দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক
আজি ১২ নৱেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।
আজি ১২ নৱেম্বৰ। আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ১২ নৱেম্বৰত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।
দিনটোৰ ৰাশিফল
- ১৯১৮ চনত অষ্ট্ৰিয়া গণৰাজ্যত পৰিণত হয়।
- ১৯২৫ চনত আমেৰিকা আৰু ইটালীয়ে শান্তি চুক্তি স্বাক্ষৰ কৰে।
- ১৯৩৬ চনত কেৰালাৰ মন্দিৰসমূহ সকলো হিন্দুৰ বাবে মুকলি কৰা হয়।
- ১৯৫৬ চনত মৰক্কো, চুডান আৰু টিউনিছিয়াই ৰাষ্ট্ৰসংঘত যোগদান কৰে।
- ১৯৬৩ চনত জাপানত সংঘটিত ৰেল দুৰ্ঘটনাত ১৬৪ জন লোকৰ মৃত্যু হয়।
- ১৯৬৯ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা অপসাৰণ কৰা বুলি ঘোষণা কৰা হয়।
- ১৯৭৪ চনত দক্ষিণ আফ্ৰিকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা বৰ্ণ নীতিৰ বাবে নিলম্বন কৰা হয়।
- ১৯৯৫ চনত নাইজেৰিয়াক কমনৱেলথ অৱ নেচনছৰ সদস্যপদৰ পৰা নিলম্বিত কৰা হয়।