5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Kolkata Doctor Rape Murder Case : আৰ জি কৰ কাণ্ডৰ মূল অভিযুক্তই ঘটনাৰ নিশা কিয় গৈছিল ৰেড লাইট এলেকালৈ !

শেহতীয়াকৈ এই নাৰকীয়া কাণ্ডৰ সৈতে জড়িত কেইবাটাও চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে কলকাতা আৰক্ষীয়ে । আৰক্ষীয়ে সদৰী কৰা মতে, আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্তই ঘটনাৰ নিশা মহানগৰীৰ ৰেড লাইট এলেকালৈ গৈছিল।

Kolkata Doctor Rape Murder Case : আৰ জি কৰ কাণ্ডৰ মূল অভিযুক্তই ঘটনাৰ নিশা কিয় গৈছিল ৰেড লাইট এলেকালৈ !
manas-borah
Manas Borah | Published: 21 Aug 2024 09:40 AM

কলকাতাৰ আৰ জি কৰ কাণ্ডৰ ইটো পাছত সিটো চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । শেহতীয়াকৈ এই নাৰকীয়া কাণ্ডৰ সৈতে জড়িত কেইবাটাও চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে কলকাতা আৰক্ষীয়ে । আৰক্ষীয়ে সদৰী কৰা মতে, আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্তই ঘটনাৰ নিশা মহানগৰীৰ ৰেড লাইট এলেকালৈ গৈছিল। অভিযুক্ত সঞ্জয় ৰয়ে অপৰাধ সংঘটিত হোৱাৰ নিশা অৰ্থাৎ ৮ আগষ্টত সোণাগাচী অঞ্চললৈ গৈছিল আৰু তাত তেওঁ সুৰাপান কৰিছিল বুলি সদৰী কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে, আৰ জি কৰ মেডিকেল কলেজৰ এগৰাকী কনিষ্ঠ মহিলা চিকিৎসকক ধৰ্ষণ আৰু তাৰ পিছত হত্যাৰ গোচৰত আৰক্ষীয়ে চিচিটিভিৰ ফটেজৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। চিচিটিভিৰ ফটেজত অভিযুক্তই চেমিনাৰ হলত ​​প্ৰৱেশ কৰি তাৰ পিছত তাৰ পৰা ওলাই অহা দেখা গৈছে। কনিষ্ঠ মহিলা চিকিৎসক গৰাকী একেটা চেমিনাৰ হলতে শুই আছিল। পৰৱৰ্তী সময়ত সেই হলটোৰ পৰাই মহিলা চিকিৎসক গৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

ইয়াৰ পাছতে সমগ্ৰ দেশতে এই নাৰকীয় কাণ্ডৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰতিবাদ দেখা গ’ল । মনকৰিবলগীয়া যে, কলকাতা উচ্চ ন্যায়ালৰ নিৰ্দেশত কলকাতা আৰক্ষীৰ পৰা এই নাৰকীয় কাণ্ডৰ গোচৰ চিবিআইৰ হাতলৈ যায় । ইফালে এই গোচৰৰ প্ৰথম শুনানিত উচ্চতম ন্যায়ালয়ে টাস্ক ফ’ৰ্চ গঠন কৰাৰ কথাও উল্লেখ কৰিছে ।

কৰ্মক্ষেত্ৰত চিকিৎসকৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে ১০ জনীয়া টাস্ক ফৰ্চ গঠন কৰিছে। এই টাস্ক ফ’ৰ্চৰ নেতৃত্বত থাকিব নৌসেনাৰ চিকিৎসা সেৱাৰ সঞ্চালক প্ৰধান এডমিৰেল আৰতি ছাৰিন। এই টাস্ক ফ’ৰ্চে দুমাহৰ পাছত উচ্চতম ন্যায়ালয়ত পৰামৰ্শ দাখিল কৰিব।

লগতে পঢ়ক: Kolkata Doctor Rape Murder Case : ‘FIR দাখিল কৰাত কিয় দেৰি হ’ল ?’ প্ৰথম শুনানিত ইটোৰ পাছত সিটো কঠিন প্ৰশ্ন উচ্চতম ন্যায়ালৰ

Latest News