Govinda: গোবিন্দাৰ স্বাস্থ্যৰ অৱনতি, ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত, এতিয়া কেনে আছে?
হিন্দী চিনেমাৰ ছুপাৰষ্টাৰ গোবিন্দাৰ অনুৰাগীৰ বাবে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ খবৰ। হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গোবিন্দাক ।
হঠাতে মঙলবাৰে নিশা ৮ বজাত বলীউডৰ অভিনেতা তথা প্ৰাক্তন সাংসদ গোবিন্দাৰ স্বাস্থ্যৰ অৱনতি ঘটে। খবৰ অনুসৰি ভ্ৰমৰ বাবে তেওঁৰ অৱস্থা অধিক বেয়া হৈ পৰে। লগে লগে উপনগৰ জুহুৰ ক্ৰিটিকেৰ হাস্পতালত ভৰ্তি কৰোৱা হয় গোবিন্দাক। মঙলবাৰে নিশা তেওঁৰ বন্ধু তথা আইনী পৰামৰ্শদাতা ললিত বিন্দালে এই তথ্য শ্বেয়াৰ কৰে। অৱশ্যে গোবিন্দ এতিয়া সুস্থিৰ হৈ জিৰণি লৈছে।
জানিব পৰা মতে, ৬১ বছৰীয়া অভিনেতাজনক নিজৰ বাসগৃহত অজ্ঞান হৈ চিকিৎসালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। হঠাৎ অচেতন হৈ পৰাৰ পিছতে গোবিন্দক ক্ৰিটিকেয়াৰ হাস্পতাললৈ লৈ যোৱা হয়। বৰ্তমান তেওঁ পৰ্যবেক্ষণত আছে। তেওঁ লগতে কয় যে অভিনেতাগৰাকীৰ গুৰুত্বপূৰ্ণ পৰিমাপসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হৈছে আৰু চিকিৎসকসকলে প্ৰয়োজনীয় পৰীক্ষাসমূহ চলাই আছে।
ললিত বিন্দালে প্ৰদান কৰা তথ্য অনুসৰি গোবিন্দৰ কেইবাটাও চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হৈছে। এতিয়া পৰীক্ষাৰ প্ৰতিবেদন অপেক্ষা কৰি আছে। ইয়াৰ পূৰ্বেও গোবিন্দক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। প্ৰায় এবছৰ পূৰ্বে ভুলবশতঃ নিজৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলে গুলীচালনা কৰিছিল অভিনেতাগৰাকীক। তেওঁ উল্লেখ কৰে যে তেওঁ ঘৰতে ৰিভলভাৰটো চাফা কৰি আছিল আৰু ই তেওঁৰ হাতৰ পৰা পিছলি গৈ তেওঁৰ বাওঁ আঁঠুত আঘাত মাৰিছিল।
শেহতীয়াকৈ গোবিন্দৰ কন্যা টিনাই প্ৰকাশ কৰে যে তেওঁ পিতৃক চিকিৎসালয়লৈ লৈ গৈছিল। য’ত তেওঁৰ অস্ত্ৰোপচাৰ কৰি গুলীটো উলিওৱা হৈছিল। তেওঁৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ প্ৰাৰ্থনা কৰিছে অনুৰাগীয়ে। ডিচচাৰ্জৰ পিছত অনুৰাগীক ধন্যবাদ জনালে গোবিন্দই । মন কৰিবলগীয়া যে গোবিন্দৰ ব্যক্তিগত জীৱনক লৈ দীৰ্ঘদিন ধৰি অহৰহ চৰ্চা চলি আহিছে। পত্নী সুনীতাৰ সৈতে তেওঁৰ সম্পৰ্কই প্ৰায়ে শিৰোনাম দখল কৰে।