মন্দিৰত পদপিষ্ট হৈ ৯ ভক্তৰ শোকাৱহ মৃত্যু, কেইবাজনো আহত; শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ
এই শোকাৱহ ঘটনাত আন কেইবাজনো ভক্ত আহত হৈছে। আহত বহুকেইজন ভক্তৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত মৃতকৰ সংখ্যা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে।

মন্দিৰত পদপিষ্ট ঘটি বহুজনৰ মৃত্যু
অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ কাছিবুগ্গাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত আজি সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। ভক্তৰ ব্যাপক সমাগমৰ ফলত সৃষ্টি হোৱা হেঁচা-ঠেলাৰ পৰিণতিত মন্দিৰত পদপিষ্ট হৈ ৯ গৰাকী ভক্তই প্ৰাণ হেৰুৱাইছে। এই শোকাৱহ ঘটনাত আন কেইবাজনো ভক্ত আহত হৈছে। আহত বহুকেইজন ভক্তৰ অৱস্থা সম্প্ৰতি সংকটজনক বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত মৃতকৰ সংখ্যা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। আহত লোকসকলক তাৎক্ষণিক চিকিৎসাৰ বাবে সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে। এই ঘটনাক লৈ শোক প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। তেওঁ লগতে তাৎক্ষণিকভাৱে চিকিৎসাৰ লগতে আন উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে।
প্ৰকাশিত খবৰ অনুসৰি শ্ৰীকাকুলাম জিলাৰ কাছিবুগ্গাৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত আজি পুৱাৰে পৰা একাদশীৰ বাবে ভক্তৰ যথেষ্ট ভিৰ হৈছিল। অসংখ্য ভক্তৰে ভৰি পৰিছিল মন্দিৰ চৌহদ।
কিন্তু হঠাতে ব্যাপক জনসমাগমৰ ফলত মন্দিৰ চৌহদত হেঁচা-ঠেলা লাগে। এনে পৰিস্থিতিত বহু লোক তলত বাগৰি পৰে। নিজকে ৰক্ষাৰ বাবে লোকসকলে মুকলি স্থানলৈ ওলাই যোৱাৰ চেষ্টা চলায় আৰু তেওঁলোকৰ গচকত প্ৰাণ হেৰুৱায় তলত বাগৰি পৰা ৯ গৰাকী ভক্তই। এই অনাকাংক্ষিত অৱস্থাত মন্দিৰ চৌহদৰ লগতে কাষৰীয়া অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
এই ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে লগে লগে সমবেত একাংশ লোকৰ সহায়ত উদ্ধাৰ অভিযান চলাই আহত লোকসকলক উদ্ধাৰ কৰে আৰু এম্বুলেঞ্চ যোগে স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
চিকিৎসকে পৰীক্ষাৰ অন্তত ৯ জন লোকক মৃত ঘোষণা কৰে। ইফালে চিকিৎসাধীন কেইবাজনো আহত লোকৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি অত্যন্ত সংকটজনক হৈ আছে বুলি জানিব পৰা গৈছে। এনে পৰিস্থিতিত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।
এই ঘটনাক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। টুইটাৰত এক পোষ্ট যোগে তেওঁ ভেংকটেশ্বৰ মন্দিৰত হোৱা ঘটনাক অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিয়ে। মৃতকৰ পৰিয়াললৈ সমবেদনা জনাই মুখ্যমন্ত্রীগৰাকীয়ে আহত লোকসকলৰ সম্ভৱপৰ উত্তম চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নির্দেশ দিছে।