Delhi Blast: ১০ দিন ধৰি ৰখাই থৈছিল বিস্ফোৰণত জড়িত বাহন, লালকিল্লাত ডাঃ উমৰে চলাইছিল গোপন অভিযান…
Delhi Blast Case: যিখন গাড়ীত বিস্ফোৰণ সংঘটিত হৈছিল সেই সন্দৰ্ভতো নতুন তথ্য পোহৰলৈ আহিছে। তদন্তত উমৰে লালকিল্লাত নজৰ ৰাখিছিল বুলিও জানিব পৰা গৈছে। মুজাম্মিলৰ ফোনৰ পৰা তথ্য বিশ্লেষণ কৰি মুজাম্মিলে কেইবাবাৰো লালকিল্লা ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে।
সোমবাৰে ৰাজধানী দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছৰে পৰা হাই এলাৰ্টত আছে নিৰাপত্তা সংস্থাসমূহ। সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যত চলাই থকা হৈছে ধাৰাবাহিক অভিযান। এই পৰ্যন্ত ১৮ জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইয়াৰ মাজতে যিখন গাড়ীত বিস্ফোৰণ সংঘটিত হৈছিল সেই সন্দৰ্ভতো নতুন তথ্য পোহৰলৈ আহিছে। তদন্তত উমৰে লালকিল্লাত নজৰ ৰাখিছিল বুলিও জানিব পৰা গৈছে। মুজাম্মিলৰ ফোনৰ পৰা তথ্য বিশ্লেষণ কৰি মুজাম্মিলে কেইবাবাৰো লালকিল্লা ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে।
ৰেড ফ’ৰ্ট বিস্ফোৰণৰ সৈতে জড়িত i20 গাড়ীখনৰ সন্দৰ্ভত এতিয়া গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি বিগত ১০ দিন ধৰি আল-ফালাহ বিশ্ববিদ্যালয়ৰ চৌহদত ডাঃ উমৰৰ i20 গাড়ীখন ৰখাই থোৱা আছিল। বাহনখন ডাঃ মুজামিলৰ চুইফটৰ কাষতে ৰখাই থোৱা আছিল, যিখন ডাঃ শ্বাহীনৰ নামত পঞ্জীয়নভুক্ত।
তদন্তকাৰী সংস্থাই সন্দেহ কৰিছে যে ২৯ অক্টোবৰৰ পৰা ১০ নৱেম্বৰলৈকে তাত ৰখাই থোৱা আছিল i20 গাড়ীখন। ২৯ অক্টোবৰত ক্ৰয় কৰা গাড়ীখন সেইদিনা প্ৰদূষণ নিয়ন্ত্ৰণৰ প্ৰমাণ পত্ৰৰ বাবে উলিয়াই অনা হৈছিল। চিচিটিভিৰ ফুটেজত ভিতৰত দেখা গৈছে তিনিজন লোক।
১০ নৱেম্বৰৰ পুৱা এজন আতংকিত ডাঃ উমৰে i20 গাড়ীখন বিশ্ববিদ্যালয়ৰ পৰা উলিয়াই আনে। ইয়াৰ পিছতে কন’ট প্লেচত আৰু তাৰ পিছত ময়ুৰ বিহাৰ অঞ্চলত গাড়ীখন দেখা যায়, অৱশেষত চান্দনী চ’কৰ সুনেহৰী মছজিদৰ পাৰ্কিং ল’টত পাৰ্কিং কৰা হয়। তদন্তকাৰী সংস্থাসমূহৰ মতে, মডিউলটোৰ হেণ্ডলাৰে বহিঃৰাজ্যৰ পৰা কাম কৰি আছিল। ফৰেনছিক পৰীক্ষাত দেখা গ’ল যে এমোনিয়াম নাইট্ৰেটৰ লগতে উচ্চমানৰ সামৰিক বিস্ফোৰক ব্যৱহাৰ কৰা হৈছিল। দিল্লী আৰক্ষী আৰু সংস্থাসমূহে এতিয়া বিদেশী সংযোগৰ তদন্ত আৰম্ভ কৰিছে।
দিল্লী বিস্ফোৰণ সন্দৰ্ভত মুজাম্মিলৰ জেৰাত এক উল্লেখযোগ্য তথ্য পোহৰলৈ আহিছে। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ড° মুজাম্মিল আৰু ড° উমৰে লালকিল্লাৰ গোপন অভিযান চলাইছিল। এই তথ্য ডাঃ মুজাম্মিলৰ ফোনত থকা ডাম্পৰ তথ্যৰ পৰা লাভ কৰা হৈছে। জেৰাৰ সময়ত তদন্তকাৰী সংস্থাটোৱে এই কথাও জানিব পাৰিলে যে ২৬ জানুৱাৰীত লালকিল্লাক লক্ষ্য কৰি লোৱাটো তেওঁলোকৰ পৰিকল্পনাৰ অংশ।
লালকিল্লাৰ সন্মুখত বিস্ফোৰণ সংঘটিত হোৱা গাড়ীখনে লালকিল্লাত পোৱাৰ পূৰ্বে দিল্লীৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰিছিল। য’ত আটাইতকৈ উল্লেখযোগ্য আছিল কন’ট প্লেচ। ঘটনাৰ দিনটোত দিনৰ ২:৩০ বজাত গাড়ীখন তাত উপস্থিত হৈ কিছু সময়ৰ পিছতে ৰাওনা হয়। ইয়াৰ পূৰ্বে গাড়ীখনে ময়ুৰ বিহাৰলৈও গৈছিল।
ইনপুট – পুনীত শৰ্মা