সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, অসমীয়াইহে জুবিনক জীয়াই ৰাখিবঃ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, 'যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ পিছত দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু ৰাস আহিল। এই সময়ত সমগ্ৰ অসমৰ প্ৰতিটো হিন্দু পৰিয়ালসমূহে জুবিনৰ ফটোখন সকলোতে ব্যৱহাৰ কৰিছিল আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছিল। কিন্তু ইজতেমাৰ দৰে মুছলমানৰ ধৰ্মীয় সমাৱেশৰ সময়ত জুবিনৰ ফটো দেখা নাই।'

সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, অসমীয়াইহে জুবিনক জীয়াই ৰাখিবঃ মুখ্যমন্ত্ৰী
Published: 

12 Nov 2025 19:18 PM

জুবিন গাৰ্গৰ মৃত্যু আৰু শেহতীয়াকৈ দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ সত্বাক জীয়াই ৰাখিবলৈ অসমীয়া ৰাইজক আহ্বান জনাইছে।

এক অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ’ল তাৰ পিছত দুৰ্গা পূজা, লক্ষ্মী পূজা আৰু ৰাস আহিল। এই সময়ত সমগ্ৰ অসমৰ প্ৰতিটো হিন্দু পৰিয়ালসমূহে জুবিনৰ ফটোখন সকলোতে ব্যৱহাৰ কৰিছিল আৰু আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছিল। কিন্তু ইজতেমাৰ দৰে মুছলমানৰ ধৰ্মীয় সমাৱেশৰ সময়ত জুবিনৰ ফটো দেখা নাই। যিবোৰক তেওঁলোকৰ “ধৰ্ম সভা” বুলিও বৰ্ণনা কৰা হয়। আমি এখনো সভাত জুবিন গাৰ্গৰ ফটো দেখা নাই। ইয়াৰ অৰ্থ এয়াই যে, সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে, জুবিনক মাথোঁ অসমীয়াইহে জীয়াই ৰাখিব লাগিব। চাউল-দালি নালাগে বুলি কোৱা লোকে জুবিনক জীয়াই নাৰাখে ‘

ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘যিসকলে সামাজিক মাধ্যমত দিল্লীৰ বিস্ফোৰণক সমৰ্থন জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব। তেওঁলোকৰ লিংকবোৰ চাব আৰু কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাও বা অন্যলোকৰ লগত পাও তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ’ব। এতিয়া বহুতে ডিলিট কৰিছে, কিন্তু স্ক্ৰীণশ্বট চেভ কৰা হৈছে। তেওঁলোকক চৰকাৰে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। সেই ব্যক্তিসকলৰ সক্ৰিয়ভাৱে অনলাইন কাৰ্যকলাপ অনুসৰণ কৰি আছে, ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৰাজ্যৰ অসম আৰক্ষীৰ বিষয়াসকলে নিশ্চিত কৰিছে।’

 

 

 

শীতকালত কিয় বেছিকৈ চুলি সৰে? এই সহজ উপায়েৰে কৰক দূৰ
বগা স্ৰাৱৰ অত্যাধিক গোন্ধ ওলাই নেকি? ই কোনো ৰোগৰ আগতীয়া সংকেত নেকি জানক
বৃক্ক বিকলৰ পূৰ্বে নিশা দেখা দিয়ে এইসমূহ লক্ষণ! জানক সকলো...
কলেষ্টেৰল নিয়ন্ত্ৰণ ৰাখিবলৈ খাওক এইসমূহ শাক-পাচলি...