শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দীঘল চুলি হৈ পৰিল মৃত্যুৰ কাৰণ! ১৩ বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ ঘটনা…

দীঘল চুলিৰ বাবে প্ৰাণ হেৰুৱালে এগৰাকী কিশেৰীয়ে।  এই কথা শুনি লে হয়তো সহজে কোনেও বিশ্বাস নকৰিব। কিন্তু দীঘল চুলি কিদৰে কিশোৰীগৰাকীৰ মৃত্যুৰ কাৰণ হৈ পৰিল বিতংভাৱে জানো আহক। 

দীঘল চুলি হৈ পৰিল মৃত্যুৰ কাৰণ! ১৩ বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ ঘটনা…
দীঘল চুলি হৈ পৰিল মৃত্যুৰ কাৰণ!
trishna-kalita
Trishna Kalita | Updated On: 08 Apr 2025 09:40 AM

চুলিয়ে এগৰাকী ছোৱালীৰ সৌন্দৰ্য বুলি কোৱা হয়। কিছুমানে চুটি চুলি ৰাখি ভাল পায় আনহাতে কিছুমানে দীঘল ডাঠ চুলি ৰাখি ভাল পায়। সাধাৰণ ছোৱালীৰ দৰে ১৩ বছৰীয়া কিশোৰীগৰাকীয়ো দীঘল চুলি ৰখাৰ প্ৰতি আকৰ্ষিত আছিল। কিন্তু এদিন এইটোৱেই যে তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিব, হয়তো সপোনতো এই কথা কেতিয়াও ভবা নাছিল। ছোৱালীজনীয়ে গেছৰ ফ্লেম অন কৰি আছিল। গেছটো জ্বলোৱাৰ লগে লগে ফ্লেমৰ পৰা জুইৰ শিখা ওলাই আহিল। প্ৰথমে তেওঁৰ চুলিত জুই লাগিছিল আৰু কেইমিনিটমানৰ ভিতৰতে সেই জুই সমগ্ৰ শৰীৰটোক আগুৰি ধৰিলে। ঘটনাটো বিহাৰৰ গোপালগঞ্জৰ।

ততাতৈয়াকৈ ছোৱালীজনীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বচাব নোৱাৰিলে। বৈকুণ্ঠপুৰ থানা এলেকাৰ অন্তৰ্গত ফৈজুল্লাহপুৰ গাঁৱত সংঘটিত হয় এই ঘটনা। য’ত গেছত লগা জুইত অগ্নিদগ্ধ হয় ১৩ বছৰীয়া ৰবীনা কুমাৰী, যাৰ বাবে পাছত তেওঁৰ মৃত্যু হয়। পৰিয়ালৰ লোকে জনোৱা মতে, ৰবীনাই চাহ বনাবলৈ গেছ ষ্ট’ভ অন কৰি আছিল।  ষ্ট’ভ অন কৰাৰ লগে লগে জুইৰ শিখাই তেওঁৰ চুলি আৰু কাপোৰ আগুৰি ধৰিলে। গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা ৰবীনাক ততাতৈয়াকৈ গোৰখপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

ৰবীনাৰ পিতৃ ৰবি প্ৰসাদে কয় যে, এই ঘটনাৰ পিছত পৰিয়ালটোত শোকৰ পৰিৱেশে বিৰাজ কৰিছে। ৰবীনাৰ মৃত্যুৰ বাবে পৰিয়ালটোৰ লগতে শোকস্তব্ধ হৈ পৰিছে গাঁওখনত লোক । পৰিয়ালৰ লোকে কয় যে, ৰবীনা দীঘল চুলিৰ প্ৰতি অতি আকৰ্ষিত আছিল। কিন্তু এইটোৱেই যে তেওঁৰ মৃত্যুৰ কাৰণ হ’ব বুলি কোনেও ভবা নাছিল। এই দুৰ্ঘটনাৰ পিছত প্ৰশাসনে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে আৰু ভৱিষ্যতে যাতে এনে দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে ৰাইজক সাৱধান হ’বলৈ আহ্বান জনাইছে।

 

বৰ্তমান দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে সম্পূৰ্ণ তথ্য সংগ্ৰহত ব্যস্ত হৈ পৰিছে গোপালগঞ্জ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। এতিয়া এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিছে যে গেছ ব্যৱহাৰ কৰাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰা উচিত। বিশেষকৈ কাৰোবাৰ চুলি দীঘল হ’লে গেছ ষ্ট’ভৰ ওচৰলৈ যোৱাৰ আগতে সাৱধান হওক আৰু সুৰক্ষাৰ সাৱধানতা অৱলম্বন কৰক। একে সময়তে জুইৰ ওচৰত যিকোনো কাম কৰি থাকোঁতে কপাহী কাপোৰ পিন্ধাটোৱেই আটাইতকৈ নিৰাপদ।