শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

লালকিল্লাৰ সমীপত বিস্ফোৰণটো এক দুৰ্ঘটনা আছিল নেকি? পোহৰলৈ চাঞ্চল্যকৰ তথ্য

দিল্লী-এনচিআৰ আৰু ফৰিদাবাদৰ পৰা তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ওমৰে ধৰা পৰিব বুলি ভয় খাইছিল। আৰু সেই সময়ত তেওঁ ক্ষন্তেকতে বিস্ফোৰকবোৰ আন ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰে।

লালকিল্লাৰ সমীপত বিস্ফোৰণটো এক দুৰ্ঘটনা আছিল নেকি? পোহৰলৈ চাঞ্চল্যকৰ তথ্য
manas-borah
Manas Borah | Updated On: 12 Nov 2025 13:12 PM

লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণটো পৰিকল্পনাৰ অংশ নাছিল, হঠাতে হোৱা দুৰ্ঘটনা! কেন্দ্ৰীয় চোৰাংচোৱাৰ ৰিপৰ্টত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। ওমৰ নবীয়ে বিস্ফোৰক সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিব নোৱাৰিলে, গতিকে ইয়াৰ প্ৰভাৱ ‘সীমিত’ হ’ল। চোৰাংচোৱাই অনুমান কৰিছে যে, বিস্ফোৰক বৃহৎ ক্ষতিৰ বাবে প্ৰস্তুত কৰা নাছিল। তেনেকৈ প্ৰস্তুত কৰা হ’লে ফলাফল বেলেগ হ’লহেঁতেন, ক্ষতি বেছি হ’লহেঁতেন। অনুমান কৰা হৈছে যে, সন্ত্ৰাসবাদীয়ে বিস্ফোৰক সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ সক্ষম নহ’ল।

প্ৰাৰম্ভিক তদন্ত অনুসৰি চোৰাংচোৱাই অনুমান কৰা মতে, ফৰিদাবাদৰ এটা ভাড়াঘৰত মজুত থকা প্ৰায় ৩০০০ কিলোগ্ৰাম বিস্ফোৰক জব্দ কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে ওমৰ আৰু তেওঁৰ সংগীসকলৰ মূল পৰিকল্পনাত প্ৰথমটো বাধা আহিছিল। সমগ্ৰ দেশৰ চোৰাংচোৱা সংস্থাৰ তালাচীৰ সময়ত উগ্ৰপন্থী চিকিৎসকৰ মডিউলটো পোহৰলৈ অহাত আতংকিত হৈ পৰে চিকিৎসক ওমৰ নবী।

দিল্লী-এনচিআৰ আৰু ফৰিদাবাদৰ পৰা তেওঁৰ সহযোগীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ওমৰে ধৰা পৰিব বুলি ভয় খাইছিল। আৰু সেই সময়ত তেওঁ ক্ষন্তেকতে বিস্ফোৰকবোৰ আন ঠাইলৈ নিয়াৰ পৰিকল্পনা কৰে। ভৱা মতে কাম আৰম্ভ কৰিলে। কিন্তু বিস্ফোৰকেৰে ভৰা গাড়ীখন আন ঠাইলৈ লৈ যোৱা সময়তে সকলো খেল শেষ। হঠাৎ ঘটিল এটা বিস্ফোৰণ।

তদন্তকাৰীয়ে যি দেখিছে তাৰ পৰা তেওঁলোক নিশ্চিত যে, এয়া আত্মঘাতী আক্ৰমণ নহয়, বৰঞ্চ লালকিল্লাত সংঘটিত এক দুৰ্ঘটনা। বিস্ফোৰণৰ সময়ত গাড়ীখন চলি আছিল। আৰক্ষীয়ে জনোৱা মতে, ই অতি লেহেমীয়া গতিৰে গতি কৰিছিল। সাধাৰণতে আত্মঘাতী অভিযানত এনে নহয়।

ইফালে, সমগ্ৰ দেশতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ বাবে এক বৃহৎ আক্ৰমণৰ পৰা ৰক্ষা পৰিল বুলি তদন্তকাৰীয়ে বিশ্বাস কৰে। অৱশ্যে তদন্ত এতিয়াও পূৰ্ণগতিত অব্যাহত আছে। ওমৰৰ সকলো সম্ভাৱ্য ‘লিংক’ৰ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰীয়ে। তেওঁ বিস্ফোৰক সামগ্ৰীৰে কি কাম কৰাৰ পৰিকল্পনা কৰিছিল সেই বিষয়েও তদন্ত চলি আছে।