SRK Birthday: আজি শ্বাহৰুখ খানৰ জন্মদিন, কেনেকৈ শ্বাহৰুখ হৈ পৰিল বলীউডৰ বাদশ্বাহ?
আজি কিং খানৰ ওপজা দিন। বলীউডত এক সুকীয়া স্থান গঢ়িবলৈ সক্ষম হৈছে শ্বাহৰুখে। এজন সাধাৰণ যুৱকৰ পৰা কেনেকৈ বলীউডৰ বাদশ্বাহ হৈ পৰিল শ্বাহৰুখ খান জানো আহক।

আজি ৬০ বছৰত ভৰি দিলে শ্বাহৰুখ খানে। নিশা মন্নতৰ পৰা সকলো অনুৰাগীক ধন্যবাদ দিয়ে কিং খানে। ১৯৮০ ৰ দশকৰ শেষৰ ফালে দূৰদৰ্শনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা শ্বাহৰুখ খানে ১৯৯২ চনত আত্মপ্ৰকাশ কৰে বলীউডত। ইয়াৰ পিছতে শতাধিক চিনেমাত অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনি শ্বাহৰুখ হৈ পৰে বলীউডৰ কিং খান।
শ্বাহৰুখে ইতিমধ্যে ৮০ খনতকৈও অধিক বলিউড চলচ্চিত্ৰত অভিনয় কৰিছে আৰু ভালেমান বঁটা-বাহনেৰেও সন্মানিত হৈছে। ইয়াৰ ভিতৰত ১৪ টাকৈ ফিল্মফেয়াৰ বঁটাও আছে। সমগ্ৰ এছিয়া মহাদেশতে খানৰ বহুসংখ্যক অনুৰাগী আছে। তদুপৰি বিশ্বৰ মানচিত্ৰত ভাৰতীয়ৰ পৰিচয় দাঙি ধৰাৰ ক্ষেত্ৰতো খানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। অনুৰাগীৰ সংখ্যা আৰু উপাৰ্জনৰ দিশৰ পৰা শ্বাহৰুখক বিশ্বৰ সবাতোকৈ সফল অভিনেতাসকলৰ এজন বুলি ধৰা হয়। চলচ্চিত্ৰজগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান, আৰু ফ্ৰান্স চৰকাৰে “অৰ্ডাৰ দে’ আৰ্টছ্ এ’ট্ দে’ছ্লেটাৰ্ছ্” আৰু “লিজিয়ন ডি’অনাৰ” প্ৰদানেৰে সন্মান যাঁচিছিল।
১৯৯২ চনত দিৱানা চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ বলিউডত ভূমুকি মাৰে। কেৰিয়াৰৰ প্ৰথমভাগৰ দৰ (১৯৯৩), বাজীগৰ (১৯৯৩) আৰু অঞ্জাম (১৯৯৪) চলচ্চিত্ৰকেইখনত তেওঁ খলনায়কৰ ভূমিকা লৈছিল। ইয়াৰ পিছতে দিলৱালে দুলহানিয়া লে’ জায়েংগে’ (১৯৯৫), দিল ট’ পাগল হে’ (১৯৯৭), কুছ্ কুছ্ হোতা হে’ (১৯৯৮), মহব্বতে’ (২০০০) আৰু কভি খুশ্বি কভি গম (২০০১) আদি ৰোমাণ্টিক চলচ্চিত্ৰসমূহত অভিনয় কৰাৰ লগে লগে তেওঁ প্ৰসিদ্ধি লাভ কৰে। এজন সুৰাপায়ী ৰূপে দেৱদাসত কৰা অভিনয় (২০০২), স্বদেশত নাছা বিজ্ঞানী এজনৰ অভিনয় (২০০৪), চক দে’! ইণ্ডিয়াত হকি প্ৰশিক্ষকৰ অভিনয় (২০০৭) আৰু মাই নে’ম ইজ্ খানত (২০১০) এচপাৰজাৰ চিণ্ড্ৰমত আক্ৰান্ত ৰোগী এজনৰ অভিনয়ৰ বাবে তেওঁ সমালোচকৰ দ্বাৰা উচ্চপ্ৰশংসিত হয়। তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী চলচ্চিত্ৰসমূহৰ ভিতৰত ৰোমাণ্টিক কমেডি চেন্নাই এ’ক্সপ্ৰেছ (২০১৩), কমেডি চলচ্চিত্ৰ হেপ্পী নিউ ইয়েৰ (২০১৪), একশ্বন চলচ্চিত্ৰ দিলৱালে (২০১৫), আৰু অপৰাধমূলক কাহিনীৰ চিত্ৰ ৰেইজৰ (২০১৭) নাম ল’ব পাৰি। তেওঁৰ বহু চলচ্চিত্ৰত ভাৰতীয় জাতীয় সত্তাক বিষয়বস্তু হিচাপে লোৱাৰ লগতে প্ৰৱাসী সমাজৰ সৈতে সম্পৰ্কও দাঙি ধৰা হয়। লিংগ, বৰ্ণবাদ, সামাজিক আৰু ধৰ্মীয় বৈষম্য আৰু এইসম্পৰ্কীয় সমস্যাসমূহো তেওঁৰ চলচ্চিত্ৰসমূহৰ অন্যতম বিষয়বস্তু।
শ্বাহৰুখ চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট আৰু ইয়াৰ উপবিভাগসমূহৰ যুটীয়া অধ্যক্ষ। ভাৰতীয় প্ৰিমিয়াৰ লিগৰ ক্ৰিকেট দল কলকাতা নাইট ৰাইডাৰ্ছৰো মালিকীস্বত্ব যুটীয়াভাৱে তেওঁৰ অধীনত আছে। তেওঁ প্ৰায়েই দূৰদৰ্শন আৰু মঞ্চ অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভালেমান ব্ৰে’ণ্ড আৰু উদ্যোগী কাম-কাজৰ সৈতে চুক্তিৱদ্ধ হোৱা বাবে বহসময়ত সংবাদ মাধ্যমে তেওঁক “ব্ৰে’ণ্ড এছ আৰ কে” বুলিও অভিহিত কৰে। খানে স্বাস্থ্যসেৱা, দুৰ্যোগৰ সময়ত সাহায্য প্ৰদান আদিৰ জৰিয়তে দেশপ্ৰেমমূলক কাম-কাজো কৰিছে। শিশুৰ শিক্ষাৰ অধিকাৰ সম্পৰ্কে মাত মাতি অহা বাবে ২০১১ চনত ইউনেস্ক’ৱে তেওঁক পিৰামিড কন মাৰ্নি এৱাৰ্ড প্ৰদান কৰিছিল। মহিলা আৰু শিশুৰ অধিকাৰ বৃদ্ধিত নেতৃত্ব লোৱা বাবে ২০১৮ চনত তেওঁ ৱৰ্ল্ড ইক’ন’মিক ফৰামৰ পৰা ক্ৰিষ্টেল এৱাৰ্ডো পাইছিল। ভাৰতীয় সংস্কৃতিৰ সবাতোকৈ প্ৰভাৱশীল লোকৰ তালিকাত তেওঁৰ নাম নিয়মীয়াকৈ দেখা যায়। আনকি ২০০৮ চনত নিউজৱিক আলোচনীখনে তেওঁক বিশ্বৰ সবাতোকৈ শক্তিশালী ৫০ জন লোকৰ এজন বুলিও কৈছিল।