অভিযোগ আছিল উচটনিমূলক ভাষণ দিয়াৰ ! শ্বাৰ্জিল ইমামৰ আবেদন সন্দৰ্ভত শুনানি স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে

উত্তৰ-পূৰ্বক ভাৰতৰ ভূ-খণ্ড পৰা পৃথক কৰাৰ প্ৰসংগ উত্থাপন কৰা শ্বাৰ্জিল ইমামৰ আবেদনৰ শুনানি স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে । দিল্লীৰ জামিয়া আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত উচটনিমূলক ভাষণ দিয়াৰ অভিযোগত ২০২০ চনৰ জানুৱাৰী মাহত JNU ৰ ছাত্ৰ ইমামক গ্ৰেপ্তাৰ কৰা হৈছিল । এই অভিযোগত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু UAPA (Unlawful Activities Prevention Act)ৰ অধীনত গোচৰ চলি আছে। এই বিষয়টোত মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ’ব লাগিছিল । কিন্তু এই শুনানি এমাহৰ বাবে পিছুৱাই দিয়া হৈছে ।

অভিযোগ আছিল উচটনিমূলক ভাষণ দিয়াৰ ! শ্বাৰ্জিল ইমামৰ আবেদন সন্দৰ্ভত শুনানি স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে

JNU ৰ ছাত্ৰ নেতা শ্বাৰ্জিল ইমাম

Published: 

13 Aug 2024 18:40 PM

JNU ৰ ছাত্ৰ নেতা শ্বাৰ্জিল ইমামৰ নাম আপোনাৰ মনত আছে নে ? উত্তৰ-পূৰ্বক ভাৰতৰ ভূ-খণ্ড পৰা পৃথক কৰাৰ প্ৰসংগ উত্থাপন কৰা শ্বাৰ্জিল ইমামৰ আবেদনৰ শুনানি স্থগিত ৰাখিছে উচ্চতম ন্যায়ালয়ে । দিল্লীৰ জামিয়া আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত উচটনিমূলক ভাষণ দিয়াৰ অভিযোগত ২০২০ চনৰ জানুৱাৰী মাহত JNU ৰ ছাত্ৰ ইমামক গ্ৰেপ্তাৰ কৰা হৈছিল । এই অভিযোগত তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু UAPA (Unlawful Activities Prevention Act)ৰ অধীনত গোচৰ চলি আছে। এই বিষয়টোত মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ’ব লাগিছিল । কিন্তু এই শুনানি এমাহৰ বাবে পিছুৱাই দিয়া হৈছে ।

শ্বাৰ্জিল ইমামৰ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা সিদ্ধাৰ্থ ডেভে কয় যে, অসমত তেওঁৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰা হৈছে। ন্যায়াধীশ সঞ্জীৱ খান্নাই কয় যে, যদি প্ৰতিবাদীসকলৰ কিবা আপত্তি আছে তেন্তে তেওঁলোকে অৱগত কৰিব লাগে। লগতে দিল্লীত বিচাৰ চলিবনে নাই আৰু দাখিল কৰা অভিযোগনামা দিল্লীৰ সংশ্লিষ্ট আদালতলৈ প্ৰেৰণ কৰিব পাৰিব নে নাই সেয়াও লক্ষ্যণীয় হ’ব। ৪ সপ্তাহৰ পিছত বিষয়টো তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে ন্যায়াধীশ গৰাকীয়ে ।

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও শ্বাৰ্জিল ইমামৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানিও পিছুৱাই দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ে দেশদ্ৰোহৰ ১২৪ এ ধাৰা নিষিদ্ধ কৰাৰ পিছত উচটনিমূলক ভাষণ দিয়াৰ অভিযোগত অভিযুক্ত শ্বাৰ্জিল ইমামে অন্তৱৰ্তীকালীন জামিন আবেদন দাখিল কৰিছিল । কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে এই আবেদনৰ শুনানি পিছুৱাই দিয়ে।

মনকৰিবলগীয়া যে,আলিগড় মুছলিম বিশ্ববিদ্যালয় আৰু জামিয়া অঞ্চলত ইমামে উচটনিমূলক বা হিংসা বিয়পাব পৰা ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰিছিল দিল্লী আৰক্ষীয়ে । ইয়াৰ পাছতে ইমামৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়। পিছত ইউএপিএৰ অধীনত গোচৰ ৰুজু কৰা হয় । সেই সময়ত দিল্লীত হিংসাত্মক কাৰ্যত উচটনি দিয়াৰো অভিযোগ আছে শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে ।

অতিৰিক্ত চেছনচ ন্যায়াধীশ অমিতাভ ৰাৱটে ইমামৰ বিৰুদ্ধে আইপিচিৰ কেইবাটাও ধাৰা আৰোপ কৰিছিল । য’ত আছিল ইউএপিএৰ ১২৪এ, ১৫৩এ, ১৫৩বি, ৫০৫ আৰু ১৩ নং ধাৰা। উল্লেখ্য যে, শ্বাৰ্জিল ইমামে জে এন ইউৰ পৰা আধুনিক ভাৰতীয় ইতিহাস অধ্যয়ন কৰি আই আই টি মুম্বাইৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছে। এই গৰাকী ছাত্ৰই ২০২০ চনত অসমকে ধৰি উত্তৰ-পূৰ্বৰ কিছু অংশ ভাৰতৰ পৰা পৃথক কৰাৰ প্ৰসংগ উত্থাপন কৰিছিল ।

কম বিনিয়োগত লাখ টকা উপাৰ্জন, ডাকঘৰে আপোনাৰ বাবে লৈ আহিছে ডাঙৰ সুযোগ...
ডাৰ্ক চাৰ্কল পৰিছে নেকি? ঘৰুৱা পদ্ধতিৰে দূৰ কৰক সমস্যা!
উচ্চ ৰক্তচাপৰ পৰা ডায়েবেটিছলৈ... বহু সমস্যা দূৰ কৰিব মধুৰীআমে!
কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...