দেৱালীত আদৰ কমিছে নেকি মাটিৰ চাকিৰ?

⁠সমাগত পোহৰৰ উৎসৱ দীপাৱলী। কিন্তু আগৰ দৰে হৈ থকা নাই আজিৰ পোহৰৰ উৎসৱ। মাটিৰ চাকিৰ পৰিৱৰ্তে এতিয়া বজাৰত স্থান পালে চীনা সামগ্ৰীয়ে।

দেৱালীত আদৰ কমিছে নেকি মাটিৰ চাকিৰ?
Updated On: 

19 Oct 2025 08:08 AM

আকৌ আহি পালে দীপাৱলী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মৃৎশিল্পী সকলে মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে। থলুৱা শিল্পীসকলে দিনে-নিশাই হাজাৰ-হাজাৰ মাটিৰ চাকি তৈয়াৰ কৰিছে । দীপাৱলীত চীনা সামগ্ৰী, লাইট আদিক প্ৰত্যাহ্বান জনাবলৈ থলুৱা শিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰি বজাৰ বিক্ৰীৰ বাবে সাজু কৰিছে ৷ সাধাৰণতে বছৰৰ আন সময়ছোৱাতকৈ দেৱালীৰ সময়ত মাটিৰ চাকি, ধূনাবাটিৰ চাহিদা অধিক হাৰত হোৱা দেখা যায় । কিন্তু লাহে লাহে বজাৰ দখল কৰিছে চীনা সামগ্ৰীয়ে, যাৰ বাবে দেৱালীত আদৰ কমিছে মাটিৰ চাকিৰ।

ৰাজ্যৰ বজাৰত চীনকে ধৰি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ৰঙবিৰঙৰ চাকিৰ লগতে লাইটেৰে বজাৰ ভৰি পৰাৰ বাবে মৃৎশিল্পী সকলে মাটিৰে তৈয়াৰ কৰা চাকিৰ সমাদৰ কমিছে ৷ ফলত পূৰ্বৰ দৰে এই মৃৎশিল্পী সকলে বনোৱা চাকিৰ বিক্ৰীও কম হৈ আহিছে। মৃৎশিল্পীসকলে ঘৰতেই বিভিন্ন প্ৰকাৰৰ চাকি নিৰ্মাণ কৰি বহু কষ্টেৰে ৰ’দত শুকুৱাই জুইত পুৰি বজাৰত বিক্ৰীৰ বাবে প্ৰস্তুত কৰিছে।

মৃৎ শিল্পীসকলৰ মতে, পূৰ্বত তুলনাত মাটিৰ সামগ্ৰীৰ বিক্ৰীৰ হাৰ বজাৰত যথেষ্ঠ কমিছে। যাৰ বাবে পৰিয়াল পোহপালন কৰাত কষ্টৰ সন্মুখীন হৈছে। তেওঁলোকৰ মতে, বছৰত বিভিন্ন সামগ্ৰী মাটিৰে প্ৰস্তুত কৰে যদিও পূজা, বিহু আৰু দেৱালীতহে মানুহে সামগ্ৰী ক্ৰয় কৰে। মাটিৰ সামগ্ৰীসমূহ সহজলব্ধৰ লগতে কম খৰচী। কিন্তু, সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজত দ্ৰুত পৰিবৰ্তন আহিল। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতি হ’ল, প্লাষ্টিক আৰু ধাতুৰ ভিন্ন সামগ্ৰীৰে বজাৰ ভৰি পৰিল। মানুহে ৰঙচঙীয়া বস্তুৰ প্ৰতি আকৰ্ষিত হ’ল, মানুহে মাটিৰ পাত্ৰ ঠুনুকা বুলি অবহেলিত কৰা হ’ল। বহুজনে ইয়াৰ উপকাৰিতাৰ বিষয়েও জ্ঞাত নহয়।

এদিন কালৰ সোঁতত হেৰাই যাব। গতিকে, এই শিল্পটোক বচোবাৰ দায়িত্ব এতিয়া সকলোৰে আহি পৰিছে। দীপাৱলীৰ আকাশ পোহৰাই তোলা এই মৃৎ শিল্পীসকলৰ পিছে নিজৰ পৰিয়ালবোৰ যেন এন্ধাৰতহে থাকে ৷ কোনোমতে পৰিয়াল পোহপাল দি থকা এই মৃৎ শিল্পীসকললৈ নাই কোনো চৰকাৰী সাহায্য ৷

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...