Gold Price: নৱেম্বৰৰ প্ৰথম দিনটোত সোণৰ মূল্যত দেখা গ’ল ডাঙৰ পৰিৱৰ্তন, দাম বাঢ়িল নে কমিল ?
১ নৱেম্বৰৰ দিনটোত সোণৰ দাম বৃদ্ধি পোৱা দেখা গ'ল। অৱশ্যে ৰূপৰ দাম অলপ হ্ৰাস পোৱা দেখা যায়। আঘোণ মাহৰ পৰা বিয়াৰ বতৰ আৰম্ভ হ'ব। ইয়াৰ আগতে যদি পুনৰ সোণৰ দাম বাঢ়ি যায়, তেন্তে চিন্তিত হ'ব মধ্যবিত্ত শ্ৰেণীৰ লোকসকল।
নৱেম্বৰ মাহৰ প্ৰথম দিনাই পুনৰ বৃদ্ধি পালে সোণৰ দাম। দেখা গৈছিল যে, অক্টোবৰৰ শেষৰ ফালে সোণৰ মূল্য হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। কিন্তু পুনৰ লাহে লাহে সোণৰ দাম বৃদ্ধি পাইছে। আজিৰ দিনটোত সোণৰ -ৰূপৰ মূল্যত বিশেষ পৰিৱৰ্তন দেখা নাই যদিও ১ নৱেম্বৰৰ দিনটোত সোণৰ দাম বৃদ্ধি পোৱা দেখা গ’ল। অৱশ্যে ৰূপৰ দাম অলপ হ্ৰাস পোৱা দেখা যায়। আঘোণ মাহৰ পৰা বিয়াৰ বতৰ আৰম্ভ হ’ব। ইয়াৰ আগতে যদি পুনৰ সোণৰ দাম বাঢ়ি যায়, তেন্তে চিন্তিত হ’ব মধ্যবিত্ত শ্ৰেণীৰ লোকসকল। ১ নৱেম্বৰৰ দিনটোত সোণৰ মূল্য কিমান আছিল ?
২৪ কেৰেট সোণৰ মূল্য
১ নৱেম্বৰত ২৪ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১২,৩২৯ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,২৩,২৯০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১২,৩২,৯০০ টকা। এদিনতে বৃদ্ধি পালে ১০০ টকা।
২২ কেৰেট সোণৰ মূল্য-
১ নৱেম্বৰত ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ মূল্য ১১,৩০১ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১,১৩,০১০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ১১,৩০,১০০ টকা। এদিনতে বৃদ্ধি পালে ১০০ টকা।
১৮ কেৰেট সোণৰ মূল্য-
১ নৱেম্বৰত ১৮ কেৰেট সোণৰ ১ গ্ৰামৰ মূল্য ৯,২৪৭ টকা। ১০ গ্ৰাম সোণৰ মূল্য ৯২,৪৭০ টকা। ১০০ গ্ৰাম সোণৰ মূল্য ৯,২৪,৭০০ টকা। ১৮ কেৰেট সোণৰ মূল্যও ১০০ টকা বৃদ্ধি পোৱা দেখা যায়।
ৰূপৰ মূল্য-
যদিও ১ নৱেম্বৰত সোণৰ মূল্য বৃদ্ধি পাইছিল, তথাপিও ৰূপৰ মূল্য হ্ৰাস পোৱা দেখা গৈছিল। নৱেম্বৰৰ পহিলা দিনটোত ১০০ গ্ৰাম ৰূপৰ মূল্য ১৫,০৯০ টকা। ১ কেজি ৰূপৰ মূল্য ১,৫০,৯০০ টকা। ১০০ টকা হ্ৰাস পোৱা দেখা গৈছিল ৰূপৰ মূল্য।
লগতে পঢ়ক: আজি দেওবাৰৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান? চাওক