আন এক নৰকীয় ঘটনা! চিকিৎসকৰ কোঠাত কৰ্তব্যৰত নাৰ্চৰ লগত জঘন্য কাণ্ড

উত্তৰ প্ৰদেশৰ মুৰাদাবাদত ব্যক্তিগত চিকিৎসালয়ৰ এগৰাকী নাৰ্ছক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি চিকিৎসালয়খনৰ চিকিৎসকে নাৰ্ছগৰাকীক ধৰ্ষণ কৰে।

আন এক নৰকীয় ঘটনা! চিকিৎসকৰ কোঠাত কৰ্তব্যৰত নাৰ্চৰ লগত জঘন্য কাণ্ড

উত্তৰ প্ৰদেশ

Published: 

19 Aug 2024 11:44 AM

কলকাতা কাণ্ডৰ ভুক্তভোগীৰ ন্যায়ৰ দাবীত দেশৰ পৰিস্থিতি উত্তাল হৈ থকাৰ মাজতে আন এক নৰকীয় ঘটনা পোহৰলৈ আহিছে। এনেবোৰ ঘটনা দেখিলে প্ৰশ্ন হয়, ক’ত সুৰক্ষিত মহিলা? ঘৰতেই হওত বা বাহিৰতে হওক, নিশাৰ অন্ধকাৰত হওক বা কৰ্তব্যস্থলীত হওক, সকলোতে যেন একাংশ মানৱৰূপী দানৱে দাঁত চোকা কৰি ৰৈ থাকে। এনে এক ঘটনাই পুনৰ পোহৰলৈ আহিছে যিয়ে সৰ্বশৰীৰ কঁপাই তুলিব আপোনাৰ। উত্তৰ প্ৰদেশৰ মুৰাদাবাদত ব্যক্তিগত চিকিৎসালয়ৰ এগৰাকী নাৰ্ছক ধৰ্ষণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। অভিযোগ অনুসৰি চিকিৎসালয়খনৰ চিকিৎসকে নাৰ্ছগৰাকীক ধৰ্ষণ কৰে।

এই সমগ্ৰ ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ঘটনাত চিকিৎসালয়খনৰ দুই ৱাৰ্ড বয়ো এই কাণ্ডত জড়িত হৈ আছে। আৰক্ষীয়ে ইতিমধ্যে ভুক্তভোগী মহিলাগৰাকীৰ চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছে। আনহাতে ভুক্তভোগীৰ পিতৃৰ অভিযোগৰ ভিত্তিত অভিযুক্ত চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ লগতে দুই ৱাৰ্ড বয়কে জেৰাৰ বাবে আটক কৰি ৰাখিছে আৰক্ষীয়ে।

ভুক্তভোগীৰ পিতৃয়ে ডিলাৰী থানাত এজাহাৰ দাখিল কৰি কয় যে তেওঁৰ ২০ বছৰীয়া কন্যাই ঠাকুৰদ্বাৰা- কাশীপুৰ পথত অৱস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত বিগত ১০ মাহ ধৰি নাৰ্ছ হিচাপে কাম কৰি আছিল। শনিবাৰে (১৭ আগষ্ট) সন্ধিয়া প্ৰায় ৭ বজাত তেওঁৰ কন্যা ঘৰৰ পৰা কৰ্তব্যস্থলীলৈ যায়। তেতিয়া অন্য এগৰাকী নাৰ্ছে জনাইছিল যে তেওঁক ডাঃ শ্বাহনৱাজে কিবা কথাৰ বাবে নিজ কোঠালৈ মাতি পঠিয়াইছে।

তেওঁৰ কন্যাই সেই কোঠালৈ যোৱাৰ বাবে অস্বীকাৰ কৰে। তাৰ পাছতে হাস্পতালৰ ৱাৰ্ড বয় জুনেইদ আৰু মেহনাজে জোৰকৈ তেওঁক ডাঃ শ্বাহনৱাজৰ কোঠালৈ লৈ যায় আৰু কোঠাত তলা মাৰি দিয়ে। অভিযোগ অনুসৰি নিশা প্ৰায় ১২মান বজাত চিকিৎসকজনে যুৱতীগৰাকীক পণবন্ধী কৰি ধৰ্ষণ কৰে। ইয়াৰ লগতে এই কথা কাৰোবাৰ আগত প্ৰকাশ কৰিলে প্ৰাণে মৰাৰ ভাবুকি দিয়ে।

পিতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত চিকিৎসকজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। আনহাতে অভিযুক্ত ৱাৰ্ড বয়ক আৰক্ষীয়ে জেৰাৰ বাবে জিম্মাত লৈছে। তেওঁলোকৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে চৰকাৰী চিকিৎসালয়ত ভুক্তভোগীক চিকিৎসা পৰীক্ষা কৰি তেওঁৰ বক্তব্য লিপিবদ্ধ কৰাইছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।

 

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...