিব।

 

অন্য খবৰ পঢ়কঃ বৃক্কত ক্ৰিয়েটিনিন বৃদ্ধি পালে শৰীৰে দিয়ে এইসমূহ ইংগিত! জানক চিকিৎসকৰ পৰা…

বৃক্ক বিকলৰ পূৰ্বে নিশা দেখা দিয়ে এইসমূহ লক্ষণ! জানক সকলো...
কলেষ্টেৰল নিয়ন্ত্ৰণ ৰাখিবলৈ খাওক এইসমূহ শাক-পাচলি...
কলৰ সৈতে জালুক মিহলাই খালে কি হ’ব? জানক...
উচ্চ ৰক্তচাপৰ সমস্যা হ'লে কি কৰিব ? নিয়ন্ত্ৰণৰ বাবে ৭ টা পৰামৰ্শ