শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সিপাৰৰ মানুহক সিপাৰলৈ পঠিওৱাৰ প্ৰস্তুতি, বিদেশী চিনাক্তকৰণ তথা বিতাড়নৰ বাবে গঠন বিশেষ টাস্ক ফ’ৰ্চ

বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক নিজৰ দেশলৈ ওভতাই পঠিওৱাৰ লক্ষৰেই গঠন কৰা হৈছে এই টাস্ক ফ'ৰ্চ।

সিপাৰৰ মানুহক সিপাৰলৈ পঠিওৱাৰ প্ৰস্তুতি, বিদেশী চিনাক্তকৰণ তথা বিতাড়নৰ বাবে গঠন বিশেষ টাস্ক ফ’ৰ্চ
অবৈধ অনুপ্ৰৱেশকাৰী বিতাড়নৰ প্ৰস্তুতি ত্ৰিপুৰাত (প্ৰতীকী ছবি)Image Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 20 Jul 2025 17:27 PM

কোন এইপাৰৰ আৰু কোন সিপাৰৰ? অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি নিজৰ প্ৰকৃত ঠিকনালৈ বিতাড়নৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ ত্ৰিপুৰা চৰকাৰৰ। পশ্চিম ত্ৰিপুৰাত অবৈধভাৱে বসবাস কৰি বাংলাদেশীক চিনাক্ত কৰাৰ বাবে গঠন স্পেচিয়েল টাস্ক ফৰ্চ।

জানিব পৰা মতে, এই বিশেষ টাস্ক ফ’ৰ্চত আছে ১৫ গৰাকী সদস্য। এই টাস্ক ফ’ৰ্চক নেতৃত্ব দিব এছ পি দেবাশিস সাহাই। বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি তেওঁলোকক নিজৰ দেশলৈ ওভতাই পঠিওৱাৰ লক্ষৰেই গঠন কৰা হৈছে এই টাস্ক ফ’ৰ্চ।

মূলতঃ বাংলাদেশৰ সৈতে প্ৰায় ৮৫৬ কিঃমিঃ সীমান্ত ভাগ-বাটোৱাৰা কৰে ত্ৰিপুৰাই। সেয়ে ইয়াত বাংলাদেশী অনুপ্ৰৱেশকাৰী আটকৰ ঘটনাও অধিক। ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই জনোৱা মতে, “পূৰ্বৰ তুলনাত ত্ৰিপুৰাত অনুপ্ৰৱেশৰ ঘটনা কমিলেও সম্পূৰ্ণ বন্ধ হোৱা নাই। সেই অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ এছ আই টি গঠন কৰা হৈছে।”

উল্লেখ্য যে, সাম্প্ৰতিক সময়ত ৰাজনৈতিক ক্ষেত্ৰত মূৰ দাঙি উঠিছে বাংলাদেশী অনুপ্ৰৱেশকাৰী সমস্যাই। অসমতো বাংলাদেশীক বিতাড়নৰ কথা কৈ আহিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। ইতিমধ্যে অসমৰ বহু চৰকাৰী ভূমিত অবৈধভাৱে বসবাস কৰা একাংশ বংগমূলীয় মুছলমানক উচ্ছেদো কৰা হৈছে। বাংলাদেশৰ পৰা অনুপ্ৰৱেশ কৰা বহু সংখ্যক অনুপ্ৰৱেশকাৰীক ইতিমধ্যে বিতাড়নো কৰা হৈছে। কেৱল ৰাজ্যতেই নহয়, দেশৰ ৰাজনীতিতো বাংলাদেশী এটা বিৰাট ইচ্যু। কিয়নো প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে বাংলাদেশীক খেদাৰ হুংকাৰ দিছিল নৰেন্দ্ৰ মোদীয়েও।