পৰকীয়া প্ৰেম! পত্নীৰ আক্ৰমণত প্ৰাণ গ’ল স্বামীৰ, তাৰ পিছত আচৰিত কাণ্ড…
শনিবাৰে শিৱম্মাক বলৰামে ফোন কৰিলে। বীৰান্নাই এই কথা গম পালে। সেইদিনা তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। তাৰ পিছত ৰাতিৰ আহাৰ কাই স্বামী শুই পৰিল। এই সময়ত শিৱম্মাই তেওঁৰ মূৰত লাঠিৰে আঘাত কৰে, যাৰ ফলত বীৰান্নাৰ মৃত্যু হয়।

মহীশূৰত পত্নীৰ আক্ৰমণত প্ৰাণ গ'ল স্বামীৰ
পৰকীয়া প্ৰেমৰ বাবে সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ ঘটনা। অবৈধ প্ৰেমৰ বিৰোধিতাৰে স্বামীক হত্যা কৰে পত্নীয়ে । প্ৰথমে তেওঁ মূৰত লাঠিৰে আঘাত কৰি হত্যা কৰিছিল আৰু তাৰ পিছত সন্দেহৰ পৰা হাত সাৰিবলৈ শাড়ীৰে মৃতদেহটো ওলোমাই থৈছিল। এই ঘটনাই সমগ্ৰ অঞ্চলটোত জোকাৰণিৰ সৃষ্টি কৰে। ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰে আৰক্ষী।
এই সমগ্ৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ মহীশূৰ জিলাৰ হুল্লাহল্লী থানা এলেকাত। এই অঞ্চলৰ বাসিন্দা শিৱম্মা আৰু বীৰান্নাৰ বিবাহ হৈছিল ১৩ বছৰ পূৰ্বে। তেওঁলোকৰ দুজন পুত্ৰ আছে। বিগত চাৰি বছৰ ধৰি এইচ ডি কোটেৰ বাসিন্দা বলৰামৰ সৈতে শিৱম্মাৰ বন্ধুত্ব আছিল। লাহে লাহে এই বন্ধুত্বই এক অবৈধ সম্পৰ্কত পৰিণত হ’ল। শিৱম্মাৰ স্বামী বীৰান্নাই এই কথা গম পাই তীব্ৰ বিৰোধিতা কৰিলে। এই বিষয়টো সন্দৰ্ভত এখন পঞ্চায়ত অনুষ্ঠিত কৰা হৈছিল। য’ত বলৰামক শিৱম্মাৰ সৈতে যোগাযোগ বন্ধ কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল।
ইয়াৰ পিছতো দুয়োৰে মাজত সম্পৰ্ক অব্যাহত থাকিল। তাৰ মাজতে শনিবাৰে শিৱম্মাক বলৰামে ফোন কৰিলে। বীৰান্নাই এই কথা গম পালে। সেইদিনা তীব্ৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। তাৰ পিছত ৰাতিৰ আহাৰ কাই স্বামী শুই পৰিল। এই সময়ত শিৱম্মাই তেওঁৰ মূৰত লাঠিৰে আঘাত কৰে, যাৰ ফলত বীৰান্নাৰ মৃত্যু হয়। ইয়াৰ পিছতে পত্নীয়ে হত্যাকাণ্ডক আত্মহত্যালৈ ৰূপ দিবলৈ চেষ্টা কৰে। তেওঁৰ শাড়ী ব্যৱহাৰ কৰি স্বামীক ওলোমাই থৈ কান্দি কান্দি ওচৰ-চুবুৰীয়াক স্বামীয়ে আত্মহত্যা কৰিছে বুলি ক’লে।
তাৰ পিছত ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰা হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পত্নীৰ আত্মহত্যাৰ কাহিনীক লৈ সন্দেহ হোৱাত আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা কৰে। তাৰ পিছত পত্নী শিৱম্মাই নিজৰ অপৰাধ স্বীকাৰ কৰে। স্বামীয়ে বলৰামৰ সৈতে সংস্পৰ্শলৈ অহাত বাধা দিছিল বুলিও কয় পত্নীয়ে। সেয়ে তেওঁ বীৰান্নাক হত্যা কৰা বুলি উল্লেখ কৰে। আৰক্ষীৰ পৰা পলায়ন কৰিবলৈ তেওঁ আত্মহত্যাৰ কাহিনী এটা ৰচনা কৰিছিল। আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক: ছিন্ন-ভিন্ন দেহা, আশাহত জীৱন! দিল্লীৰ বিস্ফোৰণত আপোনজনক হেৰুৱাৰ কাহিনী…