শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

EPFO new rules: অৱসৰৰ পাছত ভৱিষ্যনিধিৰ একাউণ্টত সুত পোৱা যায় নে?

EPFO new rules: পি এফ আইনৰ অধীনত এজন কৰ্মচাৰীক ৫৮ বছৰ বয়স নোহোৱালৈকে পেঞ্চনৰ ওপৰত সুত দিয়ে। কিন্তু তাৰ আগতে যদি কোনোবাই চাকৰি এৰি দিয়ে তেতিয়াও সুত পায় নেকি? আইনে কি কয়?

EPFO new rules: অৱসৰৰ পাছত ভৱিষ্যনিধিৰ একাউণ্টত সুত পোৱা যায় নে?
প্ৰতীকী ছবিImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 20 Jul 2025 17:56 PM

EPFO বা এমপ্লইজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে সময়ৰ লগত খাপ খুৱাই গ্ৰহণ কৰিছে কেইবাটাও পদক্ষেপ। টকা উলিওৱাৰ ক্ষেত্ৰত ব্যাপক সুবিধা প্ৰদান কৰিছে সংস্থাটোৱে। এটিএমৰ জৰিয়তে ধন উলিওৱা, প্ৰয়োজন সাপেক্ষে সৰ্বাধিক ৫ লাখ টকা উলিওৱা আদি কেইবাটাও নিয়ম আনিছে EPFOই। EPFOৰ নিয়ম অনুসৰি কৰ্মচাৰীয়ে অৱসৰৰ পিছত নিৰ্দিষ্ট পৰিমাণৰ পেঞ্চনো লাভ কৰে।

পি এফ আইনৰ অধীনত এজন কৰ্মচাৰীক ৫৮ বছৰ বয়স নোহোৱালৈকে পেঞ্চনৰ ওপৰত সুত দিয়ে। কিন্তু তাৰ আগতে যদি কোনোবাই চাকৰি এৰি দিয়ে তেতিয়াও সুত পায় নেকি? আইনে কি কয়? পি এফ আইনত কোৱা হৈছে যে সুত পোৱা যায়।

নিয়ম অনুসৰি কোনোবাই যদি ৫৫ৰ পৰা ৫৮ বছৰৰ ভিতৰত অৱসৰ লয় অৰ্থাৎ নিৰ্দিষ্ট বয়সৰ আগতেই চাকৰি এৰি যায় তেন্তে সেই চাকৰিৰ লগত জড়িত পি এফ একাউণ্টে আগন্তুক ৩ বছৰৰ বাবে সুত লাভ কৰিব। যদি ৩ বছৰৰ ভিতৰত পি এফৰ পৰা ধন উলিয়াব নোৱাৰে তেন্তে সেই একাউণ্টটো নিষ্ক্ৰিয় হৈ পৰে। তেতিয়া আৰু সুত পোৱা নাযায়।

কোনো এজন ব্যক্তিয়ে ৫০ বছৰ বয়স হোৱাৰ পিছতহে পেঞ্চনৰ বাবে আবেদন কৰিব পাৰে। যদি কোনোবাই ৫৮ বছৰ বয়সৰ পূৰ্বেই পেঞ্চন দাবী কৰে তেন্তে প্ৰতি বছৰে ৪ শতাংশ হাৰত পেঞ্চন পাব পাৰে। ইয়াৰ বাহিৰেও অৱসৰৰ পিছত ইপিএফৰ পুঁজিৰ ৭৫ শতাংশ এককালীন ধন হিচাপে উলিয়াব পাৰিব।

প্ৰসংগক্ৰমে যদি কোনো কৰ্মচাৰীয়ে ১০ বছৰ কাম কৰি পি এফত প্ৰয়োজনীয় ধন জমা কৰি ৰাখে, তেন্তে তেওঁক পেঞ্চনৰ যোগ্য বুলি গণ্য কৰা হয়।