এই খাদ্যই আপোনাৰ শুক্ৰাণুৰ সংখ্যা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে ! জানক কি খাব কি নাখাব ?
ভুল খাদ্যই আপোনাৰ শুক্ৰাণুৰ পৰিমাণ আৰু গুণগত মান হ্ৰাস কৰিব পাৰে। যৌন স্বাস্থ্য বজাই ৰাখিবলৈ সঠিক খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।

খাদ্যই শুক্ৰাণুৰ সংখ্যাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় । বিশেষজ্ঞৰ মতে, ভুল খাদ্যই আপোনাৰ শুক্ৰাণুৰ পৰিমাণ আৰু গুণগত মান হ্ৰাস কৰিব পাৰে। যৌন স্বাস্থ্য বজাই ৰাখিবলৈ সঠিক খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন । শুক্ৰাণুৰ সংখ্যা সুস্থ আৰু ইয়াৰ গুণগত মান বজাই ৰাখিবলৈ কি খাব লাগে আৰু কি খাব নালাগে এই প্ৰতিবেদনৰ জৰিয়তে জানক ।
টিভি৯ বাংলাই প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, ডাঃ সুদীপ সামন্ত নামৰ এগৰাকী চিকিৎসকৰ মতে, শুক্ৰাণুৰ সংখ্যা বজাই ৰাখিবলৈ বা বৃদ্ধি কৰিবলৈ প্ৰথম গুৰুত্বপূৰ্ণ কথাটো হ’ল সঠিক জীৱনশৈলী গঢ়ি তোলা। অৰ্থাৎ ৭ৰ পৰা ৮ ঘণ্টা গভীৰ টোপনি, মানসিক চাপৰ পৰা উপশম আৰু নিয়মীয়া ব্যায়াম কৰাটো অতি প্ৰয়োজন। পুৰুষ যেতিয়া সক্ৰিয় থাকে তেতিয়া তেওঁলোকৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি পায়।
চিকিৎসকগৰাকীৰ মতে সুৰা হৈছে শুক্ৰাণুৰ খলনায়ক। অত্যাধিক মদ্যপানে শুক্ৰাণুৰ অধিক ক্ষতি কৰে। কিন্তু কেৱল মদ্যপানেই নহয়, অত্যধিক ধূমপানে শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে। তদুপৰি চিকিৎসকগৰাকীৰ মতে, যিসকল পুৰুষে নিয়মিতভাৱে ফাষ্ট ফুড খায় তেওঁলোকৰ শুক্ৰাণুৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাব পাৰে ।
শুক্ৰাণুৰ সংখ্যা কেনেকৈ বৃদ্ধি কৰিব পাৰি?
- ৰাতিপুৱা এই অভ্যাস গঢ়ক । পুৱা সোনকালে উঠি কিছু লঘু ব্যায়াম কৰিবলৈ আৰম্ভ কৰক । ইয়াৰ বাবে আপুনি জিমলৈ যাব পাৰে। নিজকে সক্ৰিয় কৰি ৰাখক।
- খাদ্য তালিকাত প্ৰচুৰ পৰিমাণৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰা। অন্ততঃ প্ৰতিদিনে ফল-মূল খাবলৈ আৰম্ভ কৰক। তৰমুজ, আপেল, পকা অমিতা খাব পাৰে।
- মানসিক একেবাৰে গ্ৰহণ নকৰিব। মানসিক চাপৰ পৰা উপশম পাবলৈ প্ৰতিদিনে ধ্যান কৰিব পাৰে । একেদৰে মোবাইলৰ ব্যৱহাৰ হ্ৰাস কৰক, কিতাপ পঢ়ক আৰু চিনেমা চাওক।