শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam: ফটো ভাইৰেলৰ ভাবুকি দি পাতিছিল বিয়া! ডেৰ মাহ পাছত বিছনাত উদ্ধাৰ মহিলাৰ মৃতদেহ

Assam; বন্ধুত্ব, প্ৰেম, ব্লেকমেইল কৰিব বিবাহ আৰু পাছত বিছনাত উদ্ধাৰ এগৰাকী নৱ- বিবাহিতাৰ মৃতদেহ। অভিযোগ অনুসৰি ডেৰ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা যুৱতীগৰাকীক হত্যা কৰিছে স্বামীয়ে।

Assam: ফটো ভাইৰেলৰ ভাবুকি দি পাতিছিল বিয়া! ডেৰ মাহ পাছত বিছনাত উদ্ধাৰ মহিলাৰ মৃতদেহ
যোৰহাট কাণ্ড
barasha-sarma
Barasha Sarma | Published: 04 Nov 2024 13:05 PM

ৰাজ্যত প্ৰতিদিনেই বৃদ্ধি পাইছে হত্যা, ধৰ্ষণ, লুণ্ঠন আদিৰ দৰে বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা। সংখ্যাৰ পৰা চাবলৈ গ’লে ৰাজ্যত নাৰীজনিত অপৰাধৰ ঘটনা এতিয়াও ৰোধ হোৱা নাই। নাৰীক সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা একাংশৰ বাবে প্ৰতিদিনেই নিৰ্যাতনৰ বলি হ’বলগীয়া হয় একাংশ মহিলা। এনে ধৰণৰ এক শোকাবহ ঘটনা পোহৰলৈ আহিছে যোৰহাটৰ পৰা। প্ৰথমে বন্ধুত্ব, পাছত প্ৰেম- ভালপোৱা, অন্তৰংগ মুহুৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকি, বিয়া আৰু পাছত এক ভয়ংকৰ হত্যাকাণ্ড।

ৰাকেশ মিলি নামৰ যুৱকজনে এগৰাকী যুৱতীৰ অন্তৰংগ মুহুৰ্তৰ ফটো ভাইৰেল কৰাৰ ভাবুকি দি বহু পৰিকল্পনা অনুসৰি বিয়া পাতে। কিন্তু বিয়াৰ প্ৰায় ডেৰ মাহ পাছতেই অতি ৰহস্যজনক অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ উত্তৰ কলীয়া গাঁৱত। মহিলাগৰাকীৰ পৰিয়ালৰলোকে কৰা অভিযোগ অনুসৰি যুৱতীগৰাকীৰ সৈতে প্ৰথমে প্ৰেমৰ সম্পৰ্কত আছিল ৰাকেশ মিলিৰ। পৰৱৰ্তী সময়ত ৰাকেশে যুৱতীগৰাকীৰ ফটো ভাইৰেল কৰাৰ ভাবুকি দি বিয়া পাতিছিল।

অভিযোগ অনুসৰি ৰাকেশ নামৰ যুৱকজনেই নিজ পত্নীক বিছনাতে হত্যা কৰিছে। এই গুৰুত্বৰ অভিযোগৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাকেশ মিলিক। সোমবাৰে পোহৰলৈ আহিছে এই ঘটনা।

মানৱ সেৱাৰ লক্ষ্য বুকুত বান্ধি নাৰ্চিং কৰ্চত নামভৰ্তি কৰিবলৈ প্ৰস্তুতি চলাইছিল যুৱতীগৰাকীয়ে। সেই সময়তে যুৱতীগৰাকীৰ ৰাকেশ নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। কম বয়সীয়া যুৱতীগৰাকী পঢ়াৰ প্ৰতি আগ্ৰহী আছিল সেয়ে তেওঁ এতিয়াই বিয়াত বহিব বিচৰা নাছিল। কিন্তু ৰাকেশ মিলি নামৰ যুৱকজনে দুয়োৰে অন্তৰংগ মুহুৰ্তৰ ছবি ভাইৰেল কৰাৰ ভাবুকি দি যুৱতীগৰাকীক ব্লেকমেইল কৰা আৰম্ভ কৰে। পৰৱৰ্তী সময়ত যুৱতীগৰাকীক পলুৱাই নি বিবাহ পাশত আৱদ্ধ হৈছিল ৰাকেশ মিলি। যুৱতীগৰাকী আৰু ৰাকেশৰ বিয়াৰ প্ৰায় ডেৰ মাহ হৈছিল।

কিন্তু ইয়াৰ মাজতে শনিবাৰে ৰাকেশৰ কাষত শুই থকা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়। যুৱতীগৰাকীৰ পৰিয়ালৰলোকে অভিযোগ কৰা অনুসৰি ৰাকেশে বলপূৰ্বকভাৱে ১৯ বছৰীয়া যুৱতীগৰাকীক বিয়া কৰাইছিল আৰু তেওঁয়েই ডিঙি চেপি এই হত্যাকাণ্ড সংঘটিত কৰিছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাকেশক।

আনহাতে যুৱতীগৰাকীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছত জানিব পৰা যাব কেনেকৈ মৃত্যু হ’ল নৱ বিবাহিতাগৰাকীৰ। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত জানিব পৰা যাব এয়া হত্যা নে আত্মহত্যা…