ডাঃ ওমৰ নবীৰ সৈতে ডাঃ আদিলৰ আছিল সুসম্পৰ্ক, আদিলক গ্ৰেপ্তাৰৰ পাছতেই নবীয়ে কৰিছিল এই কাম…!
চাহাৰাণপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাক্তৰ আদিলে বাস কৰিছিল অনন্তনাগত। অনন্তনাগত থকা সময়ছোৱাতে ডাঃ ওমৰ নবীৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছিল ডাঃ আদিলে। আদিল গ্ৰেপ্তাৰ হোৱাৰ পিছত ডাঃ ওমৰৰ সন্ধান আৰম্ভ হ’ল। কিন্তু তেতিয়ালৈকে ওমৰে আত্মগোপন কৰে।
দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত গাড়ী বিস্ফোৰণৰ ঘটনাৰ পাছত ক্ৰমান্বয়ে বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা। সমগ্ৰ দিল্লীত আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। তিনিদিন ধৰি বন্ধ হৈ আছে লালকিল্লা। এই বিস্ফোৰণ আৰু ফৰিদাবাদত বিস্ফোৰক উদ্ধাৰৰ ঘটনাৰ মাজত সম্পৰ্ক বিচাৰি উলিয়াইছে তদন্তকাৰীয়ে।
দিল্লী বিস্ফোৰণৰ অভিশপ্ত মুহূৰ্তটোৰ কেইঘণ্টামান পূৰ্বে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনা সন্দৰ্ভত। তেওঁলোকৰ ভিতৰত অধিক সংখ্যক আছিল ডাক্তৰ। ইফালে ‘আত্মঘাতী বোমাৰু’ বুলি সন্দেহ কৰা ওমৰ নবীও আছিল পেছাত চিকিৎসক। ইয়াৰ মাজতেই তদন্তকাৰীৰ হাতলৈ আহিছে চাঞ্চল্যকৰ তথ্য। চাহাৰাণপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাক্তৰ আদিলে বাস কৰিছিল অনন্তনাগত।
অনন্তনাগত থকা সময়ছোৱাতে ডাঃ ওমৰ নবীৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছিল ডাঃ আদিলে। আদিল গ্ৰেপ্তাৰ হোৱাৰ পিছত ডাঃ ওমৰৰ সন্ধান আৰম্ভ হ’ল। কিন্তু তেতিয়ালৈকে ওমৰে আত্মগোপন কৰে। বিস্ফোৰণ সংঘটিত হোৱা বাহনখন বদৰপুৰ সীমান্তৰে দিল্লীত প্ৰৱেশ কৰা বুলিও জানিব পাৰিছে তদন্তকাৰীয়ে।
কেইবাজনো মানুহৰ হাত বাগৰি ওমৰৰ হাতলৈ আহিছিল ৰহস্য হৈ পৰা গাড়ীখন। তাৰিক নামৰ এজন লোকে গাড়ীখন কিনি বিক্ৰী কৰে ওমৰক। গাড়ী ব্যৱসায়ী হিচাপে কাম কৰিছিল তাৰিকে। তেওঁৰ মূল কাম আছিল পুৰণি গাড়ী কিনি নতুন মডেল বনাই বিক্ৰী কৰা।
তাৰিকে পুলৱামাত আমিৰ ৰছিদৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। তদন্তকাৰীয়ে জানিব পাৰিছে যে আমিৰ ৰছিদে প্লাম্বাৰ হিচাপে কাম কৰিছিল যদিও আগতে তাৰিকক তেওঁৰ কামত সহায় কৰিছিল।
সোমবাৰে নিশা বিস্ফোৰণৰ তদন্তত আন এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়। যিখন গাড়ীত বিস্ফোৰণ সংঘটিত হৈছে সেই গাড়ীখন এইজন ব্যক্তিৰ নামত পঞ্জীয়ন কৰা হৈছিল। হাৰিয়ানাৰ মহম্মদ ছলমান নামৰ এজন ব্যক্তিকো সোধা-পোছা কৰিছে আৰক্ষীয়ে। এই ঘটনাত আৰু কোন কোন সংযুক্ত হৈ আছিল সেয়া পোহৰলৈ আহিব অধিক তদন্তৰ পাছত।