শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভক্তিৰ নামত ভণ্ডামি, এটা সাধাৰণ কথাতেই চি আৰ পি এফ জোৱানক প্ৰহাৰ ব’লব’ম যাত্ৰীৰ

এগৰাকী চিআৰপিএফ জোৱানক প্ৰহাৰ কৰিলে ব'লব'মলৈ যোৱা কেইজনমান যুৱকে। কিন্তু এই চিআৰপিএফ জোৱানজনৰ নাছিল কোনো দোষ। তেওঁ মাত্ৰ ৰে'লৰ টিকট দেখুৱাবলৈ কৈছিল যুৱককেইজক।

ভক্তিৰ নামত ভণ্ডামি, এটা সাধাৰণ কথাতেই চি আৰ পি এফ জোৱানক প্ৰহাৰ ব’লব’ম যাত্ৰীৰ
চি আৰ পি এফ জোৱানক প্ৰহাৰImage Credit source: X handle
raj-saikia
Raj Saikia | Published: 20 Jul 2025 17:48 PM

ভক্তিৰ নামত ভণ্ডামি। দেশসেৱাত ব্ৰতী জোৱানো সাৰি নগ’ল ধৰ্ম পালনৰ নামত ভণ্ডামি কৰা কেইটামান দুৰ্বৃত্তৰ হাতৰ পৰা। শাওন মাহ সোমোৱাৰ লগে লগে সমগ্ৰ দেশতেই আৰম্ভ হৈছে ব’লব’ম যাত্ৰা। ভক্তই দূৰ-দূৰণিৰ নদী-নিজৰাৰ পৰা পানী আনি শিৱলিংগত অৰ্পণ কৰে। কিন্তু তাৰ মাজতে প্ৰতিবাৰেই একাংশই ব’লব’ম যাত্ৰাৰ নামত চূড়ান্ত উদ্ভণ্ডালি কৰাৰ অভিযোগ উঠে।

এইবাৰো শাওনৰ আৰম্ভনিতেই সংঘটিত হ’ল তেনে এক বিক্ষিপ্ত ঘটনা। এগৰাকী চিআৰপিএফ জোৱানক প্ৰহাৰ কৰিলে ব’লব’মলৈ যোৱা কেইজনমান যুৱকে। কিন্তু এই চিআৰপিএফ জোৱানজনৰ নাছিল কোনো দোষ। তেওঁ মাত্ৰ ৰে’লৰ টিকট দেখুৱাবলৈ কৈছিল যুৱককেইজক। সেই কথাতেই জোৱানজনৰ ওপৰত জপিয়াই পৰে যুৱককেইজন। নিৰ্মমভাৱে প্ৰহাৰ কৰে জোৱানজনক। সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে এই ভিডিঅ’।

কৰ্তব্যৰত চিআৰপিএফ জোৱানজনক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৭ গৰাকী ব’লব’ম যাত্ৰীক। এই ঘটনা সংঘটিত হয় উত্তৰপ্ৰদেশৰ মিৰ্জাপুৰ ৰে’ল ষ্টেচনত। ব্ৰহ্মপুত্ৰ মেইলত উঠিবলৈ আহিছিল ব’লব’ম যাত্ৰীৰ এটা দল। কিন্তু সেই সময়তে কৰ্তব্যত নিয়োজিত চিআৰপিএফ জোৱানজনে যাত্ৰীকেইজনক টিকট দেখুৱাবলৈ কয়। সেই কথাতেই ব’লব’ম যাত্ৰীৰ দলটোৱে আক্ৰমণ কৰে জোৱানজনক।

মাৰপিট কৰি মজিয়াত বগৰাই গুৰিয়াই-লঠিয়াই জোৱানজনক অপমান কৰে ভক্তৰূপী ভণ্ডকেইটাই। সেইসময়ত সেই স্থানত বহু লোক উপস্থিত আছিল যদিও, জোৱানজনক সহায় কৰিবলৈ আগবাঢ়ি নাহিল কোনো। মুখমেলি দেশমাতৃৰ এজন সেৱকৰ ওপৰত চলা পৈশাচিক আক্ৰমণৰ আনন্দ ল’লে সেইসকল লোকে।

পৰৱৰ্তী সময়ত ৰেলৱে সুৰক্ষা দল ঘটনাস্থলীত উপস্থি হৈ উদ্ধাৰ কৰে জোৱানজনক। তেওঁক আক্ৰমণ কৰা ব’লব’ম যাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ। বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰা হৈছে ৭ জনক। এইদৰে ভক্তিৰ নামত একাংশই ভণ্ডামি কৰা কাৰ্যক বিভিন্নজনে গৰিহণা দিছে সামাজিক মাধ্যমত।