দিনটোৰ আৰম্ভণিতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ

আজি ১২ নৱেম্বৰ, দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ
Published: 

12 Nov 2025 06:53 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. জামিন লাভ কৰিলে বিতৰ্কিত এচিএছ বিষয়া নূপুৰ বৰাই। উৎকোচৰ গোচৰত যোৱা ১৫ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হৈছিল নূপুৰ বৰা। নূপুৰৰ ঘৰৰ পৰা আৰক্ষীয়ে প্ৰায় ৯২ লাখ নগদ ধন আৰু প্ৰায় ১ কোটি মূল্যৰ গহনা জব্দ কৰিছিল। আজি বিশেষ আদালতে তেওঁক জামিন প্ৰদান কৰে।
  2. মঙলবাৰে কামৰূপ জিলাৰ ছয়গাঁৱৰ পাল্টান উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত ৪,৬৭৩ টা জনজাতীয় পৰিয়ালক বনভূমিৰ স্বত্ব-পত্র প্রদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
  3. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সৈতে জড়িত তথ্য ৰাজহুৱা কৰিব বিচৰা চাৰিখন আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে। এই আবেদন দাখিল কৰে আৰ টি আই কৰ্মী নীৰজ, আপ নেতা সঞ্জয় সিং আৰু অধিবক্তা মহম্মদ ইৰছাদে।
  4. অন্টাৰিঅ’ত অনুষ্ঠিত হ’বলগীয়া জি-৭ বৈদেশিক মন্ত্ৰীৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ কানাডা ভ্ৰমণ কৰিব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে।
  5. ভাৰত আৰু নেপালৰ সীমান্ত সুৰক্ষা বাহিনীৰ মুৰব্বীসকলে তেওঁলোকৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকত সীমা অতিক্ৰম কৰি অপৰাধ প্ৰতিৰোধ কৰা, বাস্তৱ সময়ৰ চোৰাংচোৱা তথ্য বিনিময় কৰা, আৰু অন্যান্য নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।
  6. ২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে এগজিট প’লৰ প্ৰকাশ পাবলৈ আৰম্ভ কৰিছে। এই এগজিট প’লে ৰাজ্যৰ ৰাজনৈতিক জলবায়ু আৰু অধিক আলোড়িত কৰিছে। বেছিভাগেই ইংগিত দিয়ে যে এন ডি এ পুনৰ ক্ষমতালৈ ঘূৰি আহিব পাৰে। সমীক্ষাৰ হিচাপ অনুসৰি ৰাজ্যখনৰ আধাতকৈ অধিক আসন বিজেপি আৰু জেডিইউৰ মিত্ৰজোঁটৰ দখল থকা যেন লাগে।
  7. মঙলবাৰে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ ৰাজধানী ইছলামবাগতো বিস্ফোৰণে কঁপাইছিল। লালকিল্লাত সংঘটিত হোৱা বিস্ফোৰণৰ তদন্ত সংস্থাসমূহে চলাই থকাৰ সময়তে পাকিস্তানে নিজৰ ৰাজধানীত হোৱা আক্ৰমণৰ বাবে ভাৰতক দোষাৰোপ কৰিছে। শেহতীয়াকৈ ইছলামবাদত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণৰ আঁৰত নতুন দিল্লী আছে বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে উত্থাপিত অভিযোগ মঙলবাৰে তীব্ৰভাৱে খণ্ডন কৰে ভাৰতে।
  8. ইছলামবাদৰ বিস্ফোৰণক লৈ পাকিস্তানে ভাৰতক দোষাৰোপ কাৰ্যক “ভিত্তিহীন” বুলি অভিহিত কৰিছে ভাৰতে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে, “আপাত দৃষ্টিত আতংকিত হৈ পৰা পাকিস্তানী নেতৃত্বই উত্থাপন কৰা ভিত্তিহীন অভিযোগ ভাৰতে কঠোৰভাৱে নাকচ কৰিছে।”
স্তনৰ বিষ অনুভৱ হৈ থাকে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক
ছাল আৰু চুলিৰ বাবে উপকাৰী এই পাত, গুণ জানি হ'ব আচৰিত!
ৰাতি টোপনি নাহিলে কি কৰিব? এই সমস্যা কিয় হয়? জানক
এই তিনিবিধ খাদ্যই বৃদ্ধি কৰে কৰ্কট ৰোগৰ আশংকা? জানক...