শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অকলে আছিল কিশোৰী! ৩ পাষাণে লৈ গ’ল নিৰ্জন ঠাইলৈ আৰু পাছত…

এক ভয়ংকৰ ঘটনা। এগৰাকী নাবালিকাৰ লগত জঘন্য ঘটনা। জানিব পৰা মতে, কেইবাজনো যুৱকে মিলি এগৰাকী কিশোৰীৰ লগত জঘন্য কাণ্ড সংঘটিত কৰে। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অকলে আছিল কিশোৰী! ৩ পাষাণে লৈ গ’ল নিৰ্জন ঠাইলৈ আৰু পাছত…
মহিলা (প্ৰতীকী ফটো)Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 20 Jul 2025 17:53 PM

দেশত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। একাংশ পাষাণ লোকৰ কবলৰ পৰা সাৰি নাযায় শিশুৰ পৰা বৃদ্ধাও। ইয়াৰ মাজতে এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী কিশোৰীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, তিনিজনকৈ যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰি লৈ যায় আৰু পাছত দলবদ্ধ ধৰ্ষণ সংঘটিত কৰে। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গুমলা জিলাত।

জানিব পৰা মতে, তিনিজনকৈ যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰি নিৰ্জন ঠাইলৈ লৈ যায়। তাৰ পাছত তাতেই কিশোৰীটিক ধৰ্ষণ কৰে। এই কাণ্ড সংঘটিত কৰাৰ পাছত অভিযুক্তই কিশোৰীগৰাকীক হত্যাৰ ভাবুকি দি সেই স্থানৰ পৰা পলাই যায়। অভিযোগ অনুসৰি, এই কথা কাৰোবাক অৱগত কৰিলে  কিশোৰীক হত্যাৰ ভাবুকি দিয়ে অভিযুক্তই।

ঘটনাৰ পাছত বহু কষ্ট কৰি কিশোৰীগৰাকী ঘৰত উপস্থিত হয় আৰু সমগ্ৰ ঘটনাৰ বিষয়ে পৰিয়ালক অৱগত কৰে। লগে লগে পৰিয়ালে গুমলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে ভুক্তভোগীক চিকিৎসা পৰীক্ষা কৰি POCSO আইন আৰু অন্যান্য ধাৰাত গোচৰ ৰুজু কৰে। গুমলাৰ এছ পিৰ নিৰ্দেশমৰ্মে সদৰৰ এছ ডি পি অ’ সুৰেশ প্ৰসাদ যাদৱৰ নেতৃত্বত এটা দল গঠন কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি দলটোৱে দলবদ্ধ ধৰ্ষণৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই কেইজন ক্ৰমে- অনুপ ওৰাওন, পংকজ ওৰাওন আৰু বলৰাম মহতো বুলি চিনাক্ত হৈছে। তিনিওজনেই গুমলা সদৰ থানা এলেকাৰ বাসিন্দা।

আৰক্ষীয়ে ঘটনাত ব্যৱহৃত এখন স্কুটিও জব্দ কৰিছে। এই ঘটনাৰ পাছতে অঞ্চলটোৰ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লগতে স্থানীয় ৰাইজে অভিযুক্তক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। ইয়াৰোপৰি ভৱিষ্যতে যাতে এনে কোনো ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, গুমলা জিলাৰ এয়া প্ৰথম ঘটনা নহয়। এই ঘটনাৰ মাত্ৰ কেইদিনমান পূৰ্বে সুৰছাং থানা এলেকাত সংঘটিত হয় আন এক দলবদ্ধ ধৰ্ষণ কাণ্ড। বিবাহ অনুষ্ঠানত অংশ ল’বলৈ যোৱা কিশোৰী এগৰাকী পথাৰত শৌচ কৰিবলৈ গৈছিল। তেতিয়াই কেইবাজনো যুৱকে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে। সেই গোচৰতো আৰক্ষীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি ছয়জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এইকেইজন ক্ৰমে সুৰেন্দ্ৰ নাগেছিয়া, বিমল কুমাৰ, সঞ্জু ৰাম (এইসকল গুমলাৰ সুৰছাং থানা এলেকাৰ), আৰু অৰ্পন ৰোশন সোৰেং, দীনেশ তিৰ্কী ওৰফে নিটিন, অমৰদ্বীপ কুল্লু (চিমডেগা জিলাৰ পাকাৰটাণ্ড থানা এলেকাৰ পৰা)।

 

অন্য খবৰ পঢ়কঃ চীনৰ বৃহৎ নদীবান্ধ প্ৰকল্পৰ পৰা লোকসভাৰ বৰ্ষাকালীন অধিবেশনলৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…