শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বন্ধ হৈ যোৱা বেংক একাউণ্টৰ জমা ধন কেনেকৈ ঘূৰাই পাব? এই ৩ টা পদক্ষেপ অনুসৰণ কৰক

বেংকে নিষ্ক্ৰিয় একাউণ্টত জমা থকা ধন অৰ্থাৎ দুবছৰতকৈ অধিক সময়ৰ নিষ্ক্ৰিয় একাউণ্টত বা ১০ বছৰৰ ওপৰৰ ক্লেইম নকৰা জমা ধন RBI ৰ DEA পুঁজিলৈ স্থানান্তৰ কৰে। কিন্তু এতিয়া আপুনি বা আপোনাৰ আইনী উত্তৰাধিকাৰীয়ে যিকোনো সময়তে এই ধন লাভ কৰিবলৈ ক্লেইম কৰিব পাৰিব।

বন্ধ হৈ যোৱা বেংক একাউণ্টৰ জমা ধন কেনেকৈ ঘূৰাই পাব? এই ৩ টা পদক্ষেপ অনুসৰণ কৰক
manas-borah
Manas Borah | Published: 02 Nov 2025 13:02 PM

আপোনাৰ পুৰণি বেংক একাউণ্ট আছে নেকি, যিটো একাউণ্ট ব্যৱহাৰ কৰিবলৈ এৰি দিছে বা বৰ্তমান কোনো ধৰণৰ লেনদেন নকৰে। যদি সেই একাউণ্টত জমা হৈ থকা ধন উদ্ধাৰ কৰিব বিচাৰে, তেন্তে চিন্তাৰ প্ৰয়োজন নাই। ভাৰতীয় ৰিজাৰ্ভ বেংকে এতিয়া আপোনাৰ পুৰণি বেংক একাউণ্টত জমা ধন লাভ কৰাত সম্পূৰ্ণৰূপে সহায় কৰিছে।

বেংকে নিষ্ক্ৰিয় একাউণ্টত জমা থকা ধন অৰ্থাৎ দুবছৰতকৈ অধিক সময়ৰ নিষ্ক্ৰিয় একাউণ্টত বা ১০ বছৰৰ ওপৰৰ ক্লেইম নকৰা জমা ধন RBI ৰ DEA পুঁজিলৈ স্থানান্তৰ কৰে। কিন্তু এতিয়া আপুনি বা আপোনাৰ আইনী উত্তৰাধিকাৰীয়ে যিকোনো সময়তে এই ধন লাভ কৰিবলৈ ক্লেইম কৰিব পাৰিব। RBIয়ে ইমান সহজ কৰি তুলিছে যে, মাত্ৰ তিনিটা প্ৰক্ৰিয়া অনুসৰণ কৰি আপোনাৰ সমগ্ৰ ধন ঘূৰাই পাব পাৰে।

RBIৰ তথ্য অনুসৰি, সমগ্ৰ দেশতে এনে অনাদায় জমাত কোটি কোটি টকা আছে। এই ধন নিষ্ক্ৰিয় একাউণ্টৰ পৰা আহে য’ত দুবছৰলৈকে কোনো লেনদেন নহয়। যদি ১০ বছৰ পাৰ হয় তেন্তে বেংকে ইয়াক DEA  (Depositor Education and Awareness) ফাণ্ডলৈ ট্ৰেন্সফাৰ কৰে। কিন্তু এই টকা আপোনাৰ আৰু সদায় ক্লেইম কৰিব পাৰে। কোনো সময়সীমা নাই বুলি স্পষ্ট কৰি দিছে আৰ বি আইয়ে। এইবোৰ আপুনি যিকোনো সময়তে ক্লেইম কৰি লাভ কৰিব পাৰে।

এই ধন কেনেকৈ লাভ কৰিব ?

প্ৰথমে RBIৰ অফিচিয়েল ৱেবছাইট চাওক: https://www.rbi.org.in/Scripts/DepositorEducation.aspx। ইয়াত আপোনাৰ বা পৰিয়ালৰ কোনো সদস্যৰ নাম সন্ধান কৰক। কোনটো বেংকত কিমান টকা জমা হৈছে তাৰ সম্পূৰ্ণ তালিকা পাব। তদুপৰি অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে দেশৰ সকলো জিলাতে দাবীহীন সম্পত্তিৰ বাবে বিশেষ শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই শিবিৰসমূহ ভ্ৰমণ কৰি প্ৰত্যক্ষ সহায় লওক।

কেনেকৈ ক্লেইম কৰিব?

আপোনাৰ পছন্দৰ যিকোনো বেংক শাখালৈ যাওক। তাত ক্লেইম প্ৰ-পত্ৰ পূৰণ কৰক।

KYC Proof—কোনো বৈধ নথি যেনে ভোটাৰ আইডি, ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পাছপ’ৰ্ট, NREGA কাৰ্ড আদি আইডি আৰু ঠিকনাৰ প্ৰমাণ হিচাপে দিব লাগে। যদি উত্তৰাধিকাৰীয়ে ক্লেইম কৰিছে তেন্তে মৃত্যুৰ প্ৰমাণ পত্ৰৰ দৰে আইনী নথি-পত্ৰও প্ৰয়োজন হ’ব।

পৰীক্ষণৰ পিছত পুঁজি বিতৰণ কৰা হ’ব – বেংকে পৰীক্ষা কৰি আৰ বি আইৰ DEA পুঁজিৰ পৰা সম্পূৰ্ণ ধন হস্তান্তৰ কৰিব। প্ৰক্ৰিয়াটো দ্ৰুত, কোনো অতিৰিক্ত চাৰ্জ নাই।