Income tax: কোনে কিমান আয়কৰ পৰিশোধ কৰিব লাগিব, জানক সবিশেষ…
Budget income tax: শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে কেন্দ্ৰীয় বাজেট ২০২৫-২৬। এই বাজেটত মধ্যবিত্তসকলক আয়কৰৰ ক্ষেত্ৰত যথেষ্ঠ ৰেহাই দিয়া হয়। ১২ লাখ টকা পৰ্যন্ত দিব নালাগে কৰ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে সদনত দাখিল কৰিলে কেন্দ্ৰীয় বাজেট ২০২৫-২৬। স্বাস্থ্য, কৃষি, শিক্ষাৰ পৰা আৰম্ভ কৰি আয়কৰ ক্ষেত্ৰখনলৈ চৰকাৰে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। আয়কৰৰ (Income tax) ক্ষেত্ৰত এইবাৰ মধ্যবিত্ত শ্ৰেণীটোক যথেষ্ঠ সকাহ দিয়া হৈছে। বাজেটত কৰা ঘোষণা অনুসৰি ১২ লাখ টকা পৰ্যন্ত দিব নালাগে কৰ। কিন্তু আয়কৰৰ গাঁথনি চালে দেখা যায় যে ৪ লাখৰ ওপৰত কৰ নাথাকিলেও ৪ লাখৰ পৰা ৮ লাখ টকা পৰ্যন্ত আছে ৫ শতাংশ কৰ। এতিয়া প্ৰশ্ন হয়, কিমান আয়ৰ ওপৰত জনতাই কৰ দিব লাগিব?
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে, নতুন কৰ গাঁথনি অনুসৰি ৪ লাখ টকা পৰ্যন্ত কোনোৱে কৰ দিব নালাগে। পৰৱৰ্তী শ্লেব অনুসৰি ৪ লাখৰ পৰা ৮ লাখ পৰ্যন্ত ৫ শতাংশ কৰ দিব লাগিব, লগতে ৮ লাখৰ পৰা ১২ লাখৰ ভিতৰত ১০ শতাংশ কৰ দিব লাগিব।
ইয়াৰোপৰি যিকসকলৰ বাৰ্ষিক আয় ১৬ লাখৰ পৰা ২০ লাখ টকা পৰ্যন্ত সেইসকলে ২০ শতাংশ আয়কৰ দিব লাগিব। বাৰ্ষিক আয় ২০ ৰ পৰা ২৪ লাখ পৰ্যন্ত সকলে ২৫ শতাংশ কৰ দিব লাগিব। নতুন শ্লেব অনুসৰি সৰ্বোচ্চ কৰ ৩০ শতাংশ। অৰ্থাৎ যিসকলৰ আয়ৰ ২৪ লাখৰ ওপৰত তেওঁলোকে ৩০ শতাংশ কৰ দিব লাগিব।
ইফালে বাজেটত ঘোষণা কৰা অনুসৰি ১২ লাখ টকা পৰ্যন্ত কোনো কৰ দিব নালাগে। তেন্তে ৪ লাখৰ পৰা ৮ লাখ পৰ্যন্ত ৫ শতাংশ কৰ কিয়?
সহজ ভাষাত ক’বলৈ গ’লে আয়কৰৰ গাঁথনিটো হ’ল ১২ লাখ টকালৈকে কৰ নাথাকে। যদি বাৰ্ষিক আয় ইয়াতকৈ বেছি হয়, শ্লেব অনুসৰি কৰ পৰিশোধ কৰিব লাগিব। অৰ্থাৎ কাৰোবাৰ আয় ১৪ লাখ টকা হ’লে প্ৰথম, দ্বিতীয়, তৃতীয় শ্লেবত বিভিন্ন হাৰত কৰ আৰোপ কৰা হ’ব। মুঠ ধনৰাশি একেলগে যোগ হ’ব আয়কৰ।
ইয়াক এনেকৈও বুজিব পাৰি- ধৰি লওক এজন ব্যক্তিৰ বাৰ্ষিক আয় ১৮ লাখ টকা। তেনে পৰিস্থিতিত সেই ব্যক্তিজনে প্ৰথম ৪ লাখৰ ওপৰত কোনো কৰ দিব নালাগে। পৰৱৰ্তী শ্লেব অৰ্থাৎ ৪ৰ পৰা ৮ লাখ টকাৰ পৰা ৫ শতাংশ কৰ দিব লাগিব। ৪ লাখৰ ৫ শতাংশ হিচাপে ২০ হাজাৰ টকাৰ আয়কৰ আদায় দিব লাগিব।
দ্বিতীয় পৰ্যায়ত ৮ৰ পৰা ১২ লাখ শ্লেবত ১০ শতাংশ কৰ আৰোপ কৰা হৈছে। এই শ্লেবত ৪ লাখৰ ১০ শতাংশ ৪০,০০০ আয়কৰ দিব লাগিব। ১২ লাখৰ পৰা ১৬ লাখৰ শ্লেবত ১৫ শতাংশ আয়কৰ হ’ব ৬০ হাজাৰ টকা। বাকী ২ লাখ টকাৰ ওপৰত ২০ শতাংশ কৰ আৰোপ কৰা হ’ব। এই শ্লেবত ৪০ হাজাৰ আয়কৰ দিব লাগিব। মুঠতে সেই ব্যক্তিজনে ১ লাখ ৬০ হাজাৰ আয়কৰ দিব লাগিব।
অন্য খবৰ পঢ়কঃ Budget 2025: দেশে লাভ কৰিব নতুন আয়কৰ আইন, কৰ ৰেহাইৰ ওপৰতো ডাঙৰ ঘোষণা চৰকাৰৰ…