শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

MPOXক লৈ বিশ্বজুৰি উদ্বেগঃ প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ বৈঠক

বিশ্ব স্বাস্থ্য সংস্থাই Monkeypoxক গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা এই ভাইৰাছক লৈ বিশ্বজুৰি উদ্বিগ্নতা বৃদ্ধি পাইছে। Monkeypoxৰ এনে উদ্বিগ্নতাৰ মাজতে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য সচিব পি কে মিশ্ৰৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত Monkeypox সন্দৰ্ভত ভাৰতত চলি থকা প্ৰস্তুতিৰ স্থিতি আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

MPOXক লৈ বিশ্বজুৰি উদ্বেগঃ প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ বৈঠক
MPOX সন্দৰ্ভত উচ্চ পৰ্যায়ৰ বৈঠক
monjit-dutta
Monjit Dutta | Updated On: 19 Aug 2024 07:51 AM

আফ্ৰিকাত ক্ৰমাৎ মহামাৰীৰ ৰূপ লোৱা MPOXক লৈ বিশ্বজুৰি বৃদ্ধি পাইছে উদ্বিগ্নতা। বিশ্ব স্বাস্থ্য সংস্থা, চমুকৈ WHO- এ MPOX ভাইৰাছ অৰ্থাৎ Monkeypoxক গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা এই ভাইৰাছৰ সম্ভাৱ্য সংক্ৰমণ ৰোধৰ বাবে সাৱধানতা অৱলম্বন কৰিছে বিশ্বৰ অন্যান্য দেশসমূহে। Monkeypoxৰ উদ্বিগ্নতাক লৈ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য সচিব পি কে মিশ্ৰৰ নেতৃত্বত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত Monkeypox সন্দৰ্ভত ভাৰতত চলি থকা প্ৰস্তুতিৰ স্থিতি আৰু অন্যান্য বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

বৈঠকৰ অন্তত পি কে মিশ্ৰই দেশত এইপৰ্যন্ত Monkeypoxৰ কোনো ৰোগী ধৰা পৰা নাই বুলি জানিবলৈ দিয়ে। বৰ্তমানৰ মূল্যায়নৰ ভিত্তিত এই ৰোগৰ ব্যাপক বিস্তাৰৰ আশংকা কম বুলিও তেওঁ মন্তব্য কৰে। অৱশ্যে সাৱধানতামূলক পদক্ষেপ হিচাপে Monkeypoxৰ ৰোগীক অতি সোনকালে ধৰা পেলাবলৈ বৈঠকত নিৰীক্ষণৰ পৰামৰ্শ দিয়া হৈছে।

সমান্তৰালকৈ টেষ্টিং লেবসমূহকো গুৰুত্ব বুজি সাজু হৈ থাকিবলৈ বৈঠকত পৰামৰ্শ দিয়া হৈছে। এই ৰোগৰ বিপক্ষে জনস্বাস্থ্যৰ প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত এক সজাগতা অভিযান চলোৱা হ’ব বুলিও বৈঠকত সিদ্ধান্ত লোৱা হৈছে। বৈঠকৰ অন্ত্নত মুখ্য সচিব পি কে মিশ্ৰই লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই Monkeypoxৰ পৰিস্থিতিৰ ওপৰত অহৰহ নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰে।

উল্লেখ্য যে শেহতীয়াকৈ আফ্ৰিকাৰ বহু ঠাইত, বিশেষকৈ মধ্য আৰু পূব আফ্ৰিকাত সংক্ৰামক Monkeypoxত আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। একে সময়তে আফ্ৰিকাৰ বাহিৰতো শেহতীয়াকৈ Monkeypoxৰ ৰোগী ধৰা পৰিছে। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্ব স্বাস্থ্য সংস্থাই যোৱা ১৪ আগষ্টত Monkeypoxক পুনৰ এমপক্স পাব্লিক হেল্থ ইমাৰ্জেন্সি অফ ইণ্টাৰনেচনেল কনচাৰ্ন হিচাপে ঘোষণা কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ পূৰ্বৰ এক বিবৃতি অনুসৰি ২০২২ চনৰ পৰা বিশ্বৰ ১১৬খন দেশত Monkeypoxত ৯৯১৭৬ জন ৰোগী ধৰা পৰিছে আৰু ইয়াৰ ফলত ২০৮ জন লোকৰ মৃত্যু হৈছে। কিন্তু চলিত বৰ্ষত এই সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। তথ্য অনুসৰি, চলিত বৰ্ষত এইপৰ্যন্ত ১৫৬০০ৰো অধিক ৰোগী Monkeypoxত আক্ৰান্ত হৈছে আৰু ৫৩৭ জনৰ মৃত্যু হৈছে।

লক্ষণীয়ভাৱে ইতিপূৰ্বে ২০২২ চনতো বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছক গ্লোবেল হেল্থ ইমাৰ্জেন্সী হিচাপে ঘোষণা কৰিছিল। সেই সময়ত ভাৰতত ২০ জন লোক এই ৰোগত আক্ৰান্ত হৈছিল। ভাৰতৰ এই অধিকাংশ Monkeypox আক্ৰান্ত ৰোগীয়েই আছিল বিদেশ ভ্ৰমণ কৰি ভাৰতলৈ উভতি অহা লোক। আক্ৰান্ত এই লোকসকলৰ মাজৰে কেৰালাৰ এজন ৰোগীৰ মৃত্যু হৈছিল।