ভূটানৰ পৰা আহিয়েই দিল্লী বিস্ফোৰণৰ ভুক্তভোগীক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
শেহতীয়াকৈ ভূটানৰ পৰা উভতি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এল এন জে পি হাস্পতাললৈ গৈ বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰে। তেওঁ ভুক্তভোগীসকলক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।
দুদিনীয়া ভূটান ভ্ৰমণৰ পৰা উভতি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীত অৱতৰণ কৰাৰ পিছত পোনে পোনে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ যোৱাৰ পৰিৱৰ্তে তেওঁ এল এন জে পি হাস্পতাললৈ যায়। তাতেই তেওঁ দিল্লী বিস্ফোৰণৰ বলি হোৱা লোকসকলৰ সৈতে সাক্ষাৎ কৰে। ভূটানত দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে স্পষ্টকৈ উল্লেখ কৰে যে কোনো ষড়যন্ত্ৰকাৰীক ৰেহাই দিয়া নহ’ব। দিল্লী বিস্ফোৰণ সন্দৰ্ভতো আজি প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
শেহতীয়াকৈ ভূটানৰ পৰা উভতি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এল এন জে পি হাস্পতাললৈ গৈ বিস্ফোৰণত আহতসকলক সাক্ষাৎ কৰে। তেওঁ ভুক্তভোগীসকলক সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে। চিকিৎসকৰ দলৰ সৈতেও তেওঁ সাক্ষাৎ কৰে। চিকিৎসালয়ত ভুক্তভোগীক সাক্ষাৎ কৰাৰ পিছত পুনৰবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে বিস্ফোৰণৰ দোষীক ৰেহাই দিয়া নহ’ব বুলি উল্লেখ কৰে।
সমগ্ৰ গোচৰৰ তদন্ত অব্যাহত আছে এন আই এই
লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপত সংঘটিত বিস্ফোৰণৰ গোচৰত দিল্লী আৰক্ষীয়ে কোতৱালি থানাত অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ), বিস্ফোৰক আইন, বিএনএছৰ ১৬ আৰু ১৮ নং ধাৰাত গোচৰ ৰুজু কৰিছে। অৱশ্যে সমগ্ৰ গোচৰৰ তদন্ত NIAৰ হাতত অৰ্পণ কৰা হৈছে।
গাড়ীত ডাঃ ওমৰ আছিল নেকি?
সন্ত্ৰাসবাদী ডাঃ ওমৰ পুলৱামাৰ কইলৰ বাসিন্দা আছিল। ২০১৭ চনত শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছ সম্পূৰ্ণ কৰিছিল ওমৰে। লালকিল্লাৰ সমীপত বিস্ফোৰণ ঘটা গাড়ীখনত সন্ত্ৰাসবাদী ওমৰ উপস্থিত থকাৰ সন্দেহ কৰা হৈছে। অৱশ্যে ওমৰ উপস্থিত আছিল নে নাই সেয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই। বৰ্তমান ডি এন এৰ নমুনা পৰীক্ষা চলি আছে, তেতিয়াহে ওমৰ গাড়ীত আছিল নে নাই সেইটো নিৰ্ণয় কৰা সম্ভৱ হ’ব।
Went to LNJP Hospital and met those injured during the blast in Delhi. Praying for everyone’s quick recovery.
Those behind the conspiracy will be brought to justice! pic.twitter.com/HfgKs8yeVp
— Narendra Modi (@narendramodi) November 12, 2025
নিৰাপত্তা সংস্থাই আল ফালাহ বিশ্ববিদ্যালয়, ধৌজ, ফাতেহপুৰ টাগা, ফৰিদাবাদ, জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলতো তালাচী চলাইছে। ড° ওমৰে তাত আল ফালাহ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ
বিস্ফোৰণত নিহতসকলৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পাইছে। ইয়াৰ পৰা দেখা যায় যে কাণৰ পৰ্দা, হাওঁফাওঁ আৰু অন্ত্ৰ ফাটি গৈছিল। তদুপৰি মৃতদেহ দুটাৰ হাড় ভাঙি যোৱাৰ লগেত মূৰত আঘাত পাইছিল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে অত্যধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হৈছে তেওঁলোকৰ।