চিকিৎসালয়ৰ পৰা ৰিলিজ দিলে বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক
বুধবাৰে পুৱা ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় বুলি তেওঁৰ চিকিৎসা কৰা চিকিৎসকে জনায়। কেইবা সপ্তাহ ধৰি চিকিৎসা গ্ৰহণ কৰি আছিল ৮৯ বছৰীয়া ধৰ্মেন্দ্ৰই।

বলীউডৰ প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰক ঘৰতে চিকিৎসা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিয়ালে। ইতিমধ্যে বলীউডৰ প্ৰবীণ অভিনেতাগৰাকীক চিকিৎসালয়ৰ পৰা ঘৰলৈ নিয়াৰ সিদ্ধান্ত লোৱাৰ পাছতে চিকিৎসাধীন হৈ থকা ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছে বুলি জানিব পৰা গৈছে। এই কথা সংবাদ মাধ্যমক জনাইছে চিকিৎসকে।
পিটিআইৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে পুৱা ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় বুলি তেওঁৰ চিকিৎসা কৰা চিকিৎসকে জনায়। কেইবা সপ্তাহ ধৰি চিকিৎসা গ্ৰহণ কৰি আছিল ৮৯ বছৰীয়া ধৰ্মেন্দ্ৰই। পিটিআইক ড০ প্ৰতীত সামদানীয়ে কয় যে, “ধৰ্মেন্দ্ৰ জীক পুৱা প্ৰায় ৭.৩০ বজাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। পৰিয়ালে ঘৰতে চিকিৎসা দিয়াৰ সিদ্ধান্ত লোৱাৰ বাবে তেওঁক ঘৰতে চিকিৎসা কৰা হ’ব।”
বুধবাৰে পুৱা ধৰ্মেন্দ্ৰক ব্ৰিচ কেণ্ডি হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়, কিয়নো তেওঁৰ পৰিয়ালে তেওঁক চিকিৎসাৰ বাবে ঘৰলৈ নিয়াৰ সিদ্ধান্ত লৈছিল। অভিনেতাজনৰ সুস্বাস্থ্যৰ বাবে অহৰহ প্ৰাৰ্থনা কৰিছে অনুৰাগীয়ে। যোৱা মঙলবাৰে ঈশা দেউল আৰু হেমা মালিনীয়েও সন্ধিয়া চিকিৎসালয়খনলৈ গৈছিল। ছানী দেউলৰ দুটা সন্তান আৰু ববি দেউলক তেওঁৰ পত্নীৰ সৈতে চিকিৎসালয়ত দেখা গৈছিল। ইফালে আমিৰ খানও তেওঁৰ ওচৰলৈ গৈছিল। তাৰ আগতেও শ্বাহৰুখ খান আৰু ছলমান খানে তেওঁ স্বাস্থ্যৰ বুজ লৈছিল।
শেহতীয়াকৈ দেখা গৈছিল যে, ছ’চিয়েল মিডিয়াত তেওঁৰ মৃত্যুৰ ভুৱা বাতৰি প্ৰচাৰ হৈছিল। ইয়াৰ পাছতে তেওঁৰ পত্নী হেমা মালিনীয়ে ক্ষোভিত হৈ পৰিছিল। এক্সত এটা পোষ্ট কৰি কয় যে, এনে কাৰ্য ক্ষমা কৰিব নোৱাৰি। ইয়াৰ পূৰ্বে ঈষা দেউলে তেওঁৰ মৃত্যুৰ খবৰ অস্বীকাৰ কৰিছিল। অৱশ্যে এতিয়া তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰি দিয়া হৈছে। অৱশ্যে তেওঁ স্বাস্থ্যৰ অৱস্থা বৰ্তমান কেনেকুৱা সেই কথা জানিব পৰা হোৱা নাই।