শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিদেশী পুঁজি, জইছ-ই-মহম্মদৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক, দিল্লী বিস্ফোৰণ সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ…

বিস্ফোৰণৰ গোচৰত ওমৰ সন্দৰ্ভত এক বৃহৎ তথ্য পোহৰলৈ আহিছে। সূত্ৰই জনোৱা মতে, বিস্ফোৰণ সংঘটিত কৰাৰ পূৰ্বে ওমৰ নবীয়ে দিল্লীৰ কমলা মাৰ্কেট থানা এলেকাৰ এটা মছজিদ পৰিদৰ্শন কৰিছিল। প্ৰায় ১০ মিনিটমান তাতেই আছিল। ইয়াৰ পিছত তেওঁ লালকিল্লাৰ ফালে আগবাঢ়িল।

বিদেশী পুঁজি, জইছ-ই-মহম্মদৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক, দিল্লী বিস্ফোৰণ সন্দৰ্ভত ভয়ংকৰ তথ্য পোহৰলৈ…
দিল্লী বিস্ফোৰণত সন্ত্ৰাসবাদীৰ লিংকImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 12 Nov 2025 19:26 PM

দিল্লী বোমা বিস্ফোৰণৰ সন্দেহযুক্ত দ্বিতীয়খন বাহন ইকোস্প’ৰ্টৰ সন্ধান উলিয়াইছে ফৰিদাবাদ আৰক্ষীয়ে। এই গাড়ীখন খন্দাৱালী গাঁৱৰ ওচৰত ৰখাই থোৱা অৱস্থাত উদ্ধাৰ হয়। এই গাড়ীখনো দ্বিতীয় মালিক ওমৰৰ নামত পঞ্জীয়ন কৰা হৈছে। ইয়াৰ প্ৰথম মালিক দেৱেন্দ্ৰ। বিস্ফোৰণ সংঘটিত হোৱা i20 গাড়ীখনৰ মালিকীস্বত্বতো দেখা গৈছে দেৱেন্দ্ৰৰ নাম। এইজন একেজন দেৱেন্দ্ৰই নে আন কোনোবা এতিয়া আৰক্ষীয়ে তদন্ত কৰি আছে।

ইফালে বিস্ফোৰণৰ গোচৰত ওমৰ সন্দৰ্ভত এক বৃহৎ তথ্য পোহৰলৈ আহিছে। সূত্ৰই জনোৱা মতে, বিস্ফোৰণ সংঘটিত কৰাৰ পূৰ্বে ওমৰ নবীয়ে দিল্লীৰ কমলা মাৰ্কেট থানা এলেকাৰ এটা মছজিদ পৰিদৰ্শন কৰিছিল। প্ৰায় ১০ মিনিটমান তাতেই আছিল। ইয়াৰ পিছত তেওঁ লালকিল্লাৰ ফালে আগবাঢ়িল। এই গোচৰৰ প্ৰতিটো কোণতে তদন্ত কৰি আছে সংস্থাসমূহে। তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে নতুন নতুন তথ্য প্ৰকাশ পাইছে।

মহিলা ডাক্তৰ শ্বাহীনৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ

এতিয়া জইছ-ই-মহম্মদৰ ফৰিদাবাদ মডিউলৰ সন্ত্ৰাসবাদী পুঁজিৰ তদন্ত আৰম্ভ কৰিছে সংস্থাসমূহে। সূত্ৰ অনুসৰি মহিলা ডাক্তৰ শ্বাহীনে সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ পৰা ধন লাভ কৰিছিল। জয়ছ-ই-মহম্মদৰ নিৰ্দেশত শ্বাহীনে পশ্চিম উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানত মহিলা শাখাৰ বাবে নিযুক্তি কেন্দ্ৰ খোলাৰ কামত জড়িত হৈ পৰে।

শ্বাহীনে জইছ-ই-মহম্মদৰ পৰা মিনি ৰিক্ৰুইট-কমাণ্ড চেণ্টাৰৰ বাবে ধন লাভ কৰিছিল। চহৰৰ অলপ বাহিৰত অৱস্থিত আৰু মানুহৰ কাৰ্যকলাপ কম থকা ছাহাৰানপুৰ আৰু হাপুৰত মিনি ৰিক্ৰুইট-কমাণ্ড চেণ্টাৰৰ বাবে শ্বাহীনে স্থান বিচাৰি আছিল। তদন্তকাৰী সংস্থাসমূহে সন্দেহ কৰিছে যে এই মডিউলে শ্বাহীনৰ জৰিয়তে জয়ছ-ই-মহম্মদৰ পৰা সন্ত্ৰাসবাদী পুঁজি লাভ কৰিছিল।

বিদেশী পুঁজিৰ সূত্ৰও পোৱা গৈছে

শ্বাহীন, আদিল, ওমৰ, মুজাম্মিলৰ একাউণ্টৰ ওপৰত চোকা দৃষ্টি ৰখা হৈছে। বিদেশী পুঁজিৰ সূত্ৰও শ্বাহীনৰ একাউণ্টত পোৱা গৈছে, আৰু এই সন্দৰ্ভত শ্বাহীনক অহৰহ প্ৰশ্ন কৰা হৈছে। তদুপৰি মৌলৱী ইৰফান আহমেদো জইছৰ কমাণ্ডাৰৰ সংস্পৰ্শত আছিল আৰু জইছৰ পৰা ধন লাভ কৰি আছিল।

শ্বাহীনে দুখীয়া মুছলমান ছোৱালী আৰু মহিলাৰ বাবে মাদ্ৰাছাৰ নামত ধন সংগ্ৰহ কৰি আছিল, আৰু ইৰফানে জাকাতৰ বাবে ধন সংগ্ৰহ কৰিছিল। তদন্তকাৰী সংস্থাসমূহে সন্দেহ কৰিছে যে এই ধন বিস্ফোৰক আৰু আত্মগোপনৰ বাবে ব্যৱহাৰ কৰা হৈছিল। মাছুদ আজহাৰৰ ভগ্নী ছাহিদা আজহাৰৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছিল শ্বাহীন।