প্ৰায় দুবছৰ ধৰি বিস্ফোৰক মজুত কৰিছিল ডাঃ শ্বাহীনে, জইছৰ নিৰ্দেশত কৰিছিল ভাৰতত ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা
জেৰাৰ সময়ত শ্বাহীনে প্ৰকাশ কৰে যে যেতিয়াই ডাঃ ওমৰক লগ পায়, তেতিয়াই তেওঁ উৎসাহেৰে ঘোষণা কৰে যে সমগ্ৰ দেশতে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’ব। মুজাম্মিল আৰু আদিলৰ সৈতে তেওঁ দুবছৰ ধৰি এমনিয়াম নাইট্ৰেটৰ দৰে বিস্ফোৰক সংগ্ৰহ কৰি আহিছিল।

দুবছৰ ধৰি বিস্ফোৰক মজুত কৰিছিল ডাঃ শ্বাহীনে
সোমবাৰে দেশৰ ৰাজধানী দিল্লীত সংঘটিত হোৱা বিস্ফোৰণত দহজন লোক নিহত হোৱাৰ লগতে ২৪ জন আহত হয়। এই আক্ৰমণৰ পিছৰে পৰা সমগ্ৰ দেশৰ বিভিন্ন নিৰাপত্তা সংস্থাই অভিযান চলাই বিস্ফোৰণৰ লগত জড়িত লোকসকলৰ সন্ধান আৰম্ভ কৰিছে। বিস্ফোৰণৰ পূৰ্বে নিৰাপত্তা সংস্থাই গ্ৰেপ্তাৰ কৰিছিল ডাঃ শ্বাহীন শ্বাহিদক। জেৰাৰ সময়ত তেওঁ কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে।
ভাৰতৰ জইছ-ই-মহম্মদৰ মহিলা গোটৰ কমাণ্ডাৰ ডাঃ শ্বাহীন শ্বাহিদে বিগত দুবছৰ ধৰি বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰাখিছিল। সূত্ৰসমূহে জনোৱা মতে, তদন্তৰ সময়ত তেওঁ স্বীকাৰোক্তি দিছিল যে তেওঁ আৰু তেওঁৰ সতীৰ্থ চিকিৎসকসকলে ভাৰতত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা কৰিছিল।
সংস্থাটোৱে শ্বাহীন শ্বাহিদক ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে। এই জেৰাৰ ফলত আৰু বহুতো তথ্য পোহৰলৈ আহিব বুলি ধাৰণা কৰা হৈছে। দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত সংস্থাটোৱে বিশেষভাৱে শ্বাহীনক জেৰা কৰিছে।
এই সমগ্ৰ অভিযানটো জইছ-ই-মহম্মদৰ নিৰ্দেশত হৈছিল
জেৰাৰ সময়ত শ্বাহীনে প্ৰকাশ কৰে যে যেতিয়াই ডাঃ ওমৰক লগ পায়, তেতিয়াই তেওঁ উৎসাহেৰে ঘোষণা কৰে যে সমগ্ৰ দেশতে কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হ’ব। মুজাম্মিল আৰু আদিলৰ সৈতে তেওঁ দুবছৰ ধৰি এমনিয়াম নাইট্ৰেটৰ দৰে বিস্ফোৰক সংগ্ৰহ কৰি আহিছিল। এই সকলোবোৰ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ (JeM)ৰ নিৰ্দেশত কৰা হৈছিল।
গাড়ীত আছিল ওমৰ!
সোমবাৰে সন্ধিয়া প্ৰায় ৬:৫২ বজাত লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত ব্যৱহৃত বগা ৰঙৰ i20 গাড়ীখনৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে। মেট্ৰ’ ষ্টেচনৰ পাৰ্কিং লটৰ পৰা ওলাই অহাৰ সময়ত গাড়ীখনত বহি থকা দেখা গৈছিল ক’লা মাস্ক পিন্ধা এজন লোকক। কোৱা হৈছে যে তেওঁ আছিল কাশ্মীৰৰ বাসিন্দা ডাঃ ওমৰ নবী।
দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ে ব্যাপক চৰ্চা লাভ কৰিছে। ৭ জন চিকিৎসককে ধৰি তেৰজন লোকক আটক কৰি জেৰা অব্যাহত ৰাখিছে তদন্তকাৰী সংস্থাসমূহে।