শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শোকাৱহ! ঘৰৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰে ৫ জন সদস্যৰ মৃতদেহ

 এটা ঘৰৰ  ভিতৰৰ পৰা উদ্ধাৰ হৈছে ৫জন লোকৰ মৃতদেহ। আটাইকেইজনেই আছিল একেটা পৰিয়ালৰ সদস্য। আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰি পৰিয়ালটোৱে ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ চেষ্টা চলাইছে।

শোকাৱহ! ঘৰৰ ভিতৰত উদ্ধাৰ একেটা পৰিয়ালৰে ৫ জন সদস্যৰ মৃতদেহ
Dead Body
trishna-kalita
Trishna Kalita | Published: 20 Jul 2025 14:06 PM

গুজৰাটৰ আহমেদাবাদৰ বাগোদৰা গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে বিষ পান কৰি আত্মহত্যা কৰিছে এটা পৰিয়ালৰ ৫জনকৈ লোকে। আত্মহত্যা কৰা পৰিয়ালটোৰ ৫ জন সদস্যৰ মৃতদেহ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে। এই পৰিয়ালটো আছিল মূলতঃ ঢোলকাৰ। কিন্তু বৰ্তমান বগোদ্ৰা গাঁৱৰ ভাড়াঘৰত বাস কৰি আছে। কিন্তু কিয় তেওঁলোকে একেলগে আত্মহত্যা কৰাৰ পদক্ষেপ ল’লে পৰিয়ালটোৱে? ইয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে পৰিয়ালটোৱে আৰ্থিক সংকটৰ সৈতে যুঁজি আছিল।

মৃত লোকসকলৰ ভিতৰত আছে স্বামী-স্ত্ৰী, দুগৰাকী কন্যা আৰু এজন পুত্ৰ। ঘটনাৰ খবৰ পোৱা পিছতে সেই স্থানত উপস্থিত হয়  বাগোদৰা আৰক্ষী আৰু ১০৮ জৰুৰীকালীন সেৱা । ঘটনাৰ ভয়াৱহতা দেখি আহমেদাবাদ গ্ৰাম্য আৰক্ষী অধীক্ষক আৰক্ষী, স্থানীয় অপৰাধ শাখা (এল চি বি), বিশেষ অভিযান গোট (এছ অ’ জি) আৰু ধনধুকা এ এছ পিও উপস্থিত হয়। এতিয়া এই গোচৰৰ অধিক তদন্ত চলি আছে।

কিয় সমূহীয়াভাৱে আত্মহত্যা কৰিলে?

মৃত পাঁচজন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বাগোদৰা সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। পৰিয়ালটোৱে কিয় আত্মহত্যা কৰিলে এই কথা জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। অৱশ্যে প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে পৰিয়ালটোৱে আৰ্থিক সংকটৰ সৈতে যুঁজি আছিল। লগতে পৰিয়ালৰ লোকসকলে  দুদিনলৈ মোবাইল চুইচ অফ কৰি ৰাখিছিল। কিন্তু পৰিয়ালটোৱে আত্মহত্যা কৰাৰ কাৰণ কি আছিল সেয়া স্পষ্ট হোৱা নাই।

নিহত লোকক চিনাক্ত কৰা হৈছে

মৃত যুৱক কেইজন হৈছে ৩৪ বছৰীয়া বিপুলভাই কানাভাই বাঘেলা, পত্নী ২৬ বছৰীয়া সোণালবেন বিপুলভাই বাঘেলা, ১১ বছৰীয়া কন্যা ছিমৰণ বিপুলভাই বাঘেলা, ৮ বছৰীয়া পুত্ৰ ময়ুৰ বিপুলভাই বাঘেলা আৰু ৫ বছৰীয়া কনিষ্ঠ কন্যা বিপুলভাই বাঘেলা। বিপুলে ৰিক্সা চালকৰ কাম কৰিছিল আৰু ইয়াৰ দ্বাৰা পৰিয়ালক পোহপাল দিছিল।