Top9: প্ৰধানমন্ত্ৰীৰ পৰা দিল্লীৰ বিস্ফোৰণৰ তদন্তলৈ, দিনটোৰ খবৰ…

Top9: ভূটান ভ্ৰমণ সামৰি আজি দেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পাছতে তেওঁ বোমা বিস্ফোৰণত আহতসকলৰ খবৰ লয়। ইফালে দিল্লীৰ বিস্ফোৰণক লৈ অব্যাহত আছে তদন্ত।

Top9: প্ৰধানমন্ত্ৰীৰ পৰা দিল্লীৰ বিস্ফোৰণৰ তদন্তলৈ, দিনটোৰ খবৰ...

মোদী

Published: 

12 Nov 2025 19:53 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. ভূটান ভ্ৰমণ সামৰি আজি দিল্লীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমান বন্দৰৰ পৰা পোনে পোনেই তেওঁ উপস্থিত হয় দিল্লীৰ এল এন জে পি হাস্পতালত। দিল্লী বিস্ফোৰণৰ ভুক্তভোগীক সাক্ষাৎ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়াৰ লগতে দোষীক উচিত শাস্তি দিয়াৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ।

২. দিল্লীৰ বিস্ফোৰণ সংক্ৰান্তত অসমত গ্ৰেপ্তাৰ পাঁচজনকৈ লোকক। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে এই লোককেইজনক। দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত সামাজিক মাধ্যমত প্ৰৰোচনামূলক মন্তব্য কৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।

৩. মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লুঙী-ধূতি দিয়াতকৈ মহিলাক ১০ হাজাৰকৈ টকা দিয়াই ভাল বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ লগতে কয় যে কংগ্ৰেছে পূৰ্বতে কৰি অহা কামৰ বাবে আজি নিজেই লজ্জিত হৈছে।

৪. গুৱাহাটীৰ শিলসাঁকোত উত্তপ্ত পৰিস্থিতি। ইতিপূৰ্বে বেদখলমুক্ত কৰা ভূমিত একাংশ লোকে ঘৰ নিৰ্মাণ কৰাক লৈ সৃষ্টি হৈছে উত্তেজনাৰ। প্ৰশাসনে পাঁচ মিনিটৰ ভিতৰত ঠাই খালী কৰিবলৈ নিৰ্দেশ দিয়াত ক্ষুব্ধ হৈ পৰে লোকসকল। আৰক্ষী আৰু লোকসকলৰ মাজত খণ্ডযুদ্ধও সৃষ্টি হয়।

৫. দীৰ্ঘদিন ধৰি চিকিৎসাজনিত কাৰণত বহিঃৰাজ্যত থকাৰ পাছত অৱশেষত গুৱাহাটীত উপস্থিত বদৰুদ্দিন আজমল। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে বদৰুদ্দিন আজমলক উষ্ম আদৰণি AIDUFৰ নেতা কৰ্মীয়ে। নিৰ্বাচন সম্পৰ্কত AIDUFৰ দুদিনীয়া বৈঠক অনুষ্ঠি হ’ব আৰু তাতেই পৰৱৰ্তী পদক্ষেপ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব বুলি কয় আজমলে। দিল্লীৰ বিস্ফোৰণক চৰকাৰৰ ব্যৰ্থতা আখ্যা নেতাগৰাকীৰ

৬. দিল্লী বিস্ফোৰণৰ পূৰ্বে তুৰষ্কত জইছ-ই-মহম্মদৰ সদস্যৰে মিলিত হৈছিল ডাঃ ওমৰ আৰু ডাঃ মুজাম্মিল। শেহতীয়াকৈ পোহৰলৈ আহিছে এই তথ্য। জইছৰ নিৰ্দেশতেই ৰচনা কৰা হৈছিল বিস্ফোৰণৰ ব্লুপ্ৰিণ্ট। দুবছৰ ধৰি বিস্ফোৰক মজুত কৰিছিল ডাঃ শ্বাহীদাৰ লগতে আন সহযোগীয়ে।

৭. বাংলাদেশলৈ প্ৰত্যাৱৰ্তন সন্দৰ্ভত মন্তব্য কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। বাংলাদেশত স্থায়ী চৰকাৰ গঠন তথা আৱামী লীগৰ ওপৰত থকা সকলো প্ৰতিবন্ধকতা আঁতৰালেহে তেওঁ দেশলৈ উভতি যাব বুলি স্পষ্ট কৰি দিছে। তেওঁ লগতে কয় যে মহম্মদ ইউনুছে ভাৰতৰ সৈতে সম্পৰ্ক নষ্ট কৰি দেশৰ ক্ষতি কৰিছে।

৮. অসমত অবৈধ কয়লা ব্যৱসায় সন্দৰ্ভত চাঞ্চল্যকৰ অভিযোগ গৌৰৱ গগৈৰ। ক’ল ইণ্ডিয়া কৰ্তৃপক্ষৰ সৈতে মিলিত হোৱাৰ পাছত গৌৰৱে অভিযোগ তুলিছে যে অসমত কয়লা চিণ্ডিকেটৰ সৈতে দুজন ব্যক্তি জড়িত হৈ আছে। তাৰোপৰি মামী টেক্সে মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে। কংগ্ৰেছ ক্ষমতালৈ আহিলে সকলো অবৈধ কাৰ্যকলাপ বন্ধ কৰাৰ আশ্বাস গৌৰৱৰ।

৯. সুস্থ হৈ ঘৰলৈ ওভতিল যশস্বী অভিনেতা ধৰ্মেন্দ্ৰ। বিগত কেবাদিনো ধৰি মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি হৈ আছিল প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ। তেওঁৰ দেহাৱসান ঘটা বুলি বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল যদিও আজি পুৱা সুস্থ শৰীৰে ঘৰলৈ ওভতে অভিনেতাগৰাকী।

 

অন্য খবৰ পঢ়কঃ হাবি কাটি শিলসাঁকোত গৃহ নিৰ্মাণ! উচ্ছেদিত জনতাক চোঁচৰাই নিলে আৰক্ষীয়ে…

শীতকালত কিয় বেছিকৈ চুলি সৰে? এই সহজ উপায়েৰে কৰক দূৰ
বগা স্ৰাৱৰ অত্যাধিক গোন্ধ ওলাই নেকি? ই কোনো ৰোগৰ আগতীয়া সংকেত নেকি জানক
বৃক্ক বিকলৰ পূৰ্বে নিশা দেখা দিয়ে এইসমূহ লক্ষণ! জানক সকলো...
কলেষ্টেৰল নিয়ন্ত্ৰণ ৰাখিবলৈ খাওক এইসমূহ শাক-পাচলি...