শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম, মেঘালয়লৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়…

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয় ভ্ৰমণ কৰিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰে । উপ-ৰাষ্ট্ৰপতি গৰাকীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে অঞ্চলটোৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সামগ্ৰিক উন্নয়নক প্ৰসাৰিত কৰা ।

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম, মেঘালয়লৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়…
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়
manas-borah
Manas Borah | Updated On: 16 Oct 2024 07:24 AM

আজি পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয় ভ্ৰমণ কৰিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰে । উপ-ৰাষ্ট্ৰপতি গৰাকীৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে অঞ্চলটোৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে সামগ্ৰিক উন্নয়নক প্ৰসাৰিত কৰা । উপ-ৰাষ্ট্ৰপতি গৰাকীৰ ভ্ৰমণসূচী সন্দৰ্ভত প্ৰকাশ পোৱা এক আনুষ্ঠানিক বিবৃতি অনুসৰি, উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শ্বিলঙৰ মাওদিয়াংদিয়াঙত মেঘালয় দক্ষতা আৰু উদ্ভাৱন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই পদক্ষেপে ৰাজ্য়খনত দক্ষতা বিকাশ আৰু উদ্ভাৱনক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

এই ভ্ৰমণৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শ্বিলঙৰ আই টি পাৰ্ক আৰু ৰাজভৱন ভ্ৰমণ কৰাৰ কথা আছে । লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু অন্যান্য উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ বিভিন্ন উন্নয়নমূলক বিষয় আৰু পদক্ষেপৰ বিষয়ে আলোচনা কৰিব। উল্লেখ্য যে, উপ-ৰাষ্ট্ৰপতি গৰাকীৰ ভ্ৰমণক লৈ মেঘালয় প্ৰশাসনে অধিক সতৰ্কতা অৱলম্বন কৰিছে ।

শ্বিলঙৰ যান-বান আৰক্ষীয়ে ১৬ আৰু ১৭ অক্টোবৰত সাধাৰণ ৰাইজৰ বাবে বিশেষ পথ নিৰ্দেশনাও জাৰি কৰিছে । নিৰাপত্তা আৰু সুৰক্ষিত যাত্ৰাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে শ্বিলঙৰ যান-বান আৰক্ষীয়ে। প্ৰয়োজন নহ’লে শ্বিলং আৰু ইয়াৰ আশে-পাশে অঞ্চলসমূহ ভ্ৰমণ নকৰিবলৈ কৰ্তৃপক্ষই নিৰ্দেশ দিছে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহন, গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহন, তেল টেংকাৰ, এফচিআই ট্ৰাক, স্থানীয় মিনি ট্ৰাক আদিকে ধৰি সকলো ধৰণৰ গধুৰ আৰু মজলীয়া বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে । ১৬ আৰু ১৭ অক্টোবৰত শ্বিলঙৰ অভিমুখে এই বাহনসমূহে যাত্ৰা কৰিব নোৱাৰিব । লগতে এই কথাও কোৱা হৈছে উপ-ৰাষ্ট্ৰপতি গৰাকীৰ থকালৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব ।

Latest News