শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিল্লী বিস্ফোৰণ সন্দৰ্ভত অসমত গ্ৰেপ্তাৰ ৫ জন, সামাজিক মাধ্যমকযোগে কৰিছিল ভয়ংকৰ কাণ্ড!

দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত কোনো লোকে সমৰ্থনমূলক মন্তব্য কৰিলে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। ডঃ শৰ্মাৰ নিৰ্দেশৰ পাছতেই বৰ্তমানলৈকে অসমত গ্ৰেপ্তাৰ হৈছে পাঁচজনকৈ লোক।

দিল্লী বিস্ফোৰণ সন্দৰ্ভত অসমত গ্ৰেপ্তাৰ ৫ জন, সামাজিক মাধ্যমকযোগে কৰিছিল ভয়ংকৰ কাণ্ড!
অসমত পাঁচজনক গ্ৰেপ্তাৰImage Credit source: Andreas Schlegel/fStop/Getty Images
raj-saikia
Raj Saikia | Published: 12 Nov 2025 16:15 PM

সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপত সংঘটিত হয় এক বিস্ফোৰণৰ ঘটনা। এই বিস্ফোৰণত প্ৰাণ হেৰুৱায় প্ৰায় ১০ গৰাকী লোকে। এই বিস্ফোৰণে সমগ্ৰ দেশতে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এক বিশেষ ঘোষণা।

দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত কোনো লোকে সমৰ্থনমূলক মন্তব্য কৰিলে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। ডঃ শৰ্মাৰ নিৰ্দেশৰ পাছতেই বৰ্তমানলৈকে অসমত গ্ৰেপ্তাৰ হৈছে পাঁচজনকৈ লোক।

শেহতীয়াকৈ দিল্লী বিস্ফোৰণৰ সন্দৰ্ভত অনলাইনত “আপত্তিজনক আৰু উদগনিমূলক” বিষয়বস্তু প্ৰচাৰ কৰাৰ অভিযোগত অসমত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্য আৰক্ষীয়ে “ঘৃণা বিয়পাবলৈ বা সন্ত্ৰাসবাদক সমৰ্থন কৰিবলৈ ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰা যিকোনো ব্যক্তিৰ বিৰুদ্ধে দ্ৰুত আৰু দৃঢ়তাৰে” কাম কৰি যাব।

এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয়, “শেহতীয়াকৈ সংঘটিত দিল্লী বিস্ফোৰণৰ সম্পৰ্কত অসম আৰক্ষীয়ে অনলাইন মাধ্যমত আপত্তিজনক আৰু উছটনিমূলক বার্তা বিয়পোৱাৰ বাবে নিম্নলিখিত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰিছে—

১. মতিউৰ ৰহমান (দৰং)
২. হাছান আলী মণ্ডল (গোৱালপাৰা)
৩. আব্দুল লতিফ (চিৰাং))
৪. ৱাজহুল কামাল (কামৰূপ)
৫. নূৰ আমিন আহমেদ (বঙাইগাঁও)

সামাজিক মাধ্যমৰ অপব্যৱহাৰ কৰি ঘৃণা বিয়পোৱা বা সন্ত্ৰাসবাদক উৎসাহ জনোৱা যিকোনো লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে দ্ৰুত আৰু দৃঢ়তাৰে ব্যৱস্থা গ্ৰহণ কৰি যাবলৈ দায়বদ্ধ।”

দিল্লী বিস্ফোৰণক ”ৰাজনৈতিক” ৰূপ দি ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত মঙলবাৰে অসমৰ কাছাৰ জিলাত এখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষক আটক কৰা হয়।

সোমবাৰে সন্ধিয়া দিল্লীৰ লালকিল্লাৰ মেট্ৰ’ ষ্টেচনৰ সমীপৰ ট্ৰেফিক চিগনেলত এখন বাহনত সংঘটিত বিস্ফোৰণত ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।